Thursday, 05 November 2026
লগইন
ব্ৰেকিং

তৃণমূল কংগ্ৰেছৰ চাৰিটা ইণ্ডিয়ান বেংক একাউণ্ট ফ্ৰিজ কৰাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ ন্যায়ালয়ৰ

তৃণমূল কংগ্ৰেছৰ চাৰিটা ইণ্ডিয়ান বেংক একাউণ্ট ফ্ৰিজ কৰাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ ন্যায়ালয়ৰ

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগ আৰক্ষীয়ে ফ্ৰীজ কৰা ইণ্ডিয়ান বেংকৰ চাৰিটা একাউণ্ট পুনৰ ব্যৱহাৰ কৰাৰ অনুমতি বিচৰা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ (AITC) গোটৰ এক আৱেদন অগ্ৰাহ্য কৰে। 

বিচাৰপতি এম. এম. সুন্দ্রেশ আৰু বিচাৰপতি বি. বৰালেৰ বিচাৰপীঠে কলিকতা উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰাৰ বিৰুদ্ধে দাখিল কৰা আবেদনখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। মূল গোচৰটো বৰ্তমান উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ কথা উল্লেখ কৰি, বিচাৰপীঠে সংবিধানৰ ১৩৬ নং অনুচ্ছেদৰ অধীনত থকা অধিকাৰ ক্ষেত্ৰ প্ৰয়োগ কৰিবলৈ অস্বীকাৰ কৰে। বিষয়টো নিষ্পত্তি কৰাৰ লগতে বিচাৰপীঠে উচ্চ ন্যায়ালয়ক শুনানি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈয়ো অনুৰোধ জনায়।

পশ্চিম বংগ আৰক্ষীয়ে বিধায়ক বিশ্বনাথ দাসৰ এক অভিযোগৰ ভিত্তিত আৰম্ভ কৰা অপৰাধমূলক তদন্তৰ পিছত ইণ্ডিয়ান বেংকত থকা অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ (AITC) ৪টা একাউণ্ট ডেবিট ফ্ৰীজ কৰিছিল। তৃণমূল কংগ্ৰেছে এই ৪টা বেংক একাউণ্ট পুনৰ ব্যৱহাৰ বা অপাৰেট কৰাৰ অনুমতি বিচাৰি আবেদন জনাইছিল আৰু আদালতে বৰ্তমান এই আবেদনখনৰে শুনানি গ্ৰহণ কৰিছে।

মন কৰিবলগীয়া যে এই গোচৰটো পূৰ্বৰ বিষয়টোতকৈ পৃথক কাৰণ পক্ষটোৰ ৩ টা HDFC বেংক একাউণ্ট ফ্ৰিজ কৰা হৈছিল।

যুক্তি-তৰ্ক

"মমতা বেনাৰ্জী পক্ষৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি দৰ্শায় যে, ইণ্ডিয়ান বেংকৰ চাৰিটা একাউণ্ট ফ্ৰীজ কৰাৰ ফলত দলটোৰ কাম-কাজ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে, দলটোৰ অডিট কৰা হিচাপ অনুসৰি দৈনন্দিন কাৰ্যকলাপৰ বাবে প্ৰতি মাহে সৰ্বনিম্ন ১২.১৫ কোটি টকাৰ প্ৰয়োজন হয়। সিংভীয়ে যুক্তি দৰ্শায় কয়, 'যদি কোনো এখন ৰাজ্যৰ আৰক্ষী বাহিনী—য’ত শাসকীয় দলটো মোৰ বিৰোধী—আৰক্ষী পঠিয়াই মোৰ আটাইকেইটা একাউণ্ট ফ্ৰীজ কৰি দিয়ে, তেন্তে সেয়াই হ’ব ৰাজনৈতিক কাৰ্যকলাপ বন্ধ কৰাৰ আটাইতকৈ সহজ উপায়।' তাৰোপৰি অধিবক্তাগৰাকীয়ে কয় যে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পূৰ্বৰ তিনিটা একাউণ্টৰ সৈতে বৰ্তমানৰ এই চাৰিটা একাউণটত খেলিমেলিৰ সৃষ্টি হৈছে, ইফালে উপ-নিৰ্বাচনো ওচৰ চাপি আহিছে আৰু এই একাউণ্টসমূহ ফ্ৰীজ কৰাৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াত কোনো মেজিষ্ট্ৰেটৰ ন্যায়িক অনুমোদন জড়িত হৈ থকা নাছিল।"

