Thursday, 05 November 2026
লগইন
ব্ৰেকিং

মাত্ৰ ১০০ টকাতে উপলব্ধ হ'ব গেছ চিলিণ্ডাৰ!

কিন্তু কেনেকৈ?

উল্লেখ্য যে, বহুলোকে বেংক অথবা ফাইনেন্সৰ পৰা ঋণ লৈ ইলেক্ট্ৰনিক গেজেট বা ঘৰ-গাড়ী আদি ক্ৰয় কৰে। EMI ৰ জৰিয়তে প্ৰতিমাহে ইয়াৰ ঋণৰ ধন পৰিশোধ কৰে। অৱশ্যে গেছ চিলিণ্ডাৰ ক্ৰয়ৰ সময়তো যে এই সুবিধা পাব পাৰি, সেই বিষয়ো আপুনি জানেনে? এটা পেট্ৰোলিয়াম কোম্পানীয়ে (ভাৰত পেট্ৰোলিয়াম) গ্ৰাহকক ইমান ডাঙৰ সুবিধা আগবঢ়াইছে।

উদাহৰণস্বৰূপে যদি ঘৰৰ ৰন্ধন গেছ শেষ হৈ যায়, কিন্তু সেই মূহূৰ্তত হয়তো নতুন চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ পৰ্যাপ্ত ধন নাথাকিব পাৰে। ভাৰত পেট্ৰলিয়ামে এই ক্ষেত্ৰত আগবঢ়াইছে ক্ষুদ্ৰ বিত্তীয় সুবিধা। ভাৰত পেট্ৰলিয়ামে ইয়াৰ 'X' হেণ্ডেলযোগে জনায় যে, LPG ৰিফিলৰ বাবে ৬০০ টকা পৰ্যন্ত মাইক্ৰ' লোণ লোৱাৰ সুবিধা আগবঢ়াইছে। এই ধন সুত নোহোৱাকৈ সহজ কিস্তিত পৰিশোধ কৰিব পাৰিব।

এই ক্ষুদ্ৰ ঋণৰ সুবিধাসমূহ কি কি?

পেট্ৰলিয়াম কোম্পানীৰ ক্ষুদ্ৰ ঋণ ব্যৱস্থাৰ ডাঙৰ সুবিধাটো হ'ল ৬০০ টকা একেলগে দিব নালাগে। ৬০০ টকীয়া ১০০ টকীয়া সাপ্তাহিক ৬ টা কিস্তিত ঘূৰাই দিব পাৰিব। তাৰোপৰি কোম্পানীটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, BNPL বা Buy Now Pay Later মডেলৰ ভিত্তিত এই সুবিধা আগবঢ়োৱা হৈছে। অৰ্থাৎ LPG ৰিফিলৰ বাবে ৬০০ টকা পৰ্যন্ত মাইক্ৰ' লোণ লাভ কৰিব। এই ঋণৰ সুতৰ হাৰ শূণ্য। 

এই সম্পূৰ্ণ ধন প্ৰতি সপ্তাহত ১০০ টকীয়া ছটা কিস্তিত পৰিশোধ কৰিব লাগিব। ফলত হঠাতে চিলিণ্ডাৰ শেষ হ'লে একেলগে সম্পূৰ্ণ পৰিমাণ সংগ্ৰহ কৰাৰ চাপ কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। 

এই সুবিধা কেনেকৈ লাভ কৰিব?

উদাহৰণ হিচাপে যদিহে ঘৰৰ LPG চিলিণ্ডাৰ শেষ হৈছে, তেন্তে ৰিফিলৰ বাবে ৬০০ টকা বা ৫০০ টকা পৰিশোধ কৰিব লাগে। কিন্তু সেই মূহূৰ্তত আপোনাৰ হাতত সম্পূৰ্ণ ধন নাথাকিব পাৰে। তেনে ক্ষেত্ৰত এই ক্ষুদ্ৰ বিত্তীয় সুবিধা লাভ কৰিবলৈ আপুনি আপোনাৰ ভাৰত গেছ পেট্ৰলিয়াম বিতৰকৰ সৈতে যোগাযোগ কৰিব লাগিব। এই সেৱা সম্পৰ্কীয় তথ্য সংশ্লিষ্ট বিতৰকৰ পৰা লাভ কৰিব। অৰ্থাৎ আপোনাৰ অঞ্চলত সেৱা উপলব্ধ হয় নে নহয়, এই সুবিধাৰ বাবে কোন যোগ্য আৰু কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কে বিশদ তথ্য লাভ কৰিব।
##bigupdate#newsupdate#cylinderprice#latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।