Saturday, 21 November 2026
লগইন
ব্ৰেকিং

জম্মু-কাশ্মীৰৰ কুলগাম CRPFলৈ লক্ষ্য কৰি গুলীচালনা সন্ত্ৰাসবাদীৰ, এজন নিহত-তিনিজন আহত

CRPFলৈ লক্ষ্য কৰি গুলীচালনা সন্ত্ৰাসবাদীৰ

নিউজ ডেস্ক : জম্মু-কাশ্মীৰৰ কুলগাম জিলাত বুধবাৰে মটৰচাইকেলত অহা দুৰ্বৃত্তই চি আৰ পি এফৰ এটা নিৰাপত্তা তালাচী চকীত গুলীচালনা কৰাৰ ফলত এজন জোৱান নিহত হোৱাৰ লগতে তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ জোৱান আহত হয়। আহত জোৱানকেইজনক হেড কনিষ্টবল সোমবীৰ সিং আৰু কনিষ্টবল ৰাকেশ দাস তথা সন্তোষ চন্দ্ৰু বুলি চিনাক্ত কৰা হৈছে। আহত ৰাকেশ দাসৰ ঘৰ অসমত বুলি জানিব পৰা গৈছে ।

চি আৰ পি এফৰ সূত্ৰ অনুসৰি, আহত তিনিজন জোৱানৰ ভিতৰত দুজনৰ আঘাত সামান্য। আনহাতে, তৃতীয়জন জোৱানৰ অৱস্থা কিছু সংকটজনক বুলি জানিব পৰা গৈছে। গুলীচালনাৰ পিছতে আটাইকেইজনকে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।

প্ৰাপ্ত তথ্য অনুসৰি, মটৰচাইকেলত অহা আক্ৰমণকাৰীকেইজনে তালাচী চকীত কৰ্তব্যৰত চি আৰ পি এফৰ জোৱানসকলক লক্ষ্য কৰি গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উক্ত তালাচী চকীটো ৰাষ্ট্ৰীয় ঘাইপথৰ (NH) পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত অৱস্থিত।

ঘটনাটো নিশ্চিত কৰি চি আৰ পি এফৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে গুলীচালনাত তিনিজন জোৱান আহত হৈছে। আক্ৰমণৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে বুলিও বিষয়াগৰাকীয়ে সদৰী কৰে। লগতে আহত জোৱানসকলক সম্ভৱপৰ সকলো উন্নত চিকিৎসা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইফালে, ঘটনাৰ পিছতে আক্ৰমণকাৰীক বিচাৰি নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তাৰক্ষীয়ে গুলীচালনাৰ ঘটনাত জড়িত লোকসকলক চিনাক্ত আৰু গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।
##bigupdate #newsupdate #jammukashmir #crpf #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।