Tuesday, 24 November 2026
লগইন
ব্ৰেকিং

জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ সিদ্ধান্তক লৈ উত্তপ্ত COP31ৰ সন্মিলনত, চুক্তি নোহোৱাকৈ COP31ৰ সন্মিলনৰ সামৰণি

উত্তপ্ত COP31ৰ সন্মিলন, নহ’ল কোনো চুক্তি

নিউজ ডেস্ক: দেওবাৰে সমাপ্ত হ’ল ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক জলবায়ু সন্মিলন COP31ৰ । কিন্তু বিশ্ববাসীয়ে জলবায়ু পৰিৱৰ্তনক লৈ COP31ৰ সন্মিলনত বিশেষ চুক্তিৰ সম্ভাৱনা আছিল । সেই আশা নিৰ্বাপিত কৰি দেওবাৰে কোনো চুক্তি নোহোৱাকৈ COP31ৰ সন্মিলনৰ সামৰণি পৰে।

 COP31 সন্মিলনত বিশেষকৈ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সন্দৰ্ভত বিশেষ সিদ্ধান্ত লোৱাৰ কথা আছিল । কিন্তু প্ৰস্তাৱিত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সন্দৰ্ভত দ্বিমত থকাৰ বাবে তীব্ৰ মতানৈক্যৰ সৃষ্টি হয় । কেইবাদিনো ধৰি চলা বিতৰ্কিৰ বাবে কোনো সৰ্বসন্মতি গ্ৰহণ কৰিব নোৱাৰাকৈ আলোচনা বিফল হয় ।

তুৰস্কৰ আন্তালিয়াত প্ৰায় ২০০খন দেশৰ প্ৰতিনিধি দলৰ মাজত দুসপ্তাহ ধৰি চলা আলোচনাৰ অন্তত এই অচলাৱস্থাৰ সৃষ্টি হয় । তেওঁলোকৰ বিতৰ্ক নিৰ্ধাৰিত সময়তকৈ অধিক সময় ধৰি চলে আৰু ই ইতিহাসৰ আটাইতকৈ দীঘলীয়া COP সন্মিলন হিচাপে পৰিগণিত হৈছিল । 

ৰাষ্ট্ৰসংঘৰ বিষয়া আৰু বহু বিজ্ঞানীয়ে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ গতিপথ নিৰ্ধাৰণৰ ক্ষেত্ৰত এই মুহূৰ্তটোক অতি নিৰ্ণায়ক বুলি অভিহিত কৰিছিল । আনহাতে, ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে (António Guterres) দেওবাৰে এক বিবৃতিত কয় যে সন্মিলনৰ এই ফলাফলক লৈ হতাশ হৈছে ।

তেওঁ কয়, "জলবায়ু সংকটে দাবী কৰা মুহূৰ্তত চৰকাৰসমূহে সঠিক পদক্ষেপ ল'ব বুলি আশা কৰা সকলো লোকৰ গভীৰ হতাশাৰ মই সমভাগী। কিন্তু এই বিফলতাই বাস্তৱ সত্যক সলনি নকৰে। আলোচনা কক্ষত হয়তো সহমত নাথাকিব পাৰে, কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত কোনো অস্পষ্টতা নাই।"

ট্ৰাম্প প্ৰশাসনে ২০১৫ চনৰ পেৰিছ চুক্তিৰ পৰা আঁতৰি অহাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই একেৰাহে দ্বিতীয় বছৰৰ বাবে এই জলবায়ু সন্মিলনলৈ কোনো প্ৰতিনিধি প্ৰেৰণ কৰা নাছিল। উক্ত চুক্তিখনে গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বজুৰি আলোচনাৰ বিষয় হৈ পৰিছে ।

##COP31 #COP31 climate talks #fossil fuels row

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।