Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ইউটিউবাৰ ধ্ৰুৱ ৰাথীলৈ ৱাৰেণ্ট জাৰি, কিন্তু কিয় ?

ধ্ৰুৱ ৰাথীলৈ ৱাৰেণ্ট জাৰি

নিউজ ডেস্ক: শনিবাৰে দিল্লীৰ এখন আদালতে ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছে । ২০১৮ চনৰ মানহানিৰ গোচৰত আদালতে ৰাথীৰ বিৰুদ্ধে জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰে । বিষয়টো এতিয়া পৰৱৰ্তী শুনানীৰ বাবে ৩১ অক্টোবৰত তালিকাভুক্ত কৰা হৈছে ।

গোচৰীয়া পক্ষই আদালতৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে কৰা আবেদনৰ পিছত আদালতে ৰাথীৰ গুৰুগ্ৰামৰ ঠিকনাত নতুন চমন জাৰি কৰাৰ কেইদিনমান পিছতে এই ঘটনা সংঘটিত হৈছে ।

গোচৰীয়া পক্ষৰ অধিবক্তাগৰাকীয়ে দাখিল কৰিছিল যে পূৰ্বতে ৰাথীক চমন জাৰি কৰাৰ বাবে কৰা প্ৰচেষ্টাসমূহ কেইবা বছৰ ধৰি অসফল হৈ আছিল । কাৰণ তেওঁ মূলতঃ বিদেশত বাস কৰে। আদালতে পূৰ্বতে উল্লেখ কৰিছিল যে ৰাথীক প্ৰথমতে ২০১৯ চনৰ জুলাই মাহত চমন কৰা হৈছিল ।

এই মানহানিৰ প্ৰক্ৰিয়াটো ২০১৮ চনৰ মে' মাহত ৰাথীয়ে আপলোড কৰা এটা ভিডিঅ'ৰ পৰা আৰম্ভ হৈছিল । য'ত তেওঁ অভিযোগ কৰিছিল যে ভাৰতীয় জনতা পাৰ্টিৰ (BJP) তথ্য প্ৰযুক্তি কোষে (IT cell) তেওঁক বদনাম কৰিবলৈ ভেটি দিয়াৰ চেষ্টা কৰিছিল । ৰাথীৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰা এই ভিডিঅ'টো পৰৱৰ্তী সময়ত তৎকালীন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰিটুইট কৰিছিল।

ভিডিঅ'টোত কৰা অভিযোগ আৰু ইয়াৰ প্ৰচাৰক লৈ পাণ্ডেই পৰৱৰ্তী সময়ত ৰাথী আৰু কেজৰিৱাল দুয়োৰে বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে । এই শেহতীয়া নিৰ্দেশনাই কেইবা বছৰ ধৰি ওলমি থকা গোচৰটোত এক নতুন গতি দিছে । য'ত চমন জাৰি কৰাৰ অসফল প্ৰচেষ্টাৰ পিছত আদালতে এতিয়া ৰাঠীৰ বিৰুদ্ধে জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰাৰ নিৰ্দেশ দিছে।
##bigupdate #newsupdate #dhruvrathee #delhi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।