 আদালতৰ দ্বাৰা নিযুক্ত প্ৰশাসকগৰাকীয়ে এই একাউণ্টসমূহো পৰিচালনা কৰিব পাৰে বুলি যেতিয়া বিচাৰপীঠে পৰামৰ্শ দিছিল, তেতিয়া সিংভীয়ে উল্লেখ কৰে যে আপাততঃ এক ত্ৰুটি-বিচ্যুতিহীন বা অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে তেওঁ ইয়াক মানি ল’ব পাৰে। লগতে তেওঁ যুক্তি দিয়ে যে, দেশৰ তৃতীয় বৃহত্তম দলটো পৰিচালনা কৰিবলৈ প্ৰতি মাহে ন্যূনতম ১২.১৫ কোটি টকাৰ প্ৰয়োজন হয় আৰু ইয়াৰ ভিতৰত উপ-নিৰ্বাচন, আইনী মাচুল বা অন্যান্য খৰচসমূহ অন্তৰ্ভুক্ত হোৱা নাই।

তথ্য অনুসৰি ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৰাজ্যখনৰ আবেদনৰ বিৰোধিতা কৰি যুক্তি দৰ্শায় যে, এই গোচৰটো এটা বেলেগ FIR আৰু এটা উপদলীয় বিবাদৰ সৈতে জড়িত, য’ত এটা পক্ষই নিজকে প্ৰকৃত তৃণমূল কংগ্ৰেছ বুলি দাবী কৰিছে। তেওঁ অৱগত কৰে যে, কোনটো উপদল প্ৰকৃত দল সেই বিষয়টো সিদ্ধান্ত ল’বলৈ উচ্চতম ন্যায়ালয়ে পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগৰ ওপৰত এৰি দিছিল। তাৰোপৰি মেহতাই উল্লেখ কৰে যে, দলটোৰ উপদলৰ সৈতে জড়িত এজন ব্যক্তিগত সহকাৰীয়ে একাউণ্টবোৰত নগদ ৩৫ কোটি টকা জমা কৰিছিল, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় উভয়েই আগতীয়া জামিনৰ আবেদন নাকচ কৰিছে, আৰু পূৰ্বৰ এখন চৰকাৰৰ কাৰ্যকালত চৰকাৰী ভূমি ব্যক্তিগত ভূমিলৈ ৰূপান্তৰ কৰি পৰৱৰ্তী সময়ত বিক্ৰী কৰাৰ অভিযোগৰ ওপৰত তদন্ত চলি আছে।

ছলিচিটৰ যুক্তিৰ বিৰোধিতা কৰি সিংভীয়ে কয়,"এইবোৰ এজাহাৰ FIR ৰ সৈতে জড়িত নহয়,কেৱল আদালতৰ মনত পক্ষপাতিত্বমূলক ধাৰণা সৃষ্টি কৰাৰ বাবেহে এই দাবীসমূহ কৰা হৈছে।"

"অভিযোগকাৰীৰ পক্ষত মাত মতা জ্যেষ্ঠ অধিবক্তা কে. পৰমেশ্বৰে যুক্তি দৰ্শায় যে, পূৰ্বতে দৈনন্দিন খৰচৰ অনুমতি দিয়া হৈছিল যদিও এতিয়া আবেদনকাৰীসকলে অতিৰিক্ত খৰচৰো দাবী কৰিছে। তেওঁ নিৰ্বাচন আয়োগৰ ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰৰ এটা নিৰ্দেশৰ কথা উল্লেখ কৰে, যিটো নিৰ্দেশে প্ৰকৃত তৃণমূল কোন সেই সন্দৰ্ভত সিদ্ধান্ত নোলোৱালৈকে দলীয় প্ৰতীকটো ফ্ৰীজ কৰি ৰাখিছিল।"

