Sunday, 08 November 2026
লগইন
ব্ৰেকিং

৩ নাবালককে ধৰি ৭ পাষণ্ডৰ কামনাৰ বলি কিশোৰী

দলবদ্ধ ধৰ্ষণ!

নিউজ ডেস্ক : বিজয়া দশমীৰ দিনা ঘৰত অকলে আছিল এগৰাকী কিশোৰী । ওচৰ-চুবুৰীয়া মানুহবোৰো গাঁৱৰ মেলা চাবলৈ গৈছিল। পিতৃ-মাতৃ পথাৰত কাম কৰাত ব্যস্ত আছিল। তাৰে সুযোগ গ্ৰহণ কৰিলে কিছুমান মানৱৰূপী দানৱে। অভিযোগ অনুসৰি, ৭ পাষণ্ড মিলি কিশোৰীগৰাকীৰ মুখত ধৰি জোৰকৈ লৈ টানি নিয়ে। ধৃত ৭ পাষণ্ডৰ ভিতৰত তিনিটা নাবালক ।তেলেংগানাত সংঘটিত হৈছে এই জঘন্য ঘটনা।

অভিযুক্তকেইটাই কিশোৰীগৰাকীক কাষৰ গাঁৱলৈ লৈ যায়। তাৰ পিছত সাত ধৃত মিলি কিশোৰীগৰাকীক গণধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ঘৰলৈ উভতি আহি কিশোৰীগৰাকীক দেখা নাপাই পিতৃ-মাতৃ চিন্তিত হৈ পৰে। তেওঁলোকে গাঁৱৰ লোকসকলৰ ওচৰত খবৰ লয়। কিন্তু কোনেও তেওঁক দেখা নাই বুলি জনায়। নিশাটো ধৰি কিশোৰীগৰাকীৰ সন্ধান চলোৱা হয়। পিছদিনা পুৱা কিশোৰীগৰাকীক তেওঁলোকৰ গাঁৱৰ ওচৰৰ পৰা উদ্ধাৰ কৰা হয়। অভিযুক্তসকলে কিশোৰী গৰাকীক পেলাই থৈ পলায়ন কৰে।

ঘৰলৈ উভতি আহি কিশোৰীগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃক সকলো ঘটনা অৱগত কৰে। তাৰ পিছতেই তেওঁলোকে কন্যাক লৈ আৰক্ষীৰ কাষ চাপে। অভিযুক্তকেইটাৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযোগ লাভ কৰাৰ পিছত আৰক্ষীয়ে সাত অভিযুক্তৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰে। শুক্ৰবাৰে আৰক্ষীয়ে সাতজন অভিযুক্তক নিজৰ জিম্মাত লয়। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত তিনিটা নাবালক। ৭ অভিযুক্তৰ ঘৰ চেৰিয়াল আৰু ধুলমিট্টা গাঁৱত।

উল্লেখ্য যে, প্ৰায় ছমাহ পূৰ্বে অন্ধ্ৰ প্ৰদেশৰ পালানাডু জিলাৰ মাচেৰলা চহৰত এগৰাকী চৰকাৰী কৰ্মচাৰীক পানী বিচৰাৰ অজুহাতত ঘৰত প্ৰৱেশ কৰা এজন লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। যেতিয়া মহিলাগৰাকীয়ে অচিনাক্ত লোকজনক HIV Positive বুলি কয়, তেতিয়া তেওঁৰ যৌনাংগত লোহাৰ ৰড সুমুৱাই দিয়া হয়।ঘটনাৰ সময়ত ঘৰটোত অকলশৰে আছিল চৰকাৰী কৰ্মচাৰীগৰাকী। এই ধৰ্ষণ কাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় ।
##bigupdate #newsupdate #telengana #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।