ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু অপৰেশ কুমাৰ সিঙক লৈ গঠিত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত আৱেদনখনৰ জৰুৰী শুনানিৰ বাবে আবেদন জনোৱা হৈছিল। কিন্তু এই সন্দৰ্ভত বিচাৰপীঠে দিয়া প্ৰতিক্ৰিয়া আছিল যথেষ্ট স্পষ্ট আৰু তাৎপৰ্যপূৰ্ণ।
আৱেদনকাৰীৰ অধিবক্তাই যুক্তি দৰ্শাই কয় যে দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘৰুৱা বিমান পথত টিকটৰ মূল্য স্বাভাৱিক ভাড়াতকৈ সাতশগুণ পৰ্যন্ত বৃদ্ধি পাইছে। এই সময়তে ন্যায়াধীশ বিক্ৰম নাথে অধিবক্তাৰ বক্তব্য আধাতে ৰখাই কয়, “বিমানেৰে যাত্ৰা নকৰিব। পৰৱৰ্তী গোচৰ।” ইয়াৰ পিছতে বিচাৰপীঠে পৰৱৰ্তী গোচৰৰ শুনানি গ্ৰহণ কৰে।
বিচাৰপীঠৰ এই অনীহাৰ বিৰুদ্ধে অধিবক্তাগৰাকীয়ে তীব্ৰ আপত্তি প্ৰকাশ কৰি কয় যে বৰ্তমান লাখ লাখ লোকৰ বাবে অসামৰিক বিমান পৰিবহণ এক অত্যাৱশ্যকীয় সেৱালৈ পৰিণত হৈছে।
অধিবক্তাগৰাকীয়ে যুক্তি আগবঢ়ায় যে উৎসৱৰ সময়ত বিমান সংস্থাসমূহক কোনো নিয়ন্ত্ৰণ অবিহনে এলগৰিদম-ভিত্তিক পৰিৱৰ্তনশীল ভাড়া নিৰ্ধাৰণৰ সুবিধা প্ৰদান কৰাটো সংবিধানৰ ১৪ নং অনুচ্ছেদৰ প্ৰত্যক্ষ উলংঘন। এই অনুচ্ছেদত আইনৰ দৃষ্টিত সকলোৰে সমতাৰ অধিকাৰ নিশ্চিত কৰা হৈছে।
আৱেদনখনত একেটা দিনতে একেটা বিমান পথৰ বাবে ভাড়াৰ মাজত দেখা দিয়া বৃহৎ পাৰ্থক্যৰ কথাও উল্লেখ কৰা হৈছে। ইয়াৰ উদাহৰণ হিচাপে দিল্লী–কলকাতা বিমান পথৰ এটা টিকটৰ মূল্য ৭৮,৬৯৪ টকালৈ বৃদ্ধি পোৱাৰ কথা আৱেদনখনত উল্লেখ কৰা হয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।