Saturday, 07 November 2026
লগইন
ব্ৰেকিং

‘ইণ্ডিয়া’ সমাৱেশৰ বাবে বিশেষ পাৰ্কিং লট, জৰুৰী প্ৰয়োজনৰ বাবে পৃথক পথ! ৰামলীলা ময়দানক কেন্দ্ৰ কৰি দিল্লী আৰক্ষীয়ে ব্যৱস্থা

দিল্লী আৰক্ষীৰ কটকটীয়া ব্যৱস্থা

নিউজ ডেস্ক : ৰামলীলা ময়দানত বিৰোধী জোঁটৰ দেওবাৰৰ (১ নৱেম্বৰ) সমাৱেশক কেন্দ্ৰ কৰি বিশেষ যান-বাহন নিয়ন্ত্ৰণ নিৰ্দেশনা জাৰি কৰে দিল্লী আৰক্ষীয়ে। শনিবাৰে আৰক্ষীৰ ফালৰ পৰা প্ৰকাশ কৰে যে, দেওবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ দিল্লীৰ বিভিন্ন অংশত যান-বাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি থাকিব। লগতে সমাৱেশত যোগদান কৰিবলৈ অহা কৰ্মী-সমৰ্থকসকল আৰু দিল্লীৰ সাধাৰণ জনতাৰ সুবিধাৰ বাবে কিছুমান বিশেষ ব্যৱস্থাও থাকিব।

‘ভোট চুৰি’ কাণ্ডত অভিযুক্ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণ, SIR বাতিল আৰু ২০২৩ চনৰ নিৰ্বাচন আয়ুক্তৰ নিযুক্তি তথা তেওঁলোকক ৰক্ষাকৱচ প্ৰদানৰ সৈতে জড়িত সংশোধনী আইন বাতিলৰ দাবীত দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত এক বৃহৎ সমাৱেশৰ আহ্বান জনাইছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই। ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৰাজধানী দিল্লীত উপস্থিত হৈছে বিৰোধী দলসমূহৰ লক্ষাধিক নেতা-কৰ্মী।

প্ৰকাশিত বিভিন্ন খবৰ অনুসৰি, দেওবাৰৰ এই বৃহৎ সমাৱেশত ১০-১২ লাখ লোক আৰু ১৫,০০০-২০,০০০খন বাহন উপস্থিত হোৱাৰ সম্ভাৱনা আছে। আনহাতে, ৰামলীলা ময়দানত এক লাখ লোকৰো সমাগমৰ ব্যৱস্থা নাই। ফলত দেশৰ ৰাজধানী দিল্লীৰ বিস্তীৰ্ণ অঞ্চলত যান-বাহনৰ চলাচল প্ৰায় অচল হৈ পৰাৰ আশংকা কৰা হৈছে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে দিল্লী যান-বাহন আৰক্ষীয়ে জনায় যে, যান-বাহনৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি নেতাজী সুভাষ মাৰ্গ টি-পইণ্ট, ৰাজঘাট, দিল্লী গেট, আইটিঅ’ এ-পইণ্ট, আজমেৰী গেট ৰেড লাইট, ৰঞ্জিত সিং ফ্লাইঅ’ভাৰ, ঝাণ্ডেৱালান চক, তুৰ্কমান গেট আৰু মিৰদাৰ্ড চককে ধৰি মধ্য দিল্লীৰ গুৰুত্বপূৰ্ণ চৌমূৰী আৰু সংযোগস্থলসমূহত যান-বাহন চলাচলৰ পথ সলনি কৰা হ’ব। ইয়াৰ উপৰি বাহাদুৰ শ্বাহ জাফৰ মাৰ্গ, ৰাজঘাট-জেএলএন মাৰ্গ, ডিবিজি ৰোড আৰু মিন্টো ৰোডতো যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হ’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, আইটিঅ’ আৰু দিল্লী গেটৰ মাজৰ বাহাদুৰ শ্বাহ জাফৰ মাৰ্গ, ৰাজঘাট আৰু আজমেৰী গেটৰ মাজৰ জৱাহৰলাল নেহৰু মাৰ্গৰ অংশ, অৰুণা আছফ আলী ৰোড, মিন্টো ৰোড, দেশবন্ধু গুপ্ত ৰোড আৰু বৰাখাম্বা ৰোডৰ লগতে কমলা মাৰ্কেট আৰু হামদৰ্দ চক এলেকাৰ আশে-পাশে যান-জঁটৰ সৃষ্টি হোৱাৰ আশংকা আছে বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ বাৰ্তা অনুসৰি, যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা, নিৰ্দিষ্ট পাৰ্কিং এলেকাসমূহত যাত্ৰীসকলক পথ নিৰ্দেশনা প্ৰদান কৰা আৰু ৰামলীলা ময়দানৰ চৌদিশে যান-জঁটৰ সমস্যা মোকাবিলা কৰাৰ বাবে চেণ্ট্ৰেল ৰেঞ্জৰ সমগ্ৰ অঞ্চলতে অতিৰিক্ত যান-বাহন আৰক্ষীৰ কৰ্মী মোতায়েন কৰা হৈছে।

জৰুৰীকালীন সেৱাৰ সৈতে জড়িত আৰু আপদকালীন পৰিস্থিতিত চলাচল কৰা বাহনসমূহৰ বাবে লোকনায়ক জয়প্ৰকাশ (এলএনজেপি) হাস্পতালৰ সমীপত এটা সুকীয়া পথৰ ব্যৱস্থা কৰা হ’ব। বিবৃতিটোত কোৱা হৈছে যে হাস্পতালখনৰ বিপৰীতে থকা ৰে’লৱেৰ পাৰ্কিং এলেকা, দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনৰ (DMRC) পাৰ্কিং লট আৰু ৰাজঘাটত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। সমাৱেশত অংশগ্ৰহণ কৰিবলৈ অহা নেতা-কৰ্মীসকলেও এই স্থানসমূহত নিজৰ বাহন পাৰ্কিং কৰিব পাৰিব।

তথ্য অনুসৰি, নতুন দিল্লী ৰে’ল ষ্টেচনৰ পৰা যাত্ৰা কৰা ভ্ৰমণকাৰীসকলক আগতীয়াকৈ যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ডিবিজি ৰোডৰ দিশৰ পৰা ষ্টেচনলৈ অহাসকলে চেমছফ'ৰ্ড ৰোড, কনট প্লেছৰ আউটাৰ ছাৰ্কল, মিন্টো ৰোড আৰু ভাবভূতি মাৰ্গেৰে যাব পাৰিব। পূৰ্ব দিল্লীৰ পৰা অহা যাত্ৰীসকলৰ আইটিঅ' দিনদয়াল উপাধ্যায় মার্গ আৰু ভাবভূতি মাৰ্গ ব্যৱহাৰ কৰি ষ্টেচনত উপস্থিত হোৱাৰ পৰামৰ্শ দিয়া হৈছে।

দিল্লী ট্রেফিক পুলিচে লক্ষ্য কৰিছে যে, বিৰোধী দলৰ নেতাসকলে ৰাজঘাট গান্ধী স্মাৰকত উপস্থিত হৈ মিন্টো ৰোড-কনট প্লেছ জংচনৰ পৰা ৰামলীলা ময়দানলৈ পদযাত্ৰাৰ ডাক দিছে। কিন্তু দিল্লী পুলিচৰ এটা সূত্ৰৰ দাবী অনুসৰি, মিছিলে কোনো অনুমতি দিয়া হোৱা নাই।
##bigupdate #newsupdate #india #cjp #delhipolice #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।