দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত আৰু ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) বাতিলৰ দাবীত বিৰোধীসকলে গ্ৰহণ কৰা এই কাৰ্যসূচীক কেন্দ্ৰ কৰি দেওবাৰে পুনৰ উত্তপ্ত হৈ উঠিব পাৰে ৰাজধানী। আৰক্ষীয়ে ৰামলীলা ময়দানত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অনুমতি দিছে। কিন্তু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কনট প্লেচ-মিণ্টো ৰোডৰ সংযোগস্থলৰ পৰা ৰামলীলা ময়দানলৈ যি সমদলৰ আহ্বান জনাইছে, আনুষ্ঠানিকভাৱে তাৰ অনুমতি দিয়া হোৱা নাই বুলি খবৰ অনুসৰি জানিব পৰা গৈছে।
ইনষ্টাগ্ৰামত এক প্ৰশ্নোত্তৰ পৰ্বৰ অনুষ্ঠানত ৰাহুলে ৰামলীলা ময়দানলৈ উলিওৱা সমদলত সাধাৰণ জনতাক যোগদান কৰাৰ আহ্বান জনায়। দেওবাৰে দুপৰীয়া কনট প্লেচ-মিণ্টো ৰোডৰ পৰা এই সমদল আৰম্ভ হ’ব। আৰক্ষী সূত্ৰৰ দাবী অনুসৰি, এনে কোনো সমদলৰ বাবে অনুমতি বিচৰা হোৱা নাছিল। আনকি, এইধৰণৰ সমদলৰ কোনো পৰিকল্পনা আছে বুলিও বিৰোধীসকলে আৰক্ষীক জনোৱা নাছিল।
তেন্তে দেওবাৰে ৰামলীলা ময়দানত উপস্থিত হোৱাৰ আগতেই ৰাহুলৰ সমদসক বাধা দিয়া হ’ব নেকি? আৰক্ষীৰ ফালৰ পৰা এই বিষয়ে এতিয়াই কোনো মন্তব্য কৰা হোৱা নাই। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদমাধ্যমক জনাইছে যে, পৰিস্থিতি অনুসৰি পদক্ষেপ গ্ৰহণ কৰা হ’ব। আগতীয়াকৈ কি হ’ব সেয়া কোৱা সম্ভৱ নহয়। পৃথকভাৱে কোনো সমদলৰ অনুমতি বিচৰা হোৱা নাছিল বুলি ডিচিপি (চেণ্ট্ৰেল) ৰোহিত ৰাজবীৰ সিংহ আৰু ডিচিপি (নতুন দিল্লী) শচীন শৰ্মাই নিশ্চিত কৰে।
দেওবাৰে ‘চলো দিল্লী’ অভিযানৰ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে। বিৰোধী মিত্ৰজোঁটৰ আন অংশীদাৰ দলসমূহৰ প্ৰতিনিধিসকলেও এই সমাৱেশত যোগদান কৰিব। বুধবাৰে চিজেপিৰ প্ৰধান অভিজিৎ দিপকে সামাজিক মাধ্যমত জনায় যে, জ্ঞানেশৰ অপসাৰণৰ দাবী অধিক জোৰদাৰ কৰিবলৈ আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ‘ইণ্ডিয়া’ৰ এই কাৰ্যসূচীক সমৰ্থন জনাইছে।
শুক্ৰবাৰে এক ভিডিঅ’ বাৰ্তাত নেহাই কয়, ‘‘জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ প্ৰক্ৰিয়াত স্থগিতাদেশ আৰু ২০২৩ চনৰ আইন প্ৰত্যাহাৰৰ দাবীত আমাৰ আন্দোলন ১ নৱেম্বৰত ৰামলীলা ময়দানত পুনৰ আৰম্ভ হ’ব। গণতন্ত্ৰৰ পৱিত্ৰতা ৰক্ষাৰ স্বাৰ্থত সকলোৱে তাত সমবেত হওক। দেখা হ’ব।’’
বিৰোধীসকলৰ এই কাৰ্যসূচীক কেন্দ্ৰ কৰি উৎসৱৰ বতৰ শেষ হোৱাৰ পিছত ৰাজধানীত পুনৰ উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়েও প্ৰস্তুতি চলাইছে। ৰামলীলা ময়দান আৰু অন্যান্য স্থানত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।