নিউজ ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি কলে বিশ্বৰ প্ৰায়সংখ্যক দেশে সন্মান কৰে । বন্ধুত্ব গঢ়ি তুলিব বাচাৰে, কূটনৈতিক সম্বন্ধ ধৰি ৰখাৰ চেষ্টা কৰে । বিশেষকৈ ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছতে টেস্ক, ব্যৱসীয় চুক্তি বাতিলৰ ভাবুকিৰে বিশ্বৰ অৰ্থনীতি ব্যাপক পৰিৱৰ্তন কৰা দেখা গৈছে ।
তেনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱক প্ৰত্যাখান কৰিলে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে । ট্ৰাম্পৰ প্ৰস্তাৱক তাক কোনো গুৰুত্ব নিদি বৰঞ্চ উত্তৰ কোৰিয়াই নিজৰ দেশৰ স্বাধীনতা আৰু নিৰাপত্তা অটুট ৰাখি আন দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আগবঢ়াই নিব, আমেৰিকাৰ সৈতে নহয় ।
খবৰ অনুসৰি, ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ নতুন ৰাষ্ট্ৰদূতক আদৰণি জনাবলৈ আয়োজিত এক অনুষ্ঠানত কিম জং উন নিজেই উপস্থিত থাকে । সাধাৰণতে এনে অনুষ্ঠানত দেশখনৰ আন বিষয়াহে থাকে, কিন্তু এইবাৰ নিয়ম সলনি কৰি কিমে নিজেই ৰাষ্ট্ৰদূতসকলক সাক্ষাৎ কৰে।
তাত কিমে কয় যে বৰ্তমান বিশ্বত যথেষ্ট অস্থিৰতা চলি আছে। এনে সময়ত উত্তৰ কোৰিয়াই কাৰো ওপৰত আধিপত্য চলাব নিবিচাৰে, মাথোঁ নিজৰ দেশৰ সুৰক্ষা আৰু স্বাধীনতা ৰক্ষা কৰি আন দেশৰ সৈতে ভাল সম্পৰ্ক গঢ়িব বিচাৰে।
ইফালে যোৱা সপ্তাহত এখন SCO সন্মিলনৰ বাবে চীনলৈ অহাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কিম জং উনক লগ
কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু উত্তৰ কোৰিয়াৰ ফালৰ পৰা কোনো উত্তৰ নাহিল । অৱশেষত যোৱা বৃহস্পতিবাৰে কিমক লগ নকৰাকৈয়ে ট্ৰাম্প আমেৰিকালৈ উভতি যায়।
খবৰ মতে, ট্ৰাম্পে যোৱা বছৰৰ পৰাই ফোন আৰু চিঠিৰে কিমৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু উত্তৰ কোৰিয়াই সেই চিঠিবোৰ নুখোলাকৈয়ে ঘূৰাই পঠিয়াইছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।