Thursday, 05 November 2026
লগইন
ব্ৰেকিং

অন্ধ্ৰ উপকূলত ঘূৰ্ণীবতাহ অৰ্ণৱৰ ‘লেণ্ডফল’! কেইবাখনো জিলাত পৰিছে প্ৰভাৱ

ঘূৰ্ণীবতাহ অৰ্ণৱৰ ‘লেণ্ডফল’ আৰম্ভ!

নিউজ ডেস্ক: মাজনিশা অন্ধ্ৰ উপকূলত খুন্দা মাৰে ঘূৰ্ণীবতাহ অৰ্ণৱে। প্ৰচণ্ড ৰূপত চলিছে ঘূৰ্ণীবতাহটোৰ ‘লেণ্ডফল’ প্ৰক্ৰিয়া। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, মঙলবাৰে নিশা ১ বাজি ২০ মিনিটত ঘূৰ্ণীবতাহটোৱে উপকূলত খুন্দা মৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ ওচৰত পুডুচেৰীৰ ইয়ানামৰ সমীপত আৰম্ভ হয় ‘লেণ্ডফল’ প্ৰক্ৰিয়া। ঘণ্টাত ১২৫ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে বলিছে ধুমুহা।

বতৰ বিজ্ঞান বিভাগে বুলেটিন প্ৰকাশ কৰি অৱগত কৰে যে, নিশা ১ বাজি ২০ মিনিটত ঘূৰ্ণীবতাহ অৰ্ণৱৰ স্থলভাগত প্ৰৱেশৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ঘূৰ্ণীবতাহটোৰ কেন্দ্ৰস্থল অন্ধ্ৰপ্ৰদেশৰ বাপটলা আৰু বিশাখাপট্টনমৰ মাজৰ উপকূলীয় অঞ্চল আৰু ইয়ানামৰ দক্ষিণৰ সমীপত অৱস্থিত। সেই সময়ত ধুমুহাৰ গতিবেগ আছিল ঘণ্টাত ১২৫ৰ পৰা ১৩৫ কিলোমিটাৰ। সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১৫০ কিলোমিটাৰ। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ প্ৰায় চাৰি ঘণ্টা সময় লাগিব বুলি সদৰী কৰে বতৰ বিজ্ঞান বিভাগে।

‘লেণ্ডফল’ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে অন্ধ্ৰপ্ৰদেশত ঘূৰ্ণীবতাহৰ তাণ্ডৱ অধিক বৃদ্ধি পাইছে। জাৰি কৰা হৈছে উচ্চ সতৰ্কতা। অন্ধ্ৰপ্ৰদেশ, ইয়ানাম আৰু দক্ষিণ ওড়িশাৰ কিছু কিছু অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছে। বাঢ়িছে ধুমুহাৰ বেগো। কেইবাটাও স্থানত বিদ্যুৎ সেৱা ব্যাহত হৈছে।

ঘূৰ্ণীবতাহ অৰ্ণৱৰ প্ৰভাৱত ইয়ানামৰ সমীপত ২১৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কেইবাটাও গছ উভালি পৰিছে। প্ৰচণ্ড ধুমুহাৰ ফলত গছকেইডালৰ ক্ষতিসাধন হৈছে। দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে পথৰ মাজৰ পৰা গছসমূহ আঁতৰোৱাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

তথ্য অনুসৰি, ঘূৰ্ণীবতাহৰ ফলত অন্ধ্ৰপ্ৰদেশৰ তিনিটা বিমানবন্দৰত বিমান সেৱা স্থগিত ৰখা হৈছে। বাতিল কৰা হৈছে কেইবাখনো বিমান। ইয়াৰ লগতে ৰে’ল সেৱাও বাতিল কৰা হৈছে।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে জনায় যে, ঘূৰ্ণীবতাহৰ ফলত যাতে কোনো লোকৰ ক্ষতি নহয়, তাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। প্ৰায় দুহাজাৰৰো অধিক আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইতিমধ্যে উপকূলীয় অঞ্চলৰ পৰা বহু লোকক স্থানান্তৰ কৰি এই আশ্ৰয় শিবিৰসমূহত নিৰাপদে থকাৰ ব্যৱস্থা কৰা হৈছে। গৰ্ভৱতী মহিলাসকলক চিকিৎসা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে।

পশ্চিমবংগৰ উপকূলীয় অঞ্চলতো ধুমুহা-বৰষুণ হৈছে। নিশা কলকাতাকে ধৰি আন জিলাসমূহতো ঘূৰ্ণীবতাহৰ প্ৰভাৱ দেখা গৈছে। নিশাৰ পৰাই আৰম্ভ হৈছে বৰষুণ। তাৰ লগতে বলিছে ধুমুহা বতাহ। বুধবাৰে কলকাতাকে ধৰি দক্ষিণবংগৰ সকলো জিলাতে জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা। ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা বতাহ বলিব পাৰে।

চাৰিখন জিলাত ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। দক্ষিণ ২৪ পৰগনা, পূব আৰু পশ্চিম মেদিনীপুৰ তথা ঝাড়গ্ৰামত প্ৰচুৰ পৰিমাণে (৭ৰ পৰা ১১ চেণ্টিমিটাৰ) বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই চাৰিখন জিলাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা বতাহ বলিব পাৰে।

বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে দাৰ্জিলিং, কালিম্পং, আলিপুৰদুৱাৰ আৰু জলপাইগুৰি জিলাত ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। বাকী জিলাসমূহতো ধুমুহা-বৰষুণৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলত ভূমিস্খলন হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিয়ে।

উল্লেখ্য যে, অহা শনিবাৰে পাহাৰীয়া অঞ্চল আৰু ইয়াৰ সংলগ্ন পাঁচখন জিলাত ধুমুহা-বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে। অহা বৃহস্পতিবাৰলৈকে পশ্চিমবংগ আৰু ওড়িশাৰ উপকূল সংলগ্ন সাগৰলৈ মাছমৰীয়াসকলক যাবলৈ নিষেধ কৰা হৈছে।
##bigupdate #newsupdate #clyone #andhrapradesh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।