Saturday, 07 November 2026
লগইন
ব্ৰেকিং

নেপালত আকৌ ভয়ংকৰ বান, নিমিষতে উটুৱাই নিলে ৭টাকৈ ঘৰ

নেপালত আকৌ মহাপ্ৰলয়

নিউজ ডেস্কঃ নেপালত আকৌ বানে লৈছে ভয়ংকৰ ৰূপ । দেওবাৰেপুৱা নেপালৰ গোৰখাত বুধী গণ্ডকী নদীৰ পানীয়ে কেইবাটাও ঘৰ উটুৱাই লৈ যায় বুলি জানিব পৰা গৈছ । যাৰ বাবে প্ৰশাসনে নদীৰ পাৰত বসবাস কৰা লোকক সতৰ্কবাণী প্ৰদান কৰাৰ লগতে আৰু স্থানান্তৰৰ নিৰ্দেশ জাৰী কৰিছে।

নেপাল আৰ্মীয়ে জাৰি কৰা তথ্য মতে, হঠাতে বোকাময় পানীৰ ধল পাহাৰৰ পৰা বৈ আহিছে । যাৰ বাবে বুধী গণ্ডকী নদীৰ চুবানুমৱী গ্ৰাম্য পৌৰসভা-৬ৰ এলেকাত বৃহৎ বান অহা দেখা পোৱা গৈছে বুলি নেপাল আৰ্মীয়ে এক্স যোগে উল্লেখ কৰিছে ।

গতিকে বানপানী পাৰ হৈ নোযোৱালৈকে ত্ৰিশূলী আৰু দোভান নদীৰ পাৰলৈ নাযাব সতৰ্কতা জাৰি কৰিছে প্ৰাশাসনে । বিপৰীতে নদীৰ পাৰত বসবাস কৰা লোকক ওখ স্থানত আশ্ৰয় লবলৈ আহ্বান জনাইছে ।

দেশখৰ গোৰখাৰ মুখ্য জিলা বিষয়া ধৰ্মেন্দ্ৰ কুমাৰ মিশ্ৰই উল্লেখ কৰা অনুসৰি, "চুবনুব্ৰী গ্ৰাম্য পৌৰসভাৰ চিউৰিবাছত ভূমিস্খলন সংঘটিত হৈছে । যাৰ বাবে জগত নদীৰ পাৰত থকা পাঁচৰ পৰা সাতটা ঘৰ উটুৱাই লৈ গৈছে । নদীৰ নামনি অংশতো আন কেইটামান ঘৰ উটুৱাই লৈ যোৱাৰ খবৰ পোৱা গৈছে ।"

জিলাখনৰ স্থানীয় বিষয়াসকলৰ মতে, "দেওবাৰে পুৱাই নদীৰ পানী তীব্ৰভাৱে বৃদ্ধি পাইছিল আৰু নদীৰ প্ৰবল শব্দ শুনা গৈছিল । উগিলুং আৰু চিয়াৰ জানৰ পানীও ওফন্দি উঠে ।"
##bigupdate #newsupdate #flood #nepal #weather #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।