Saturday, 07 November 2026
লগইন
ব্ৰেকিং

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংসদ পদ হেৰুৱাব নেকি ?

২৬ অক্টোবৰত ভাগ্য নিৰ্ণয় হ’ব ৰাহুলৰ

নিউজ ডেস্ক : গ্ৰেপ্তাৰ হ’ব নেকি সাংসদ ৰাহুল গান্ধী ? সাংসদ পদ খাৰিজ হব নেকি কংগ্ৰেছ নেতা ৰাহুলৰ ? কিয়নো ২৬ অক্টোবৰত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰুজু কৰা মানহানি গোচৰৰ ৰায়দান কৰিব । চুলতানপুৰৰ এখন সাংসদ/বিধায়ক (MP/MLA) আদালতে এই ৰায় দিব ।

দলীয় সূত্ৰৰ মতে, ৰায়দানৰ দিনা ৰাহুল গান্ধীয়ে বিশেষ আদালতখনত হাজিৰ হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে এই নিৰ্দেশ আহিবলগীয়া হোৱা বাবে গোচৰটোৱে ৰাজনৈতিক ৰূপ ধাৰণ কৰিছে । এই নিৰ্বাচনত কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰদল সমাজবাদী পাৰ্টীয়ে শাসকীয় বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ আশা ৰাখিছে।
এই গোচৰটো ২০১৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত বেংগালুৰুৰ এক সমাৱেশত ৰাহুল গান্ধীয়ে কৰা এটা মন্তব্যৰ সৈতে জড়িত । য'ত তেওঁ তেতিয়াৰ বিজেপিৰ সভাপতি অমিত শ্বাহক এটা হত্যাকাণ্ডৰ অভিযুক্ত বুলি উল্লেখ কৰিছিল । ২০০৫ চনৰ চোহৰাব উদ্দিন শ্বেখৰ কথিত ভুৱা এনকাউণ্টাৰ গোচৰৰ সৈতে শ্বাহৰ নাম সাঙোৰ খাই পৰিছিল, কিন্তু ২০১৪ চনত মুম্বাইৰ এখন বিশেষ চিবিআই আদালতে তেওঁক এই গোচৰৰ পৰা দোষমুক্ত কৰিছিল। চুলতানপুৰ আদালতৰ এই গোচৰটো উত্তৰ প্ৰদেশৰ এজন বিজেপি কৰ্মী বিজয় মিশ্ৰৰ অভিযোগৰ ভিত্তিত পঞ্জীয়ন কৰা হৈছিল।

চুলতানপুৰ আদালতে ২০২৩ চনৰ ২৭ নৱেম্বৰত ৰাহুল গান্ধীক চমন জাৰি কৰিছিল, কিন্তু তেওঁ ২০২৪ চনৰ ২০ ফেব্ৰুৱাৰীত হাজিৰ হৈ জামিন লাভ কৰে । প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে ২০২৪ চনৰ ২৬ জুলাইত এই গোচৰত নিজৰ ভাষ্য বাণীবদ্ধ কৰিছিল। শুনানিৰ সময়ত ৰাহুল গান্ধীয়ে স্বীকাৰ কৰিছিল যে শ্বাহৰ বিৰুদ্ধে কৰা মন্তব্যটো সৰল বিশ্বাসত কৰা হৈছিল আৰু কাৰোবাক মানহানি কৰাৰ তেওঁৰ কোনো উদ্দেশ্য নাছিল।
##bigupdate #newsupdate #congress #rahulgandhi #mp #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।