নিউজ ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০২৬ চনৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ ঐতিহাসিক জয় লাভ কৰিছে, সেয়া আপুনিও জানে । ভিন্ন সংবাদমাধ্যমৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত ডেম’ক্ৰেটসকলে কমেও ২৫৮ খন আসন নিশ্চিত কৰিছে ।
ইয়াৰ পূৰ্বে ১৯৯২ চনত বিল ক্লিণ্টনৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত লাভ কৰা সৰ্ববৃহৎ সংখ্যাগৰিষ্ঠতাৰ অভিলেখ স্পৰ্শ কৰিছে । একেদৰে ২০০৮ চনত বাৰাক ওবামাৰ নিৰ্বাচনৰ সময়ত লাভ কৰা ২৫৭ খন আসনৰ অভিলেখ ইতিমধ্যে ভংগ কৰিছে ।
ইফালে নিৰ্বাচনত ডেম’ক্ৰেটসকলে মুঠ ৪৪ খন নতুন আসন নিজৰ দখললৈ আনিছে । যিটো ২০১৮ চনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম কাৰ্যকালৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনত লাভ কৰা ৪০ খন আসনতকৈও অধিক । আনহাতে, বিৰোধী পক্ষত ৰিপাব্লিকান পাৰ্টিয়ে এতিয়ালৈকে ১৭৩ খন আসন লাভ কৰিছে ।
হাউছৰ চাৰিখন আসনৰ ফলাফল এতিয়াও চূড়ান্ত হ’বলৈ বাকী থকাৰ বাবে ডেম’ক্ৰেটসকলৰ ওচৰত ১৯৯২ চনৰ ২৫৮ খন আসনৰ অভিলেখ অতিক্ৰম কৰাৰ পূৰ্ণ সুযোগ আছে । ইয়াৰে এখন আসন মিনেছ’টাত, এখন টেনেছিত আৰু লুইজিয়ানাৰ দুখন আসনত অহা ডিচেম্বৰ মাহত পুনৰ ভোটগ্ৰহণ (runoff) অনুষ্ঠিত হ’ব । ইয়াৰ এখনত জয়ী হ’লেই বিল ক্লিণ্টনৰ দিনৰ অভিলেখ ভংগ হ’ব।
নিম্ন সদন উপৰিও ১০০ জনীয়া উচ্চ সদন চেনেটতো (Senate) ডেম’ক্ৰেটসকলে ৫৬ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । অহা ২০২৭ চনৰ জানুৱাৰী মাহত নতুন কংগ্ৰেছৰ অধিৱেশন আৰম্ভ হ’লে সংসদৰ দুয়োটা সদন ডেম’ক্ৰেটসকলৰ নিয়ন্ত্ৰণত থাকিব ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।