Saturday, 07 November 2026
লগইন
ব্ৰেকিং

কংগ্ৰেছৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ গুৰুতৰ অভিযোগ

“ভাৰতৰবৰ্ষক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে ৰাহুল গান্ধীয়ে!”

নিউজ ডেস্ক: কংগ্ৰেছৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ গুৰুতৰ অভিযোগ। ভাৰতবৰ্ষক অস্থিৰ কৰিবৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি ব্লকৰ ৰাজনৈতিক দলসমূহ। দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে দেশত অস্থিৰতা বিয়পাবৰ বাবে বিদেশী শক্তিৰ সহায়ত আন্দোলনৰ নামত গভীৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে কংগ্ৰেছ নেতৃত্বাধীন একাংশ ৰাজনৈতিক দলে।

দিলীপ শইকীয়াই কয়, ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে বিদেশী অপশক্তিৰ সহযোগত আন্দোলনৰ নামত অৰাজকতা ৰাজনীতি কৰি আছে। কংগ্ৰেছ দলে ভাৰতৰ স্পন্দনশীল গণতন্ত্ৰক দুৰ্বল কৰি তোলাৰ বাবে সকলো ধৰণৰ দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে। 

উল্লেখ্য যে, দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে উপ- সভাপতি ড০ অমিয় কুমাৰ ভূঞা, ৰাজ্যিক সাধাৰণ সম্পাদক ক্ৰমে দিপ্লুৰঞ্জন শৰ্মা আৰু অনুপ বৰ্মন তথা সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামী উপস্থিত থাকে।

তথ্য অনুসৰি, দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই প্ৰেৰণ কৰা বিবৃতিটোত উল্লেখ কৰে যে, নিৰ্বাচন আয়োগে ভোটাৰ তালিকা শুদ্ধীকৰণৰ বাবে আৰম্ভ কৰা SIR ৰ বিৰোধ কৰি কংগ্ৰেছ দল বিদেশী নাগৰিকৰ ভোট সুৰক্ষিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। তাৰোপৰি দিলীপ শইকীয়াই কংগ্ৰেছ দলটোক কটাক্ষ কৰি কয় যে, কংগ্ৰেছ নিৰ্বাচনত জিকিলে সকলো ভাল কিন্তু হাৰিলে সকলো বেয়া হয়। বিৰোধী দলটোৱে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ বিৰুদ্ধে আক্ৰমণ নমাই আনি আমাৰ দেশৰ স্পন্দনশীল গণতন্ত্ৰক অস্থিৰ কৰাৰ বাতাবৰণ সৃষ্টি কৰিছে।

লগতে দেশৰ অস্থিৰ কৰাৰ উদ্দেশ্যে কংগ্ৰেছে ভাৰত বিৰোধী অপশক্তিৰো সহায় লোৱা বুলি অভিযোগ কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে, ভাৰতক বিশ্বৰ বুকুত উজ্বলাবলৈ চেষ্টা কৰাটো কংগ্ৰেছে কেতিয়াও ভাল নাপায়। ভাৰতৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহকো ৰাজনৈতিকভাৱে ব্লেকমেইলিং কৰি আহিছে কংগ্ৰেছে। এনে সমাজ বিৰোধী আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যৰ বাবে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে দিলীপ শইকীয়াই।

উল্লেখ্য যে, দেশক অস্থিৰ কৰাৰ বাবে কংগ্ৰেছ দলে ৰচনা কৰা গভীৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে বিজেপিয়ে ১৩ ৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যৰ সকলো জিলাতে জনজাগৰণ সমদল অনুষ্ঠিত কৰিব। 'এই সমাৱেশৰ জৰিয়তে আমি জনসাধাৰণক কংগ্ৰেছ দলৰ সংবিধান বিৰোধী কাম-কাজৰ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস কৰিম' বুলি শইকীয়াই উল্লেখ কৰে।

কংগ্ৰেছে সাংবিধানিক প্ৰতিষ্ঠানসমূহক ভাবুকি প্ৰদান কৰি ব্লেকমেইলিঙৰ জৰিয়তে ৰাজনীতিৰে সমগ্ৰ দেশকে অস্থিক কৰাৰ লগতে SIR ৰ বিৰোধিতা কৰি অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা দিছে। নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ শুদ্ধীকৰণৰ বাবে আৰম্ভ কৰা SIR ৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে জনসাধাৰণৰ গণতান্ত্ৰিক ৰায়ক অৱমাননা কৰিছে বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰে।

অনুষ্ঠিত হ'বলগীয়া সমদলৰ কথা উল্লেখ কৰি দিলীপ শইকীয়াই সংবাদমেলত ঘোষণা কৰে যে, শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ত ৭ টা স্থানত যুৱ শক্তিৰ বিশাল যোগদানেৰে ক্ৰমে নলবাৰী, গুৱাহাটী, শিলচৰ, তেজপুৰ, বৰপেটা, যোৰহাট আৰু ডিব্ৰুগড়ত এই সমদল বাহিৰ কৰা হ'ব।

উল্লেখ্য যে, ৰাষ্ট্ৰবিৰোধী চৰিত্ৰ আৰু দেশ বিৰোধী ৰাজনৈতিক অনুশীলনৰ বাবেই ইতিমধ্যে দেশৰ বহু ৰাজ্যত কংগ্ৰেছৰ ভেটি উচন হৈছে। তামিলনাডুত বিগত ৫৯ বছৰে কংগ্ৰেছ জিকিব পৰা নাই। ঠিক একেদৰে পশ্চিম বংগত বিগত ৪৯ বছৰ, ছিক্কিমত ৪২ বছৰ, উত্তৰ প্ৰদেশত ৩৭ বছৰ, বিহাৰত ৩৬ বছৰ, গুজৰাটত ৩০ বছৰ, ত্ৰিপুৰাত ৩৩ বছৰ, উৰিষ্যাত ২৬ বছৰ, নাগালেণ্ডত ২২ বছৰ আৰু অসমত ২১ বছৰ কংগ্ৰেছ জিকিব পৰা নাই।

সভাপতি দিলীপ শইকীয়াই বিৰোধী দলটোক উভতাই প্ৰশ্ন কৰি কয় যে, ইমান বছৰে এই ৰাজ্যসমূহত যে কংগ্ৰেছে শোচনীয়ভাৱে পৰাজিত হৈ আছে তাৰ বাবে কি SIR দোষী নেকি ? কংগ্ৰেছক ৰাইজে মনৰ পৰা ইতিমধ্যে নিলগত ৰাখিছে। সেয়ে এই দলটোৰ ভৱিষ্যত একেবাৰে শূন্য।
##bigupdate #assam #bjp #dilipsaikia #rahulgandhi #congress #politicalnews #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।