নিউজ ডেস্ক: পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকমুহূৰ্তত দিল্লীৰ বায়ুৰ মানদণ্ড পুনৰ অৱনতি হ’বলৈ আৰম্ভ কৰিছে। বিগত সপ্তাহত বৰষুণৰ ফলত দিল্লীৰ বাসিন্দাসকলে কিছু সকাহ লাভ কৰে। বিগত কেইটামান দিনত বায়ুৰ মানদণ্ড সূচকাংক (AQI) ১০০ ৰ পৰা ২০০ ৰ ভিতৰত আছিল। আনকি কেতিয়াবা ১০০ ৰ তললৈও অৱনমিত হৈছিল। কিন্তু সোমবাৰে এই সূচকাংক পুনৰ ৩০০ ৰ সীমা পাৰ হৈ গৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (CPCB) মাপকাঠী অনুসৰি এই বায়ুৰ মানদণ্ড 'অতি বেয়া'শ্ৰেণীত পৰে।ট
উল্লেখ্য যে, দীপাৱলীৰ আগৰ পৰা আৰম্ভ কৰি সমগ্ৰ শীতকালত দিল্লীৰ প্ৰদূষণে প্ৰশাসনৰ মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰে। এইবাৰো বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ ১ নৱেম্বৰৰ পৰা দিল্লী প্ৰশাসনে ‘Winter Action Plan' কাৰ্যকৰী কৰিছে। বাহিৰৰ পৰা দিল্লীত প্ৰৱেশ কৰা বাহনসমূহে যাতে অতিৰিক্ত প্ৰদূষণ বিয়পাব নোৱাৰে, তাৰ ওপৰত চকু ৰখা হৈছে। দিল্লীৰ বিভিন্ন সীমান্তৰ চেক পইণ্টসমূহত বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰা আৰম্ভ হৈছে। প্ৰথম দিনাই কৰ্তৃপক্ষই প্ৰায় ১৫ হাজাৰ বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰে। লগতে ৬৮ লাখ ৪০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে। ইয়াৰ ভিতৰত কেৱল প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ (PUC) নথকাৰ বাবেই ৫৬ লাখ ৬০ হাজাৰ টকাৰ জৰিমনা কৰা হৈছে।
প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমান দিল্লীৰ বাহিৰৰ পৰা অহা নিৰ্দিষ্ট কিছুমান শ্ৰেণীৰ গাড়ীকহে সীমাৰ ভিতৰত সোমাবলৈ দিয়া হৈছে। BS-6 তকৈ পুৰণি গাড়ীসমূহক সীমাৰ পৰাই ওভতাই পঠিওৱা হৈছে। দেওবাৰে বিয়লি ৫ বজালৈকে দিল্লীৰ বিভিন্ন সীমান্তত এনে ১৪ হাজাৰ ৯৩০ খন গাড়ীৰ নথি-পত্ৰ পৰীক্ষা কৰা হৈছে আৰু তাৰ ভিতৰত প্ৰায় ১০ শতাংশ গাড়ীক ওভতাই পঠিওৱা হৈছে।
প্ৰচণ্ড বৰষুণৰ বাবে যোৱা সপ্তাহত দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰা উল্লেখনীয়ভাৱে হ্ৰাস পাইছিল। যোৱা শুকুৰবাৰে ৰাজধানীখনৰ বায়ুমণ্ডলৰ গুণগত মানৰ সূচক (AQI) আছিল ৬০, যিটো যোৱা চাৰি বছৰৰ ভিতৰত অক্টোবৰ মাহৰ হিচাপত আটাইতকৈ ভাল। তাৰ পিছত ক্ৰমান্বয়ে ই আকৌ বেয়াৰ ফালে ঢাপলি মেলিবলৈ আৰম্ভ কৰে। যোৱা শনিবাৰে বতাহৰ গুণগত মানৰ সূচক ১১৭ হৈ পৰে। দেওবাৰে ই এক জাপতে ২৬১ লৈ বৃদ্ধি পায়। এইবাৰ ই ৩০০ অতিক্ৰম কৰিলে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।