Saturday, 07 November 2026
লগইন
ব্ৰেকিং

প্ৰতিবাদ নে অন্য কাৰণত নিৰ্বাচন আয়োগত বৃহৎ প্ৰশাসনিক সালসলনি ?

ৰদবদল... !

যি সময়ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৰিছে, সেই সময়তে নিৰ্বাচন আয়োগত বৃহৎ প্ৰশাসনিক সালসলনি কৰা হৈছে । ৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহে প্ৰকাশ কৰা তথ্য অনুসৰি,কেন্দ্ৰীয় চৰকাৰে শনিবাৰে কৰা এক বৃহৎ প্ৰশাসনিক সালসলনিৰ অংশ হিচাপে জ্যেষ্ঠ আমোলা প্ৰকাশ ৰাজপুৰোহিতক উপ-নিৰ্বাচন আয়ুক্ত (Deputy Election Commissioner) হিচাপে নিযুক্তি দিছে।

কৰ্মচাৰী মন্ত্ৰণালয়ৰ এক নিৰ্দেশনা অনুসৰি, ৰাজস্থান কেডাৰৰ ২০১০ বেচৰ আই এ এছ বিষয়া ৰাজপুৰোহিতক সঞ্জয় কুমাৰৰ স্থানত ২০৩০ চনৰ ৮ এপ্ৰিললৈকে এই পদত নিযুক্তি দিয়া হৈছে । একেদৰে, ১৯৯৬ বেচৰ ইণ্ডিয়ান টেলিকম চাৰ্ভিচৰ বিষয়া বিবেক খাৰেক নেচনেল টেষ্টিং এজেন্সীৰ (NTA) যুটীয়া সচিব (Joint Secretary) হিচাপে নিযুক্তি দিয়া হ’ব বুলি কোৱা হৈছে।

কেবিনেটৰ নিযুক্তি সমিতিয়ে (ACC) যুটীয়া সচিব আৰু ইয়াৰ সমপৰ্যায়ৰ স্তৰত ২৭ গৰাকী অসামৰিক সেৱা বিষয়াক নিযুক্তিৰ অনুমোদন জনাইছে । গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব হিচাপে ৰবি শংকৰ, চিত্তৰঞ্জন দাস, পি মনোজ কুমাৰ আৰু অভিষেক ভাগোটিয়াক নিযুক্তি দিয়া হৈছে ।

মহম্মদ ৱাই চাফিৰুল্লা কে আৰু ৰিতু শৰ্মাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব হিচাবে নিযুক্তি দিয়া হৈছে । অসম-মেঘালয় কেডাৰৰ ২০০৯ বেচৰ আই এ এছ বিষয়া বৰ্ণালী ডেকাক নেচনেল হেল্থ অথৰিটিৰ (National Health Authority) যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে । ম’ৰে আশীষ মাধৱৰাওক নেচনেল হেল্থ অথৰিটিৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ।

নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে নিখিল বৰ্মাক দিল্লীৰ বৈদেশিক বাণিজ্যৰ অতিৰিক্ত সঞ্চালক প্ৰধান, তনৱী সুন্দ্ৰীয়ালক কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰণালয়ৰ যুটীয়া সচিব আৰু ইন্দৰজিৎ সিঙক সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।

জ্যেষ্ঠ আই এ এছ বিষয়া তাম্বোলী আয়াউব ফকিৰভাইক ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ (IRDAI)-ৰ কাৰ্যবাহী সঞ্চালকৰ যুটীয়া সচিব, ৰাজেশ মালিকক ভাৰতীয় খাদ্য নিগম (FCI)-ৰ কাৰ্যবাহী সঞ্চালক আৰু নবীন অহাৰৱালক আইনী পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।

ব্ৰীজেশ পাণ্ডেক মূলধন উন্নয়ন বিভাগৰ যুটীয়া সচিব, এম ৰামাচন্দ্ৰুডুক সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু ছোনিয়া পণ্টক নীতি (NITI) আয়োগৰ উপদেষ্টাৰ যুটীয়া সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ।
##bigupdate #newsupdate #ECI #politicalnews #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।