Tuesday, 24 November 2026
লগইন

মিত্ৰতাক লৈ আশাবাদী কংগ্ৰেছ, কিন্তু অখিলেশৰ দলৰ সৈতে বিচাৰে ‘সন্মানজনক’ বুজাবুজি!

মিত্ৰতাক লৈ আশাবাদী কংগ্ৰেছ!

নিউজ ডেস্ক : উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতাক লৈ আশাবাদী কংগ্ৰেছ। অৱশ্যে আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত এক ‘সন্মানজনক’ বুজাবুজি বিচাৰিছে দলটোৱে। এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ দায়িত্বত থকা ৰাজেন্দ্ৰপাল গৌতমে।

৪০৩খন আসনবিশিষ্ট উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ দুই সহযোগী দলৰ মাজত আসন ভাগ-বাটোৱাৰা অৱশেষত ক’ত গৈ থিতাপি ল’ব, তাক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে প্ৰকাশ কৰিছিল যে কংগ্ৰেছে তেওঁলোকৰ পৰা ১৮১খন আসন বিচাৰিছে। অৱশ্যে কংগ্ৰেছৰ এই দাবীত তেওঁলোকে সন্মতি প্ৰকাশ কৰিছে নে নাই, সেই সন্দৰ্ভত স্পষ্টকৈ একো জনোৱা নাই অখিলেশে।

উল্লেখ্য যে, এই সন্দৰ্ভত কংগ্ৰেছেও ধোঁৱাশা বৰ্তাই ৰাখিছে। সংবাদ প্ৰতিষ্ঠানৰ প্ৰশ্নৰ উত্তৰত এই বিষয়ত পোনপটীয়াকৈ কোনো মন্তব্য নকৰিলে ৰাজেন্দ্ৰপাল গৌতমে। তেওঁ কয়, “কোনখন আসন বিচৰা হৈছে, সেই বিষয়ে মই এতিয়াই প্ৰকাশ কৰিব বিচৰা নাই। অৱশ্যে আমি তেওঁলোকক এখন তালিকা দিছোঁ। আমি তেওঁলোকক আমাৰ স্থিতি বুজাবলৈ চেষ্টা কৰিম। একেদৰে তেওঁলোকেও নিশ্চয় আমাক বুজাবলৈ চেষ্টা কৰিব। চূড়ান্ত সিদ্ধান্ত এই আলোচনাৰ ওপৰতেই নিৰ্ভৰ কৰিব।”

কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মাজত আসন ভাগ-বাটোৱাৰাক লৈ আলোচনা অহা সপ্তাহৰ পৰাই আৰম্ভ হ’ব। অৱশ্যে নিৰ্দিষ্ট দিন-তাৰিখ স্পষ্ট নকৰিলেও ৰাজেন্দ্ৰপাল গৌতমে জনায় যে সোমবাৰে বিয়লি প্ৰথম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত প্ৰিয়ংকা গান্ধী ভদ্ৰা, কে চি বেণুগোপালকে ধৰি কংগ্ৰেছৰ আন নেতাসকলো উপস্থিত থাকিব পাৰে।

তথ্য অনুসৰি, ইয়াৰ পূৰ্বে ২০১৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতা কৰি ১০৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছে। কিন্তু মাত্ৰ ৭খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল দলটো। আনহাতে, অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিয়ে লাভ কৰিছিল ৪৭খন আসন। এই নিৰ্বাচনী বিপৰ্যয়ৰ পিছতে দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ সম্পৰ্ক বিচ্ছিন্ন হৈছিল।

ইয়াৰ পিছত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মায়াৱতীৰ বহুজন সমাজ পাৰ্টিৰ সৈতে আসন ভাগ-বাটোৱাৰা কৰিও অখিলেশ যাদৱৰ দলৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হোৱা নাছিল। আনহাতে, ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অকলেই ৩৯৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ দুখন আসনত জয়লাভ কৰিছিল। ইয়াৰ বিপৰীতে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিয়ে ৩৪৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১১১খন আসনত জয়লাভ কৰিছিল।

কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মিত্ৰতা কৰি ভাল ফলাফল লাভ কৰিছিল সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে। বিজেপিক পিছ পেলাই উত্তৰ প্ৰদেশত এক নম্বৰ স্থান দখল কৰিছিল অখিলেশ যাদৱৰ দলে। ৰাজ্যখনৰ ৮০খন লোকসভা আসনৰ ভিতৰত ৪৩খন আসনত জয়লাভ কৰিছিল এছপি-কংগ্ৰেছ মিত্ৰজোঁটে।

অৱশ্যে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অংশীদাৰ দল দুটাৰ মাজত মতানৈক্যৰ অন্তঃস্ৰোত উত্তৰ প্ৰদেশতো আছে। বিজেপিৰ বিৰুদ্ধে যুঁজত কোনটো দল অধিক শক্তিশালী— কংগ্ৰেছ নে সমাজবাদী পাৰ্টি, সেই লৈ বিভিন্ন সময়ত ৰাজ্যখনৰ ৰাজনৈতিক মহলত চৰ্চা চলি আহিছে।

শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ সাংসদ ইক্ৰা হাছানে মন্তব্য কৰিছিল যে অখিলেশ যাদৱেহে বিজেপিক পৰাস্ত কৰিব পাৰে। কংগ্ৰেছে অকলেই বিশেষ একো কৰিব নোৱাৰিব। সেয়েহে ৰাহুল গান্ধীৰ দলক ৪০খনতকৈ অধিক আসন এৰি দিয়াৰ কোনো প্ৰয়োজন নাই।

এনে পৰিস্থিতিত কংগ্ৰেছে জানো যিকোনো মূল্যৰ বিনিময়ত অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতা কৰিবলৈ সন্মত হ’ব?

এই প্ৰশ্নৰ উত্তৰত ৰাজেন্দ্ৰপাল গৌতমে কয়, “বিষয়টো একেবাৰেই তেনেকুৱা নহয়। আসন ভাগ-বাটোৱাৰাৰ বুজাবুজি যেনেকুৱাই নহওক কিয়, সেয়া সন্মানজনক হ’ব লাগিব। পূৰ্বতে আমি দুৰ্বল অৱস্থাত আছিলোঁ। কিন্তু এতিয়া আৰু দুৰ্বল নহয়। বৰ্তমান আমাৰ দলত দেশৰ শ্ৰেষ্ঠ নেতা আছে। আন যিকোনো দলৰ তুলনাত আমিয়েই বিজেপিৰ বিৰুদ্ধে আটাইতকৈ ভালদৰে যুঁজ দিব পাৰিম।”
##bigupdate #newsupdate #congress #samajwadiparty #rahulgandhi #akhileshyadav #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।