ইয়াৰ বিপৰীত যুক্তি দি সিংভীয়ে কয় , নিৰ্বাচন আয়োগৰ নিৰ্দেশটো কেৱল দলীয় প্ৰতীকৰ সৈতেহে জড়িত আছিল আৰু তাত বেংক একাউণ্টৰ কোনো উল্লেখ নাছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে, HDFC একাউণ্টসমূহ ইতিমধ্যে কমিছনাৰৰ তত্ত্বাৱধানত আছিল আৰু বৰ্তমানৰ একাউণ্টসমূহ ইণ্ডিয়ান বেংকত আছে। তেওঁ ধন ৰপ্তানি আৰু "বিপুল পৰিমাণৰ নগদ ধন" জমা কৰাৰ প্ৰসংগসমূহৰ বিৰোধিতা কৰি কয় যে, এই বিষয়সমূহ বৰ্তমানৰ গোচৰৰ বিষয়বস্তু নাছিল আৰু আৰক্ষীয়ে একাউণ্ট ফ্ৰীজ কৰাৰ কোনো কাৰণ দৰ্শাব পৰা নাই।

আদালতৰ নিৰ্দেশ

"খণ্ডপীঠখনে লিপিৱদ্ধ কৰে যে, পূৰ্বৰ নিৰ্দেশসমূহ এক সুকীয়া একাউণ্টৰ সৈতে জড়িত আছিল। ছলিচিটৰ জেনেৰেলৰ নতুন অভিযোগ সম্পৰ্কীয় দাখিলৰ প্ৰতি লক্ষ্য ৰাখি খণ্ডপীঠখনে উল্লেখ কৰে যে, নিৰ্বাচন আয়োগৰ ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰৰ নিৰ্দেশে দলীয় প্ৰতীকটো ফ্ৰীজ কৰি দিছে। ফলস্বৰূপে, এই ধনৰাশী লাভ কৰাৰ প্ৰকৃত অধিকাৰী কোন, সেই বৃহৎ বিষয়টো এতিয়াও নিষ্পত্তিৰ অস্পষ্ট হৈ আছে।"

আদালতে গোচৰটোৰ গুণাগুণৰ ভিতৰলৈ যোৱাৰ পৰা বিৰত থাকে আৰু উল্লেখ কৰে যে, সংবিধানৰ ১৩৬ নং অনুচ্ছেদৰ অধীনত নিজৰ অধিকাৰক্ষেত্ৰ প্ৰয়োগ কৰিবলৈ আদালত ইচ্ছুক নহয়। আদালতে কলিকতা উচ্চ ন্যায়ালয়ক মূল গোচৰটোৰ শুনানি ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ অনুৰোধ জনায়।

দৃশ্যপট

পশ্চিম বংগৰ বিধায়ক বিশ্বনাথ দাসে ১৮ জুনত বিধাননগৰ চাইবাৰ ক্ৰাইম আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰাৰ পাছতে এই সমগ্ৰ বিষয়টোৰ উৎপত্তি হৈছিল । অভিযোগটোত দাবী কৰা হৈছিল যে, অবৈধ কাৰ্যকলাপ, প্ৰভাৱৰ অপব্যৱহাৰ আৰু অসৎ বিত্তীয় লেনদেনৰ জৰিয়তে সংগ্ৰহ কৰা ধন দলটোৰ বেংক একাউণ্টৰ জৰিয়তে সৰবৰাহ কৰা হৈছিল। সেই একে দিনাই এখন এজাহাৰ পঞ্জীয়ণ কৰা হয়। ইয়াৰ পিছতে, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে অপৰাধমূলক গোচৰ আৰু দলটোৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

