Thursday, 05 November 2026
লগইন
ব্ৰেকিং

বৰষুণ, পানীৰ আকাল পৰিছে দক্ষিণ ভাৰতত, ভয়াবহ খৰাং পৰিস্থিতি

খৰাঙৰ বাবে হাহাকাৰ কৃষকৰ

নিউজ ডেস্ক : দক্ষিণ ভাৰতত দিনক দিনে বৃদ্ধি পাইছে ৰ’দৰ প্ৰকোপ । পথাৰত নোহোৱা হৈছে পানী । যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃ্ষ্টি । মহাৰাষ্ট্ৰৰ পাছত এইবাৰ কৰ্ণাটকত ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে ।

সেয়ে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী জি পৰমেশ্বৰাই বুধবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সাতটা অঞ্চলক খৰাংপীড়িত অঞ্চল হিচাবে ঘোষণা কৰা হৈছে । যাৰ ফলত বৰ্তমানলৈকে খৰাং প্ৰভাবিত অঞ্চল হিচাবে ২২৬ টা চিহ্ণিত হৈছে ।

এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা আৰ্থিক সাহায্য বিচাৰি এসপ্তাহৰ ভিতৰত স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰিছে ৰাজ্য চৰকাৰ ।

বুধবাৰে পৰমেশ্বৰাই কয়,”ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (NDRF)ৰ নিৰ্দেশনা অনুসৰি স্মাৰকপত্ৰখন দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত জ্যেষ্ঠ কেবিনেট সদস্যৰে গঠিত এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে নতুন দিল্লী ভ্ৰমণ কৰিব । আমি আৰু ৭ টা এলেকা খৰাংপীড়ি বুলি ঘোষণা কৰিম ।”

তেওঁ লগতে কয়,”ৰাজ্যখনত হোৱা মুঠ লোকচানৰ এটা আনুমানিক হিচাপ আমি লাভ কৰিম। NDRF-ৰ নিৰ্দেশনা অনুসৰি আমি কিমান পৰিমাণৰ ধন দাবী কৰিব পাৰো সেই সন্দৰ্ভত আলোচনা কৰা হ’ব। মুখ্যমন্ত্ৰী, মই নিজে আৰু অন্যান্য সদস্যসকলে স্মাৰকপত্ৰখন দাখিল কৰিবলৈ দিল্লীলৈ যোৱাৰ সিদ্ধান্ত লৈছো ।"

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এইবাৰ সমগ্ৰ ৰাজ্যতে শস্য আৰু কৃষি খণ্ডৰ লোকচানে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব ।

তেওঁ কয়, "এইবাৰ খৰাংপীড়িত হিচাপে ঘোষণা কৰা ২২৬ টা কৃষি প্ৰধান এলেকা বাবে আমি প্ৰায় ৭,০০০ কোটি টকা বিচাৰিছিলো আৰু এনেকুৱা লাগিছে যে এই বছৰ লোকচানৰ পৰিমাণ অধিক হ’ব । যোৱা বছৰ ১৮,০০০ কোটি টকা বিচৰা হৈছিল ।"
##bigupdate #newsupdate #weatherupdate #southindia #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।