অনুৰাগীসকলৰ বাবে 'Ask Me Anything' অনুষ্ঠানৰ আয়োজন কৰিছিল শচীন তেণ্ডুলকাৰে। তাতেই এজন অনুৰাগীয়ে তেওঁক প্ৰশ্ন কৰে, "মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱ সূৰ্যবংশীক নেতৃত্বৰ দায়িত্ব দিয়াৰ সন্দৰ্ভত আপুনি কি ক'ব?" শচীনে লিখে, "মোৰ ধাৰণা, বহুত সোনকালে তেওঁক দুলীপ ট্ৰফীত সহ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। প্ৰথমে তাক ৰঙা বলত আৰু অধিক মেচ খেলিবলৈ দিয়া উচিত। তাৰ পিছতহে এখোজ দুখোজকৈ আগবাঢ়িব লাগে!"
উল্লেখ্য যে, দুলীপ ট্ৰফীত পূৰ্বাঞ্চলৰ অধিনায়ক আছিল ঈশান কিষাণ। সহ-অধিনায়ক আছিল বৈভৱ। মেচখনত কেইবাবাৰো ঈশান পথাৰৰ (ফিল্ড) পৰা ওলাই গৈছিল। সেই সময়ছোৱাত বৈভৱে নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বক লৈ যে খুব বেছি প্ৰশ্ন উত্থাপন হৈছে তেনে নহয়। অৱশ্যে শচীনৰ ধাৰণা যে, সময় দিলে বৈভৱে আৰু অধিক পৰিপক্ক সিদ্ধান্ত ল’বলৈ শিকিব।
নিউজিলেণ্ডৰ বিৰুদ্ধে T-20 শৃংখলাৰ পিছত প্ৰশিক্ষক গৌতম গম্ভীৰে কয়, "প্ৰথমতে, সকলোকে সুখী কৰাটো মোৰ কাম নহয়। মোৰ কাম হৈছে সঠিক সিদ্ধান্ত লোৱা। সেইটো জনপ্ৰিয় সিদ্ধান্ত নহ'বও পাৰে। সেইবাবেই মই ইয়াত আছোঁ। জনপ্ৰিয় সিদ্ধান্ত লোৱাটো অতি সহজ। কিন্তু মোৰ বাবে গুৰুত্বপূৰ্ণ হৈছে, সঠিক সিদ্ধান্ত লোৱা আৰু ড্ৰেছিং ৰুমৰ ভিতৰৰ নিৰাপত্তা নিশ্চিত কৰা। কাৰণ, আপোনাৰ কথা ঠিকে। আমাৰ সাজঘৰত প্ৰচুৰ প্ৰতিভা আছে। মই আকৌ কৈছোঁ, আমাৰ কেইজনমান ক্ৰিকেটাৰে দীৰ্ঘদিন ধৰি সুন্দৰ প্ৰদৰ্শন কৰি আহিছে। স্বাভাৱিকতে তেওঁলোকে অধিক সুযোগ পোৱা উচিত। আমি বিষয়টোক ঠিক এইদৰেই নিৰীক্ষণ কৰিছোঁ।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।