নিউজ ডেস্ক: ভাৰতত বতৰৰ পৰিঘটনা ক্ৰমান্বয়ে সঘনাই আৰু ভয়ংকৰ হৈ পৰিছে । যাৰ ফলত দেশৰ কোনো না কোনো অংশই বছৰটোৰ সৰহভাগ দিনতে এনে পৰিঘটনাৰ সন্মুখীন হৈছে। 'চেন্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেন্ট' (CSE) আৰু 'ডাউন টু আৰ্থ' (DTE)-ৰ এক প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ পৰা ২০২৬ চনৰ ভিতৰত বাৰ্ষিক হিচাপত ৮৬ ৰ পৰা ৯৯ শতাংশ দিনত গৰম বতৰৰ তথ্য নথিভুক্ত কৰা হৈছে।
'ক্লাইমেট ইণ্ডিয়া ২০২৬: এন এচেচমেণ্ট অৱ এক্সট্ৰিম ৱেদাৰ ইভেণ্টচ' (Climate India 2026: An Assessment of Extreme Weather Events) শীৰ্ষক এই প্ৰতিবেদনখন ২০২৬ চনৰ ৪ নৱেম্বৰত প্ৰকাশ কৰা হৈছিল। ইয়াত বতৰ সম্পৰ্কীয় দুৰ্যোগৰ বৰ্ধিত হাৰ আৰু মানৱ জীৱন, কৃষি তথা জীৱিকাৰ ওপৰত ইয়াৰ প্ৰভাৱ বা পৰিণতিসমূহৰ ওপৰত আলোকপাত কৰা হৈছে।
গৰম বতৰৰ দ্বাৰা প্ৰভাৱিত দিনৰ অনুপাত ২০২২ আৰু ২০২৩ চনত ৮৬–৮৮ শতাংশৰ পৰা বৃদ্ধি পাই ২০২৪ চনত ৯৩ শতাংশ হৈছিল । যিটো বিশ্বজুৰি আৰু ভাৰততো এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ উষ্ণ বছৰ আছিল । ২০২৫ চনত এই সংখ্যা আৰু বৃদ্ধি পাই ৯৯ শতাংশ স্পৰ্শ কৰে।
২০২৬ চনৰ প্ৰথম নটা মাহত, অৰ্থাৎ ১ জানুৱাৰীৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত থকা ২৭৩ দিনৰ ভিতৰত ২৫১ দিনেই ভাৰতত চৰম বতৰৰ পৰিঘটনা সংঘটিত হৈছিল। ইয়াৰ অৰ্থ হৈছে এই সময়ছোৱাৰ প্ৰায় ৯২ শতাংশ দিনতে দেশৰ অন্ততঃ কোনোবা এটা অংশ প্ৰভাৱিত হৈছিল।
এই মূল্যায়ণত এইটোও দেখা গৈছে যে ক্ৰমাগত পাঁচ বছৰ ধৰি ভাৰতৰ সৰহভাগ অঞ্চলতে বাৰ্ষিক অন্ততঃ ১০০ দিনকৈ গৰম বতৰৰ পৰিঘটনা ঘটিছে। পাঁচ বছৰীয়া মূল্যায়ণ কালছোৱাত মধ্যপ্ৰদেশে চৰম বতৰৰ পৰিঘটনাৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত দিনৰ অভিলেখ গঢ়িছে, যিটো আছিল ৭৪৮ দিন। ইয়াৰ পিছতে হিমাচল প্ৰদেশে ৭৪০ দিন আৰু উত্তৰ প্ৰদেশে ৬৫৩ দিন স্পৰ্শ কৰিছে।
মহাৰাষ্ট্ৰ ৬৪৮ দিনৰ সৈতে চতুৰ্থ স্থানত থকাৰ বিপৰীতে অসমে ৫২৬ দিনৰ অভিলেখ লৈ পঞ্চম স্থান লাভ কৰিছে। এই পাঁচ বছৰৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত সৰ্বমুঠ ১,৩৬৬ দিন এই মূল্যায়ণৰ আওতাত অনা হৈছিল। গৰম বতৰৰ বাঢ়িৰ ফলত ব্যাপক প্ৰাণহানিও হৈছে।
প্ৰতিবেদনখনৰ মতে, এই পাঁচ বছৰীয়া সময়ছোৱাত সমগ্ৰ ভাৰততে এনে পৰিঘটনাই ১৬,২০০ গৰাকী লোকৰ প্ৰাণ কাঢ়ি লৈছে, যাৰ ভিতৰত প্ৰায় ৬৫ শতাংশ মৃত্যুই ২০২৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।