Thursday, 05 November 2026
লগইন
ব্ৰেকিং

সাগৰীয় ঘূৰ্ণীবতাহ অৰ্ণৱৰ বাবে সাজু হৈছে দুই ৰাজ্য চৰকাৰ, ধৰাসাৰ বৰষুণৰ সম্ভাৱনা

‘অৰ্ণৱ’ৰ বাবে সাজু প্ৰশাসন

নিউজ ডেস্ক : বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ বাবে সতৰ্কতা জাৰি অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ চৰকাৰৰ । ঘূৰ্ণীবতাহৰ ফলত প্ৰবল বৰষুণ আৰম্ব হৈছে দুই ৰাজ্যত । যাৰ বাবে ইয়াৰ সাম্ভাব্য গতিপথত থকা ৰাজ্যসমূহে আগতীয়াকৈ প্ৰস্তুতি চলোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ ভাৰতৰ পূব উপকূলৰ ফালে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশে ইয়াৰ সাম্ভাব্য প্ৰভাৱ চম্ভালিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ ক্ষিপ্ৰতৰ কৰি তুলিছে ।

ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে (IMD) পূৰ্বাভাস দিছে যে, ২৬ অক্টোবৰত পশ্চিম-কেন্দ্ৰীয় বংগোপসাগৰত ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হ’ব আৰু ২৮ অক্টোবৰৰ পুৱাৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ উপকূলৰ ফালে গতি কৰিব। ওড়িশাই ক্ষয়-ক্ষতি ৰোধ কৰিবলৈ নিজৰ প্ৰস্তুতি শক্তিশালী কৰি তোলাৰ বিপৰীতে, অন্ধ্ৰপ্ৰদেশে বিদ্যুৎ সংস্থাসমূহক নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ।

‘অৰ্ণৱ’ নামটো বাংলাদেশে প্ৰস্তাৱ কৰিছিল আৰু ইয়াক বিশ্ব বতৰ বিজ্ঞান সংস্থা (WMO) তথা ৰাষ্ট্ৰসংঘৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক আৰু সামাজিক আয়োগ (ESCAP)ৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহ পেনেলৰ দ্বাৰা ২০২০ চনৰ এপ্ৰিল মাহত গ্ৰহণ কৰা ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ নামৰ চৰকাৰী তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
##bigupdate #newsupdate #weatherupdate #typhoon #andhrapradeshgovernment #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।