নিউজ ডেস্ক : জম্মু-কাশ্মীৰক লৈ ভৰত চৰকাৰে লোৱা স্থিতিৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই । বাৰামূলাত অনুষ্ঠিত এখন কৰ্মী সন্মিলনত ভাষণ দি ফাৰুক আব্দুল্লাই দাবী কৰে যে পাকিস্তানে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত কাশ্মীৰীসকলৰ বিষয়টো উত্থাপন কৰি থকাৰ বাবেই জম্মু-কাশ্মীৰৰ ৰাইজৰ আজিও এক পৰিচয় বৰ্তি আছে।
"বিশ্বৰ চাপৰ বাবেই আজি ভাৰত চৰকাৰ মৌন হৈ আছে । আমাৰ প্ৰতিবেশী পাকিস্তানে আমাক সুৰক্ষা দি আছে । অন্যথা, ভাৰতৰ উদ্দেশ্য সঠিক নহয় ।”
ইয়াৰ পাছতে প্ৰবীণ ৰাজনীতিবিদ ফাৰুক আব্দুল্লাকীব তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে । জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিতৰ্কিত মন্তব্যক "ৰাষ্ট্ৰদ্ৰোহী" তথা "পাকিস্তান-পন্থী" বুলি অভিহিত কৰিছে বিজেপি নেতাই ।
জম্মু-কাশ্মীৰৰ শাসনাধিষ্ঠিত নেচনেল কনফাৰেন্স (NC) দলৰ মুৰব্বী আব্দুল্লাই কৈছিল যে কাশ্মীৰীসকলৰ প্ৰতি ভাৰত চৰকাৰৰ উদ্দেশ্য সঠিক নহয় আৰু পাকিস্তানৰ কূটনৈতিক প্ৰচেষ্টাৰ বাবেই তেওঁলোকৰ কণ্ঠ বিশ্বজুৰি শুনা গৈছে বুলি কৃতিত্ব দিছিল।
জম্মু-কাশ্মীৰত তেওঁৰ দলৰ চৰকাৰক সমৰ্থন কৰা মিত্ৰদল কংগ্ৰেছে কয় যে এয়া আব্দুল্লাৰ ব্যক্তিগত মত হ'ব পাৰে আৰু ভাৰতে ইয়াৰ আভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ সহ্য নকৰে। ভাৰতে সদায় স্থিতি গ্ৰহণ কৰি আহিছে যে জম্মু-কাশ্মীৰ দেশৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংশ আৰু পাকিস্তানে কেন্দ্ৰীয় শাসিত অঞ্চলটোত সন্ত্ৰাসবাদ বিয়পোৱা আৰু অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি আহিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।