নিউজ ডেস্ক: সোমবাৰে পুৱাৰ পৰা দিল্লীত অব্যাহত আছে ধাৰাসাৰ বৰষুণ । যাৰ ফলত অক্টোবৰ মাহৰ গৰমৰ পৰা সকাহ পোৱা গৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লীৰ কেইবাটাও প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰিছে আৰু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
পুৱাৰ পৰা হোৱা বৰষুণৰ ফলত দিল্লীৰ কৰোল বাগৰ ওচৰৰ ঝাণ্ডেৱালান মন্দিৰ এলেকাৰ পথসমূহত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । নয়দা, গুৰুগ্ৰাম আৰু গাজিয়াবাদতো একেধৰণৰ বতৰ দেখিবলৈ পোৱা গৈছে ।
যোৱা ২৪ ঘণ্টাত দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ১ ৰ পৰা ২ ডিগ্ৰী চেলচিয়াছ হ্ৰাস পাইছে । সৰ্বনিম্ন উষ্ণতা ২১ ৰ পৰা ২৪ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বোচ্চ উষ্ণতা ৩০ ৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত আছিল ।
IMD-ৰ তথ্য অনুসৰি, ১৩ অক্টোবৰত সৰ্বোচ্চ উষ্ণতা ৩২-৩৪° চেলচিয়াছ আৰু ১৪ অক্টোবৰত ৩৩-৩৫° চেলচিয়াছ হ'ব পাৰে । ১৫ অক্টোবৰত উষ্ণতা ৩১-৩৩° চেলচিয়াছলৈ হ্ৰাস পাব আৰু ১৬ তথা ১৭ অক্টোবৰত ৩২-৩৪° চেলচিয়াছত থাকিব । সৰ্বনিম্ন উষ্ণতা ২২ ৰ পৰা ২৫° চেলচিয়াছৰ ভিতৰত থাকিব বুলি প্ৰকাশ কৰিছে।
ইফালে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মতে, সোমবাৰে পুৱা ৭ বজাত দিল্লীত গড় বায়ু গুণগত সূচকাংক আছিল ৯৩। দিল্লী-এনচিআৰৰ চহৰসমূহৰ ভিতৰত ফৰিদাবাদত ৯৮, গুৰুগ্ৰামত ৯৩, গাজিয়াবাদত ৯৫, গ্ৰেটাৰ নয়দাত ১০২ আৰু নয়দাত ১০৮ AQI আছিল ।
বতৰ বিজ্ঞানীয়ে দিল্লীৰ ১১ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে আৰু সতৰ্ক কৰি দিছে যে এই অঞ্চলসমূহত প্ৰতি ঘণ্টাত ১৫ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ লগতে বজ্ৰপাত, ঢেৰেকণি আৰু প্ৰায় ৬০ কিলোমিটাৰ বেগত তীব্ৰ বতাহ বলাৰ সম্ভাৱনা আছে ।
হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞানীৰ মতে, ১২ ৰ পৰা ১৫ অক্টোবৰলৈ হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ কিছু কিছু স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ১২ অক্টোবৰত হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কিছুমান ঠাইত ৫০-৬০ কিলোমিটাৰ বেগত বলা বতাহৰ সৈতে বজ্ৰপাত হোৱাৰ সম্ভাৱনা অতি প্ৰবল।
১৩ অক্টোবৰত হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু পঞ্জাৱত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহা আৰু বজ্ৰপাত হ'ব পাৰে । ১৫ অক্টোবৰলৈকে এনে বতৰ অব্যাহত থকাৰ সম্ভাৱনা আছে । পঞ্জাৱত ১২ ৰ পৰা ১৪ অক্টোবৰলৈকে কিছু কিছু ঠাইত বৰষুণ আৰু ১৫ অক্টোবৰত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে । পশ্চিম উত্তৰ প্ৰদেশত ১২ ৰ পৰা ১৬ অক্টোবৰলৈ আৰু পূব উত্তৰ প্ৰদেশত ১৫ আৰু ১৬ অক্টোবৰত বৰষুণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানীয়ে উল্লেখ কৰিছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।