নিউজ ডেস্ক : নাগপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰ ভাড়া লৈ এজন ব্যক্তিয়ে চলাই আছিল জাল নোটৰ কাৰবাৰ। তাৰ পিছত হঠাতে এদিন সেই ব্যক্তিজন সন্ধানহীন হৈ পৰে। বহু দিন ধৰি ব্যক্তিজনৰ কোনো শুংসুত্ৰ নোলোৱাত ঘৰৰ মালিকে তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। তেতিয়াই তেওঁৰ চকুৰ সন্মুখত ধৰা পৰে এই ভয়ংকৰ কাণ্ড।
অভিযুক্তৰ নাম পুষ্পককৃষ্ণ ভাণ্ডাৰকাৰ, ওৰফে বেন্দানে। নাগপুৰৰ ত্ৰিমূৰ্তি নগৰৰ বাসিন্দা এই ব্যক্তিজন বৰ্তমান পলাতক। সূত্ৰৰ খবৰ অনুসৰি, পুষ্পকে প্ৰায় ডেৰ বছৰ পূৰ্বে খাৰবি অঞ্চলত এই ঘৰটো ভাড়াত লৈছিল। ঘৰৰ মালিকৰ অভিযোগ যে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ ভাড়া দিয়া বন্ধ কৰি দিছিল। তেওঁক ঘৰটো এৰি দিবলৈ কওঁতে ঘৰৰ মালিকক ছুৰী দেখুৱাই ভাবুকিও প্ৰদান কৰে। এই ঘটনাৰ পিছত ৱাথদা থানাত এজাহাৰ দাখিল কৰা বুলি ঘৰৰ মালিকে দাবী কৰে।
তাৰ পিছৰ পৰা কিছুদিন পাৰ হৈ যোৱাৰ পিছতো কোঠাটোত আৰু ভৰি দিয়া নাছিল পুষ্পকে। শনিবাৰে তলা ভাঙি কোঠাটোত সোমায় ঘৰৰ মালিকে। তাতেই তেওঁৰ চকু কপালত উঠে। এটা বাল্টিৰ ভিতৰত থোৱা ৫০০ টকীয়া নোটৰ কেইবাটাও বাণ্ডিল। মজিয়াত সিঁচৰতি হৈ থকা ছপা কাগজ। এটা চুকত ছপা কৰা মেচিন। পৰিস্থিতি বিষম যেন দেখি তেওঁ ক্ষিপ্ৰতাৰে আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়। তাৰ পিছতে টকা গণিব পৰা যন্ত্ৰ অনা হয়। প্ৰাথমিক তদন্ত অনুসৰি মুঠ ৩৭ লাখ টকাৰ জাল নোট জব্দ কৰা হৈছে। ইয়াৰ উপৰিও কিছুমান আধৰুৱা জাল নোট আৰু ছপা কৰা সামগ্ৰী উদ্ধাৰ কৰা হৈছে। সৰ্বমুঠ ৪৮ লাখ টকাৰ সামগ্ৰী জব্দ কৰা হৈছে।
বৰ্তমান আৰক্ষীয়ে পুষ্পকক বিচাৰি সন্ধান অব্যাহত ৰাখিছে। তেওঁৰ সৈতে যোগাযোগ কৰাত তদন্তকাৰীসকলে তেওঁ মুম্বাইত আছে তথ্য লাভ কৰে। তদন্তকাৰীসকলৰ দাবী, পুষ্পকক গ্ৰেপ্তাৰ কৰিবলৈ অতি সোনকালে আৰক্ষীৰ এটা দল মুম্বাই অভিমুখে ৰাওনা হ’ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।