শনিবাৰে পুৱা গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ স্থিত স্ব-গৃহৰ পৰা ইউটিউবাৰ ধ্ৰৱ ৰাথীক আটক দিল্লী আৰক্ষীৰ। CJP য়ে দিল্লীৰ যন্তৰ-মন্তৰত আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ যোৱাৰ কথা আছিল বুলি তথ্য অনুসৰি জানিব পৰা গৈছে।
উল্লেখ্য যে, শনিবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছিল, কিন্তু তথ্য অনুসৰি, শনিবাৰে পুৱা ৭.৪৮ বজাত ইউটিউবাৰগৰাকীৰ মাতৃয়ে দুৱাৰ খোলাৰ পাছত দিল্লী আৰক্ষী বাসগৃহত প্ৰৱেশ কৰে। শুত্ৰবাৰে নিশাৰ পৰাই বাসগৃহৰ বাহিৰত প্ৰায় ৫০ জন আৰক্ষী উপস্থিত আছিল। গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ ৰ ছেন্ট্ৰেল পাৰ্ক বিহাৰত থকা পৰিয়ালৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে ৰাথীক জিম্মাত লয় বুলি প্ৰাপ্ত তথ্য অনুসৰি জানিব পৰা গৈছে।
দিল্লীৰ নিৰাপত্তা ব্যৱস্থাক লৈ ৰাথীৰ প্ৰশ্ন
উল্লেখ্য যে, CJP ৰ পূৰ্বে দিল্লীত গ্ৰহণ কৰা ব্যাপক নিৰাপত্তা ব্যৱস্থাক লৈ শুক্ৰবাৰে প্ৰশ্ন উত্থাপন কৰিছিল ধ্ৰুৱ ৰাথীয়ে। কেন্দ্ৰীয় চৰকাৰে ৰাজধানী দিল্লীত প্ৰায় ‘লকডাউন’ সদৃশ পৰিস্থিতি কৰা বুলি অভিযোগ তুলিছিল ইউটিউবাৰগৰাকীয়ে।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰাথীয়ে মেট্ৰ’ষ্টেচন বন্ধ ৰখা, ৰে’লসেৱা বাতিল কৰা আৰু মধ্য দিল্লীৰ একাংশ অঞ্চলত মোবাইল ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰসংগ উত্থাপন কৰে।
তথ্য অনুসৰি. ভিডিঅ’টোত তেওঁ কয় যে, ৰে’ল আৰু বাছৰ চলাচলত বাধা আৰোপ কৰাৰ লগতে প্ৰতিবাদৰ বাবেই দিল্লীত প্ৰায় লকডাউনসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে।
প্ৰতিবাদত মানুহৰ উপস্থিতি কম হ’ব বুলি বিজেপিৰ সৈতে জড়িত বুলি দাবী কৰা একাংশ ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰচাৰ চলোৱাৰ প্ৰসংগ উত্থাপন কৰিও ইউটিউবাৰগৰাকীয়ে চৰকাৰৰ পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, প্ৰতিবাদত মানুহ নামিলে ইমান ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা ক’ত?
লগতে প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক ৰাথীয়ে আহ্বান জনাইছিল। ১০ অক্টোবৰত যন্তৰ মন্তৰলৈ আহিবলৈ তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনায়।
প্ৰতিবাদৰ পূৰ্বে দিল্লীত কটকটীয়া নিৰাপত্তা
প্ৰস্তাৱিত প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। একাংশ বজাৰ আৰু গুৰুত্বপূৰ্ণ মেট্ৰ’ ষ্টেচন বন্ধ ৰখাৰ লগতে ৰাজধানী অভিমুখী কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। চহৰখনৰ একাংশ অঞ্চলত মোবাইল ইণ্টাৰনেট সেৱাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি তথ্যত প্ৰকাশ পাইছে।
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক দিল্লী আৰক্ষীৰ সৈতে সমন্বয় ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। প্ৰতিবাদত অংশগ্ৰহণৰ বাবে লোকসকলৰ দিল্লী অভিমুখী যাত্ৰা প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে বুলি তথ্য অনুসৰি জানিব পৰা গৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।