Friday, 06 November 2026
লগইন
ব্ৰেকিং

বিজয়া দশমীত জ্বলিব ৩০ ফুট ওখ পঁইতাচোৰাৰ পুত্তলিকাও

জ্বলাব পঁইতাচোৰাৰ পুত্তলিকাও

নিউজ ডেস্ক : দেশৰ ৰাজধানীত চিজেপিয়ে SIR আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হৈ তাৰ বাবে ভিন্নজন ভিন্ন যুক্তি আগবঢ়াইছে। 

আনফালে দিল্লীৰ ৰামলীলা সমিতিয়ে এইবাৰ বিজয়া দশমীৰ উদযাপনৰ সময়ত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ পুত্তলিকাৰ সৈতে এটা ৩০ ফুট ওখ পঁইতাচোৰাৰ পুত্তলিকাও দহন কৰিব বুলি জানিবলৈ দিছে ।
এই সন্দৰ্ভত দিল্লীৰ ৰামলীলা সমিতি তথা বিধায়ক অশোক গোৱেল দেৱৰাহাই কয়, এই পতংগটোক "লেতেৰা আৰু অস্বাস্থ্যকৰ" পৰিৱেশৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে । ঘৰ-দুৱাৰ, চুবুৰী আৰু সমাজৰ পৰা "লেতেৰা আঁতৰোৱাৰ প্ৰয়োজনীয়তা"ক প্ৰাধান্য দিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।

সাংবাদিকৰ আগত দেৱৰাহাই কয়, "গোটেই দেশজুৰি অতি উৎসাহেৰে বিজয়া দশমী উদযাপন কৰা হয়। ই অসত্যৰ ওপৰত সত্যৰ, বেয়াৰ ওপৰত ভালৰ আৰু অধৰ্মৰ ওপৰত ধৰ্মৰ জয়ক সূচায়। হাজাৰ হাজাৰ বছৰ ধৰি আমি ৰাৱণ, মেঘনাদ আৰু কুম্ভকৰ্ণৰ পুত্তলিকা দহন কৰি আহিছো; ই এই বাৰ্তাকে দিয়ে যে শেষত সদায় সত্যৰে জয় হয়।"

সমিতিয়ে আন এটা অতিৰিক্ত পুত্তলিকা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত সন্দৰ্ভত ব্যাখ্যা কৰি তেওঁ কয় যে দেশক প্ৰভাৱিত কৰা বিভিন্ন সমস্যাসমূহক প্ৰতিফলিত কৰিবলৈ বিগত বছৰবোৰতো অতিৰিক্ত পুত্তলিকা দহন কৰাৰ পৰম্পৰা চলি আহিছে।

তেওঁ কয়, "এই নীতিসমূহ মনত ৰাখি আমি অতীততো আমাৰ দেশক জুৰুলা কৰা বিভিন্ন সমস্যা, যেনে নক্সালবাদ বা সন্ত্ৰাসবাদক প্ৰতিনিধিত্ব কৰা পুত্তলিকা দহন কৰিছোঁ। এই বছৰ আমাৰ সমিতিয়ে কেশৱ ৰামলীলা সমিতিৰ খেলপথাৰত (NSP) লেতেৰাৰ প্ৰতীক পঁইতাচোৰাৰ এটা পুত্তলিকা দহন কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ লক্ষ্য হৈছে তিনিটা ক্ষেত্ৰৰ পৰা আৱৰ্জনা বা লেতেৰা নাইকীয়া কৰা: আমাৰ ঘৰ, আমাৰ আশে-পাশে থকা পৰিৱেশ আৰু সামগ্ৰিকভাৱে সমাজ।"
##bigupdate #newsupdate #politicalnews #CJP #delhi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।