Saturday, 21 November 2026
লগইন

২৮টা নিৰীক্ষণ কেন্দ্ৰত প্ৰদূষণৰ মাত্ৰা নিম্নমান। ধোৱাময় পৰিৱেশৰ আৱৰ্তত ৰাজধানী দিল্লী

ভয়ংকৰ পৰ্যায়ত প্ৰদূষণৰ মাত্ৰা

নিউজ ডেস্ক : দিপাৱলীৰ আগৰ নিশা আৰু দিপাৱলীৰ পিছদিনা দিল্লীৰ প্ৰদূষণৰ মাত্ৰা অত্যন্ত ভয়ংকৰ পৰ্যায়ত উপনীত হৈছিল। অৱশ্যে বুধবাৰে সেই পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে। প্ৰদূষণৰ লগতে কুঁৱলী আৰু ধোঁৱাৰ দপদপনিও অব্যাহত আছে। বুধবাৰেও ধোঁৱাৰ চাদৰেৰে ঢাক খাই পৰিছে ৰাজধানী চহৰখন। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (চিপিচিবি) তথ্য অনুসৰি, বুধবাৰে পুৱা ৭ বজাত দিল্লীৰ বতাহৰ সামগ্ৰিক গুণাগুণৰ সূচকাংক (এয়াৰ কুৱালিটি ইনডেক্স বা একিউআই) ‘ভয়ংকৰ’ৰ পৰা ‘বেয়া’ পৰ্যায়লৈ নামি আহিছে। সেই সময়ত একিউআই আছিল ২৯৯। অৱশ্যে বহুকেইটা অঞ্চলত এতিয়াও একিউআই ‘অতি বেয়া’ পৰ্যায়তেই আছে।

CPCB য়ে জনোৱা মতে, ৰাজধানীৰ ৫৮টা প্ৰদূষণ নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ২৮টাত বায়ুৰ গুণাগুণ ‘অতি বেয়া’ পৰ্যায়ত আছে। আনহাতে, ৩০টা নিৰীক্ষণ কেন্দ্ৰত বায়ুৰ গুণাগুণ ‘বেয়া’ পৰ্যায়ত আছে। প্ৰদূষণৰ মাত্ৰা আটাইতকৈ বেয়া অৱস্থাত আছে চান্দনী চ’কত, য’ত বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৩৭৯। ইয়াৰ পাছতে আছে IIT দিল্লী আৰু দিল্লী টেকন’লজিকেল ইউনিভাৰ্চিটি, আইটিঅ’ আৰু বুৰাড়ী ক্ৰছিং।

সমান্তৰালভাৱে পুছা আৰু পঞ্জাবী বাগতো বায়ুৰ গুণমান ৩০০-ৰ ওপৰত আছে। এই দুয়োটা স্থানত একিউআই (AQI) ক্ৰমে ৩৫৯ আৰু ৩৪১। ইণ্ডিয়া গেটত ২৪২ আৰু আনন্দ বিহাৰত ৩০৩। দিল্লী কেণ্টনমেণ্টত এই পৰিমাণ ১১৭। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ হিচাপ অনুসৰি, একিউআই ০-৫০ থাকিলে ‘ভাল’, ৫১-১০০ থাকিলে ‘সন্তোষজনক’, ১০১-২০০ হ’লে ‘মজলীয়া’, ২০১-৩০০ হ’লে ‘বেয়া’, ৩০১-৪০০ থাকিলে ‘অতি বেয়া’ আৰু ৪০১-৫০০ হ’লে ‘ভয়াৱহ’ বুলি ধৰা হয়।

তথ্য অনুসৰি, সোমবাৰে ৰাজধানীখনৰ বায়ুৰ গুণাগুণ ৩০০-ৰ ওপৰত আছিল যদিও মঙলবাৰৰ পৰা ই কমিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে বায়ুৰ গুণাগুণ আছিল ২৯৯। বতৰ বিজ্ঞানীসকলে জনাইছে যে অহা কেইটামান দিনত প্ৰদূষণৰ ছবিখন কিছু পৰিমাণে হ’লেও সলনি হ’ব।
##bigupdate #newsupdate #weather #delhipollution #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।