উল্লেখযোগ্য যে, ১৬ দিন পূৰ্বে, অৰ্থাৎ যোৱা ৬ নৱেম্বৰতো একেটা স্থানতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত কালিমা সনা হৈছিল। ছবিখনৰ কাষতে আঁৰি থোৱা দুটা পোষ্টাৰৰ শিৰোনামত লিখা আছিল ‘ঢাকা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বিৰোধিতা’। সেই সময়ত কবিগুৰুৰ দেৱালচিত্ৰত কালিমা সনা ঘটনাক লৈ সাংস্কৃতিক জগতৰ বহু লোকে ক্ষোভ প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে সেই একেটা স্থানতে নতুনকৈ ৰবীন্দ্ৰনাথৰ ছবি অংকন কৰা হৈছিল। এইবাৰ সেই নতুন ছবিখনতো কালিমা সনা হ’ল।
তথ্য অনুসৰি, বাংলাদেশৰ যশোৰ ৰোডৰ কাষত থকা ৰে’ল ষ্টেচনৰ দেৱালত ৰবীন্দ্ৰনাথ ঠাকুৰৰ উপৰি কাজী নজৰুল ইছলাম, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰয়াত বিএনপি নেত্ৰী খালেদা জিয়া, দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান, মাইকেল মধুসূদন দত্ত আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ প্ৰতিচ্ছবিও অংকিত হৈ আছে। ইয়াৰ উপৰি বাংলাদেশৰ ষাঠগম্বুজ মছজিদ, পাটশিল্প আৰু সুন্দৰবনৰ ছবিও দেৱালখনত স্থান পাইছে।
চিত্ৰশিল্পী এছ এম ছুলতান আৰু নজৰুল ইছলামৰ প্ৰতিচ্ছবিৰ ঠিক মাজতে আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছবিখন। কিন্তু দেৱালৰ আন ছবিসমূহ অক্ষত অৱস্থাত থাকিলেও কেৱল ৰবীন্দ্ৰনাথৰ প্ৰতিচ্ছবিখনতেই কালিমা সনা হৈছে।
এই ঘটনা সন্দৰ্ভত খুলনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লোকমান হুছেইনে বাংলাদেশৰ এখন সংবাদপত্ৰক কয়, “সম্ভৱতঃ শনিবাৰে নিশা এই ঘটনা সংঘটিত হৈছে। দেওবাৰে দুপৰীয়া ১২ বজাত বিষয়টো অৱগত হোৱাৰ পিছতে সেই স্থানলৈ আৰক্ষী প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত কালিমা সনা ঘটনাৰ ক্ষেত্ৰতো কোনো চিচিটিভি কেমেৰাৰ ফুটেজ পোৱা হোৱা নাছিল।”
“আৰক্ষীয়ে নিজৰ ধৰণেৰে বিষয়টো তদন্ত কৰিছে। পূৰ্বৰ ঘটনাটোৰ সৈতে এইবাৰৰ ঘটনাৰ কোনো সম্পৰ্ক আছে নেকি, সেই বিষয়টোও পৰীক্ষা কৰি থকা হৈছে।”
উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১০ অক্টোবৰত ঢাকাৰ ছেগুনবাগিচাত শিল্পকলা একাডেমীৰ সন্মুখৰ দেৱালত থকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত চূণ-কালি সনাৰ অভিযোগত আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।