Saturday, 07 November 2026
লগইন

কিয় ঔষধৰ মূল্য নিয়ন্ত্ৰণকাৰী সংস্থাক ‘অকৰ্মণ্য’ বুলি কটাক্ষ কৰিলে উচ্চতম ন্যায়ালয়ে?

ঔষধৰ মূল্য নিয়ন্ত্ৰণকাৰী সংস্থা ‘অকৰ্মণ্য’

নিউজ ডেস্ক: খুচুৰা বিক্ৰেতাসকলে যি দামত ঔষধ ক্ৰয় কৰে আৰু সাধাৰণ গ্ৰাহকৰ ওচৰত যি সৰ্বাধিক খুচুৰা মূল্যত (MRP) বিক্ৰী কৰা হয়, সেই দুয়োটাৰ মাজত বৃহৎ পাৰ্থক্য আছে। এইবাৰ এই বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰিলে উচ্চতম ন্যায়ালয়ে। দেশত ঔষধৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ তদাৰকী ব্যৱস্থাক লৈও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে শীৰ্ষ আদালতে।

সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি, ঔষধৰ মূল্য সম্পৰ্কীয় দুটা আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে প্ৰশ্ন কৰে যে, সমগ্ৰ ব্যৱস্থাটোৱে কিয় ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহৰ পক্ষত কাম কৰি আছে? এই ধাৰাটো এনেদৰে কোনো নিয়ন্ত্ৰণ নোহোৱাকৈ চলি থাকিবলৈ দিয়া উচিত নে?

কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মন্তব্য কৰে, “চৰকাৰে নিজেই এনে হ’বলৈ দিছে। চৰকাৰৰ চকুৰ সন্মুখতে এই ঘটনা সংঘটিত হৈ আছে।”

একে সময়তে, দেশত ঔষধৰ মূল্য নিয়ন্ত্ৰণৰ দায়িত্বত থকা সংস্থা ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি’ (NPPA)-কো দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে আপাতদৃষ্টিত ‘সম্পূৰ্ণৰূপে অকৰ্মণ্য’ (Totally Defunct) সংস্থা বুলি অভিহিত কৰে।

শুনানি চলি থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্যা ভাটীয়ে আদালতত জনায় যে, চৰকাৰৰ নীতি হৈছে “সমগ্ৰ আন্তঃগাঁথনি বা ব্যৱস্থাটোক নিয়ন্ত্ৰণ নকৰা”।

ভাটীৰ যুক্তি অনুসৰি, বিশ্বৰ যিকেইখন দেশত ঔষধৰ মূল্য আটাইতকৈ কম, ভাৰত তাৰ ভিতৰত অন্যতম। ঔষধৰ মূল্য সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ ভিতৰত ৰখাৰ লগতে বজাৰত ঔষধৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰা আৰু ঔষধ উদ্যোগৰ বৃহত্তৰ স্বাৰ্থৰ মাজত চৰকাৰে ভাৰসাম্য বজাই ৰাখিবলগীয়া হয়।

উভয় পক্ষৰ যুক্তি-তৰ্ক শুনাৰ পিছত উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ ৰায়দান স্থগিত ৰাখিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১২ অক্টোবৰত আন এটা গোচৰৰ শুনানিৰ সময়ত কৰ্কট ৰোগৰ ঔষধৰ লাভৰ পৰিমাণ বা ‘ট্ৰেড মাৰ্জিন’ সৰ্বাধিক খুচুৰা মূল্যৰ (MRP) ৩০ শতাংশত সীমাবদ্ধ কৰি ৰখাৰ চৰকাৰী সিদ্ধান্তক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছিল উচ্চতম ন্যায়ালয়ে। শীৰ্ষ আদালতে জনাইছিল যে, কেন্দ্ৰৰ এই পদক্ষেপত “সন্তুষ্ট হ’ব পৰাকৈ বিশেষ একো নাই”। ইয়াৰ উপৰি, আন ঔষধসমূহৰ ক্ষেত্ৰতো কিয় লাভৰ পৰিমাণৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰি, সেই প্ৰশ্নও উত্থাপন কৰিছিল আদালতে।

ইয়াৰ পূৰ্বে চিকিৎসালয়সমূহত কৰ্কট ৰোগৰ ঔষধৰ অত্যধিক মূল্য লোৱাৰ বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল কেন্দ্ৰীয় চৰকাৰ। সেই সময়ত চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে, কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ লাভৰ পৰিমাণ সৰ্বাধিক খুচুৰা মূল্যৰ ৩০ শতাংশত সীমাবদ্ধ কৰি ৰখাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ৰোগীসকলৰ বছৰি প্ৰায় ২,৫০০ কোটি টকা ৰাহি হ’ব বুলি চৰকাৰে জনাইছিল।
##bigupdate #newsupdate #drugpricecontrolauthority #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।