পৰিবহণ বিভাগৰ অনুমান অনুসৰি, এই সিদ্ধান্তৰ ফলত দিল্লীৰ কাষৰীয়া ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ গুৰুগ্ৰাম, ফৰিদাবাদ, নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদৰ ১০ লাখতকৈও অধিক বাহন সমস্যাৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে, বৈদ্যুতিক আৰু চিএনজি চালিত বাহনসমূহক এই নিষেধাজ্ঞাৰ আওতাৰ বাহিৰত ৰখা হৈছে ।
কৰ্মসূত্ৰে চুবুৰীয়া চহৰসমূহৰ পৰা গাড়ী লৈ দিল্লীলৈ অহা-যোৱা কৰা লোকসকল এই নিষেধাজ্ঞাৰ ফলত চৰম সমস্যাৰ সন্মুখীন হ’ব। পৰিবহণ বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই দিয়া তথ্য অনুসৰি- নয়ডা আৰু গ্ৰেটাৰ নয়ডা: এই দুয়োখন চহৰত বিএছ-৬ মানদণ্ডতকৈ নিম্নমানৰ বাহনৰ সংখ্যা ৪ লাখতকৈও অধিক। ইয়াৰ ভিতৰত আধাতকৈও অধিক বাহন ‘বিএছ-৪’ পৰ্যায়ৰ, যাৰ অধিকাংশই পেট্ৰ’লচালিত চাৰিচকীয়া বাহন।
গাজিয়াবাদ: ইয়াতো বিএছ-৬ মানদণ্ডতকৈ নিম্নমানৰ প্ৰায় ৪ লাখ বাহন আছে।
গুৰুগ্ৰাম আৰু ফৰিদাবাদ: হাৰিয়ানাৰ এই দুয়োখন জিলাত এনে বাহনৰ সংখ্যা প্ৰায় ২ লাখ, যাৰ ভিতৰত প্ৰায় ৭০ শতাংশই ‘বিএছ-৩’ আৰু ‘বিএছ-৪’ পৰ্যায়ৰ। ইয়াৰ উপৰি, এই দুয়োখন জিলাত বিএছ-৬ মানদণ্ডতকৈ নিম্নমানৰ প্ৰায় ৫০ হাজাৰ বাণিজ্যিক বাহনো আছে ।
নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ ৰাজধানী দিল্লীৰ সকলো প্ৰৱেশপথতে নাকা তালাচী আৰু নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰিছে প্ৰশাসনে। সীমান্তৰ চেকপ’ষ্ট আৰু গুৰুত্বপূৰ্ণ পথসমূহত ‘অটোমেটিক নম্বৰ প্লেট ৰিকগনিশন’ (এএনপিআৰ) কেমেৰা স্থাপন কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা (এআই) চালিত এই কেমেৰাসমূহে স্বয়ংক্ৰিয়ভাৱে বাহনৰ পঞ্জীয়ন নম্বৰ প্লেট স্কেন কৰি বাহনখনৰ প্ৰদূষণৰ মানদণ্ড চিনাক্ত কৰিব।
ইয়াৰ সমান্তৰালকৈ, নয়ডা, গুৰুগ্ৰাম আৰু গাজিয়াবাদৰ পৰা বিএছ-৬ মানদণ্ডতকৈ নিম্নমানৰ কোনো বাহন যাতে দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ সীমান্তত বেৰিকেড স্থাপন কৰি পোনপটীয়াকৈ বাহনসমূহ ৰখোৱাৰ ব্যৱস্থাও কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিবলৈ পৰিবহণ বিভাগৰ প্ৰায় ৩০০ গৰাকী বলবৎকাৰী কৰ্মচাৰীক নিয়োগ কৰা হ’ব।
বিএছ-৬ (BS-VI) মানদণ্ড কি ?
যান-বাহনৰ পৰা নিৰ্গত হোৱা বায়ু প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ‘ভাৰত ষ্টেজ’ বা বিএছ মানদণ্ডৰ জৰিয়তে আইনী সীমা নিৰ্ধাৰণ কৰা হয়। বৰ্তমান দেশত মটৰগাড়ীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আটাইতকৈ আধুনিক আৰু কঠোৰ মানদণ্ড হৈছে ‘বিএছ-৬’।
উল্লেখ্য যে, ২০০০ চনত ‘ইউৰো-১’ৰ সমতুল্য ‘ইণ্ডিয়া ২০০০’ প্ৰৱৰ্তনৰ জৰিয়তে দেশত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে যান-বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা আৰম্ভ হৈছিল। তাৰ পিছত পৰ্যায়ক্ৰমে বিএছ-২, বিএছ-৩ আৰু বিএছ-৪ৰ পিছত বিএছ-৬ মানদণ্ড প্ৰৱৰ্তন কৰা হয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।