কলিকাতা উচ্চ ন্যায়ালয়ে ৯ জুলাইত এক ৰিট আবেদনৰ শুনানি গ্ৰহণ কৰি ধন ধুবীকৰণ তদন্তৰ সৈতে জড়িত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটয়ে ফ্ৰীজ কৰা তিনিটা HDFC বেংক একাউণ্টৰ দৈনিক আৰু মাহিলী খৰচৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে।

১১ আগষ্টত উচ্চতম ন্যায়ালয়ে এই অন্তৱৰ্তীকালীন ব্যৱস্থাত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি এই দলটোৰ দৈনিক কাম-কাজ যাতে স্তব্ধ নহয়, তাক নিশ্চিত কৰিছিল। ন্যায়ালয়ে বিশ্বনাথ দাসকে ধৰি সংশ্লিষ্ট পক্ষসমূহৰ বাবে বিশেষ বিষয়াগৰাকীৰ ওচৰত আৰু উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা প্ৰক্ৰিয়াত নিজৰ আপত্তি উত্থাপন কৰাৰ পথ মুকলি কৰে।

ইয়াৰ পিছতে AITC য়ে ইণ্ডিয়ান বেংকৰ হৰিশ মুখাৰ্জী ৰোড শাখাত থকা চাৰিটা একাউণ্টৰ ডেবিট ফ্ৰীজ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই কলকাতা উচ্চ ন্যায়ালয়ত আন এখন ৰিট আবেদন দাখিল কৰে। ১৮ জুনৰ অভিযোগৰ ভিত্তিত আৰম্ভ কৰা অপৰাধমূলক গোচৰটোত ত্ৰুটী থকা বুলি দাবী কৰি দলটোৱে এই একাউণ্টসমূহ পৰিচালনা কৰাৰ অনুমতি বিচাৰে।

তথ্য অনুসৰি, ২৭ আগষ্টত, কলিকতা উচ্চ ন্যায়ালয়ে চাৰিটা বেংক একাউণ্ট পৰিচালনা কৰাৰ বাবে আন কোনো অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। ৰাজ্য চৰকাৰে এই সকাহৰ বিৰোধিতা কৰি যুক্তি দৰ্শায় যে, তদন্ত আইন অনুসৰি চলাই থকা হৈছে আৰু ইয়াক তাৰ যৌক্তিক পৰিণতি বা শেষ পৰ্যায়লৈকে উপনীত হ'বলৈ দিব লাগে।

উচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে, পূৰ্বৰ এটা সহ-পীঠে উচ্চতম ন্যায়ালয়ে ১১ আগষ্টত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰা নিৰ্দেশত ইতিমধ্যে ৯ জুলাইৰ এক নিৰ্দেশৰ জৰিয়তে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছক বিশেষ বিষয়াৰ অধীনত তেওঁলোকৰ দৈনিক আৰু মাহেকীয়া খৰচ-পাতি বহন কৰাৰ অনুমতি প্ৰদান কৰিছিল কৰিছিল। সেই পৰ্যায়ত আন কোনো অন্তৱৰ্তীকালীন ব্যৱস্থাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে বিষয়টো গুণাগুণৰ ভিত্তিত শুনানিৰ বাবে তালিকাভুক্ত কৰে।

উচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছক ৯ জুলাইৰ নিৰ্দেশৰ অধীনত বিশেষ বিষয়াৰ জৰিয়তে নিজৰ দৈনন্দিন আৰু মাহিলী খৰচসমূহ বহন কৰিবলৈ এটা ক’অৰ্ডিনেট বেঞ্চে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়েও ১১ আগষ্টত এই নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছিল। সেই সময়ত কোনো অতিৰিক্ত অন্তৱৰ্তীকালীন ব্যৱস্থাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে বিষয়টো গুণাগুণৰ ভিত্তিত শুনানিৰ বাবে তালিকাভুক্ত কৰে।
##newsupdate#bigupdate#breakingnews#AITC#latestnews

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।