Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত নিজৰ যোগ্যতা প্ৰমাণ ক্ৰিকেটাৰ নমন ধীৰৰ

আক্ৰমণাত্মক আৰু মিতব্যয়ী বলিং শৈলীৰে দৃষ্টি আকৰ্ষণ!

নিউজ ডেস্ক: T20 ক্ৰিকেটত নিজৰ ভূমিকা স্পষ্ট হোৱাটো (অত্যন্ত গুৰুত্বপূৰ্ণ, বিশেষকৈ যেতিয়া আপুনি এটা নতুন দল বা পৰিৱেশত প্ৰৱেশ কৰে। তেনে সময়ত মানুহজনে ভয় খাব পাৰে বা খেলিমেলি অনুভৱ কৰিব পাৰে, কিন্তু নিজৰ পৰা দলটোৱে কি আশা কৰিছে সেইটো স্পষ্টকৈ জানিলে কথাবোৰ অলপ সহজ হৈ পৰে।

উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন মেচত ভাৰতৰ হৈ T20 আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা নমন ধীৰক দলৰ পৰিচালনা সমিতিয়ে তেওঁ কি কৰাটো বিচাৰে, সেই বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰে। অধিনায়ক শ্ৰেয়স আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে তেওঁক এজন 'ফিনিচাৰ'ৰ ভূমিকা পালন কৰা আৰু প্ৰতিখন মেচতে দুইৰ পৰা তিনি অভাৰ বলিং কৰাৰ দায়িত্ব প্ৰদান কৰে।

গৌতম গম্ভীৰে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই ভাৰতীয় ক্ৰিকেট দলত বহুমুখী ক্ৰিকেটাৰত অন্তৰ্ভুক্ত কৰাৰ এক বিশেষ প্ৰৱণতা দেখা গৈছে। মেনেজমেণ্টে এনে খেলুৱৈ বিচাৰিছে যিয়ে বেটিং আৰু বলিং দুয়োটাতে অৱদান আগবঢ়াব পাৰে। হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত, দলে ইতিমধ্যে শিৱম ডুবে, নমন ধীৰ আৰু নীতিশ কুমাৰ ৰেড্ডীৰ দৰে খেলুৱৈসকলক নিজৰ অৰ্হতা প্ৰমাণ কৰাৰ সুযোগ দিছে।

“মোৰ ভূমিকাৰ কথা ক’বলৈ গ’লে, প্ৰশিক্ষক আৰু অধিনায়কে মোক কৈছে যে, পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি মই ছয় বা সাত নম্বৰ স্থানত বেটিং কৰিম, গতিকে সেই ভূমিকাটো নমনীয় । আনহাতে বলিঙৰ ক্ষেত্ৰত, যেতিয়াই দলক প্ৰয়োজন হয়, তেতিয়াই কম ৰান দি দুই বা তিনি অভাৰ বলিং কৰাটোৱেই হৈছে মোৰ দায়িত্ব।", এইদৰে নমনে উল্লেখ কৰে।

কিহৰ বাবে অলৰাউণ্ডাৰ নমন এগৰাকী স্পীন বলাৰ হিচাপে পৰিচিত?

এজন অফ-স্পিনাৰ হিচাপে, নমনে কেতিয়াও ব্যতিক্ৰমী একো কৰিবলৈ চেষ্টা নকৰে, কাৰণ শেহতীয়া খেলসমূহে দেখুৱাইছে যে, তেওঁ কেৱল নিজৰ লাইন আৰু লেংথৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰে আৰু বলৰ গতিৰ তাৰতম্য ঘটোৱাত চকু ৰাখে। পঞ্জাৱৰ এই খেলুৱৈজনে এক ডাঙৰ মনৰ পৰিচয় দিছে, বিশেষকৈ যেতিয়া ৱিণ্ডিজৰ বেটাৰসকলে ধুমুহা বেটিঙেৰে আক্ৰমণ চলাইছে, তেতিয়া তেওঁ কঠিন অভাৰবোৰত বলিং কৰিছে।

নমনে কয়, “T20 ক্ৰিকেটত কোৱাৰ দৰে, এটা আক্ৰমণাত্মক বিকল্পও এক প্ৰতিৰক্ষামূলক বিকল্প হ’ব পাৰে কাৰণ উইকেট লোৱাতকৈ ভাল একো হ’ব নোৱাৰে। এজন বেটাৰ হোৱাটোৱে সহায় কৰে কাৰণ আপুনি বেটাৰজনৰ স্থিতি , তেওঁৰ বেকলিফ্ট ক’ৰ পৰা আহিছে, তেওঁৰ গাৰ্ড আৰু তেওঁ কেনেধৰণৰ শ্বট খেলিব পাৰে সেইয়া বুজি পায়। মই যেতিয়া বলিং কৰোঁ তেতিয়া এই কথাবোৰ নিৰীক্ষণ কৰি থাকোঁ।”

তথ্য অনুসৰি, তৃত্বীয়খন T20 মেচত, ৱেষ্ট ইণ্ডিজৰ অপেনাৰ বেটছমেন কামিল পুৰাণে নমনৰ অভাৰত তিনিটা ছিক্সাৰ কোবাইছিল, কিন্তু ভাৰতীয় স্পিনাৰগৰাকীয়েহে শেষ হাঁহি মাৰিলে। অভাৰটোৰ অন্তিমটো বলত তেওঁ পুৰাণক আউট কৰে, যাৰ ফলত খেলখনত ভাৰতৰ স্থিতি অধিক মজবুত হৈ পৰে।

ইয়াৰোপৰি নমনে কয়,"মই তিনিটা ছক্কা খাই তাৰ পিছত এটা উইকেট লোৱাৰ কোনো পৰিকল্পনা কৰা নাছিলো। উদাহৰণস্বৰূপ, যেতিয়া কামিল পুৰানে বেটিং কৰি আছিল, তেওঁ প্ৰতিটো শ্বট লেগ ছাইডৰ ফালে খেলি নিজৰ হাত মেলি খেলিবলৈ জাগা বিচাৰিছিল, গতিকে মই তেওঁক ৰূম নিদি হেঁচা দি ৰাখিব বিচাৰিছিলো। মই প্ৰথম দুটা বলত কেইটামান ভুল কৰি পেলাইছিলো।"

"মই জানিছিলো যে, মই মোৰ তৃতীয়টো অভাৰ কৰি আছোঁ, বেটাৰজন ক্ৰীজত ছেট আছিল আৰু ৰান ৰেট বেছি থকাৰ বাবে তেওঁ সুযোগ ল’বলৈ বাধ্য আছিল। আৰু অৱশেষত, মই তেওঁক যিধৰণৰ শ্বট খেলাব বিচাৰিছিলো ঠিক তেনেধৰণৰ শ্বট খেলিয়েই তেওঁ আউট হ’ল আৰু স্কোৱাৰ-লেগত কেচ আউট হ’ল।"
##bigupdate #newsupdate #sportsnews #namandhir #t20 #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।