নিউজ ডেস্ক : অসমে বৈজ্ঞানিক মীন পালন, আধুনিক আন্তঃগাঁথনি আৰু প্ৰযুক্তি-নিৰ্ভৰ মাছ খেতিৰ ওপৰত নতুনকৈ গুৰুত্ব আৰোপ কৰি নিজৰ বাৰ্ষিক মাছ উৎপাদন বৰ্তমানৰ ৫.৫৪ লাখ মেট্ৰিক টনৰ পৰা ২০৩০-৩১ বৰ্ষৰ ভিতৰত ১০ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ এক লক্ষ্য নিৰ্ধাৰণ কৰিছে । ৰাজ্যখনৰ মীন বিভাগে বাৰ্ষিক জনমূৰি মাছৰ ব্যৱহাৰ ২০ কে জিলৈ বৃদ্ধি কৰা, খেতিয়কৰ উপাৰ্জন দুগুণ কৰা আৰু মীন পালন তথা ইয়াৰ আনুষংগিক কাৰ্যকলাপৰ জৰিয়তে অধিক গ্ৰাম্য নিয়োগ সৃষ্টি কৰাৰো লক্ষ্য ৰাখিছে।
বিভাগীয় তথ্য অনুসৰি, যোৱা পাঁচ বছৰত অসমৰ মাছ উৎপাদনত ধাৰাবাহিক বৃদ্ধি পৰিলক্ষিত হৈছে । ২০২১-২২ বৰ্ষৰ ৪.১৭ লাখ মেট্ৰিক টনৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ৫.৫৪ লাখ মেট্ৰিক টন হৈছে । অৰ্থাৎ এই বৃদ্ধি প্ৰায় ৩৩ শতাংশ। একেদৰে, মাছৰ পোনা উৎপাদনো ২০২১-২২ বৰ্ষৰ ১৮,২১৯ নিযুতৰ পৰা ২০২৫-২৬ বৰ্ষত ২০,৩৮৯ নিযুতলৈ বৃদ্ধি পাই প্ৰায় ১২ শতাংশ বিকাশ পঞ্জীয়ন কৰিছে।
ৰাজ্যখনত বাৰ্ষিক জনমূৰি মাছৰ উপলব্ধতা ২০২১-২২ বৰ্ষৰ ১২.১৮ কে জিৰ পৰা ২০২৫-২৬ বৰ্ষত ১৫.২৭ কে জিলৈ বৃদ্ধি পাইছে, যিয়ে ঘৰুৱা উৎপাদন আৰু উপলব্ধতাৰ উন্নতি প্ৰতিফলিত কৰে। মাছ উৎপাদনৰ ক্ষেত্ৰত অসম বৰ্তমান দেশৰ অন্তৰ্দেশীয় ৰাজ্যসমূহৰ ভিতৰত চতুৰ্থ আৰু মাছৰ পোনা উৎপাদনত দ্বিতীয় স্থানত আছে।
উৎপাদন বৃদ্ধি পোৱা স্বত্বেও, ঘৰুৱা চাহিদা পূৰণৰ বাবে ৰাজ্যখনে দেশৰ অন্যান্য প্ৰান্তৰ পৰা মাছ আমদানি কৰি চলিবলগীয়া হৈছে। বিভাগীয় পৰিসংখ্যাই দেখুৱাইছে যে অসমে ২০১৯-২০ বৰ্ষত ২০,০৭৩ মেট্ৰিক টন মাছ আমদানি কৰিছিল, আনহাতে ২০২০-২১ বৰ্ষত এই আমদানি আছিল ১২,৮২৯ মেট্ৰিক টন। পৰৱৰ্তী সময়ত আমদানি বৃদ্ধি পাই ।
২০২১-২২ বৰ্ষত ২২,৭৩১ মেট্ৰিক টন আৰু ২০২২-২৩ বৰ্ষত ২৬,৪৩০ মেট্ৰিক টন হয় । ৰাজ্যখনে ২০২৩-২৪ বৰ্ষত ১৮,২৪০.৮৩ মেট্ৰিক টন, ২০২৪-২৫ বৰ্ষত ২০,৯২৫.৬১ মেট্ৰিক টন আৰু ২০২৫-২৬ বৰ্ষত ২০,৬২৩.৫৬ মেট্ৰিক টন মাছ আমদানি কৰে। আমদানি কৰা এই মাছসমূহ মূলতঃ অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু বিহাৰৰ পৰা আহে, যিয়ে থলুৱা উৎপাদন আৰু চাহিদাৰ মাজত থকা ধাৰাবাহিক ব্যৱধানক প্ৰকাশ কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।