Thursday, 05 November 2026
লগইন
ব্ৰেকিং

মোদী চৰকাৰে ২০২৯ৰ ভিতৰত ড্ৰাগছৰ পৰা মুক্ত কৰিব পঞ্জাৱক

ড্ৰাগছ মুক্ত পঞ্জাৱ

নিউজ ডেস্ক : পঞ্জাৱক ড্ৰাগছ মুক্ত কৰিব বুলি ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিজয়া দশমী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কয় যে, "আমি এই সংকল্প লৈছো যে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত আমি সমগ্ৰ পঞ্জাবক ড্ৰাগছৰ ব্যৱসায়ৰ পৰা মুক্ত কৰিম আৰু ইয়াক এখন ড্ৰাগছমুক্ত পঞ্জাব হিচাপে গঢ়ি তুলিম।"
উল্লেখ্য যে, শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধেৰ মাত মতাৰ বাবে তিনিজনকৈ লোকক হত্যা কৰিছিল দুৰ্বৃত্তই । ইয়াৰ পাছতে পঞ্জাৱৰ পৰা দেশত ড্ৰাগছ মুক্ত কৰাৰ কথাও ঘোষণা কৰিলে । 

 গৃহমন্ত্ৰী শ্বাহে কয়,”মোদী চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে, সেয়া পূৰণ কৰে । অনুচ্ছেদ ৩৭০ নাইকিয়া হ'ল, সন্ত্ৰাসবাদ নিশ্চিহ্ন হোৱাৰ পথত, আৰু আমি নক্সালবাদৰ অন্ত পেলাইছো । এতিয়া আমি ড্ৰাগছৰ ব্যৱসায়ো নিৰ্মূল কৰিম ।"

ইফালে, শ্বাহে চাংগুৰৰ টুৰ বাঞ্জাৰা গাঁৱত আত্মহত্যা কৰা শ্ৰমিক গুলজাৰ সিঙৰ পৰিয়ালক সাক্ষাৎ কৰে । তেওঁ তেওঁৰ মৃত্যুৰ বাবে দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰয়াত গুলজাৰ সিঙৰ পৰিয়ালৰ বৈঠকৰ পিছত গুলজাৰৰ পুত্ৰ লখবিন্দৰ সিঙে কয়, "তেওঁ আমাৰ পৰিয়ালৰ দুখ-বেদনা শুনিবলৈ আহিছিল, আৰু তেওঁ আমাক আশ্বাস দিছিল যে দোষীসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব তেওঁ প্ৰতিশ্ৰুতি দিছিল যে দোষীসকলক সম্পূৰ্ণ শাস্তি দিয়া হ’ব। মই ড্ৰাগছৰ সমস্যা ৰোধ কৰাৰো দাবী জনাইছিলো আৰু তেওঁ আশ্বাস দিছিল যে পঞ্জাবৰ পৰা ড্ৰাগছ নিৰ্মূল কৰা হ’ব ।"
##bigupdate #newsupdate #modigovernment #amitshah #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।