Sunday, 08 November 2026
লগইন
ব্ৰেকিং

"বিজেপিয়ে কিয় যুৱপ্ৰজন্মক ইমান ভয় কৰে?" বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক গৌৰৱ গগৈ!

বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক গৌৰৱ গগৈ!

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-নেতা গৌৰৱ গগৈয়ে দেওবাৰে গুৱাহাটীত ক'কৰোছ জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক আৰক্ষীয়ে আটক কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই কাৰ্য সম্পূৰ্ণ অগ্ৰাহ্যযোগ্য, অযুক্তিকৰ আৰু অবৈধ বুলি অভিহিত কৰে।

"বিজেপিয়ে কিয় যুৱপ্ৰজন্মক ইমান ভয় কৰে?" বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক গৌৰৱ গগৈ!


ইযাৰ পূৰ্বেও CJP ৰ উদ্যোগত গুৱাহাটীত স্বেচ্ছাসেৱী সভাৰ আয়োজন কৰা হৈছিল যদিও আৰক্ষীয়ে CJPৰ আশুতোষ ৰাংকা আৰু সংগঠনটোৰ অন্যান্য সদস্যসকলক আটক কৰে। 

এই ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰলৈ পোনপটীয়া প্ৰশ্ন কৰে। তেওঁ কয়, "কিয় বিজেপি চৰকাৰখনে যুৱপ্ৰজন্মলৈ ভয় কৰে? হিন্দু-মুছলমান কৰি থকা বিজেপিৰ বিভাজনকাৰী ৰাজনীতিক যুৱপ্ৰজন্মই মানি নোলোৱাৰ বাবে বিজেপি চৰকাৰ আতংকিত হৈছে নেকি?"

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰি কয় যে, আতংকিত হৈ পৰা বিজেপি চৰকাৰখনে গণতান্ত্ৰিক নীতি-নিয়মক উলংঘন কৰি কেৱল যুৱ নাগৰিকৰ ভোট চুৰি আৰু তেওঁলোকৰ মুক্ত কণ্ঠ ৰোধ কৰিবলৈ দমনমূলক কৌশল অৱলম্বন কৰিছে। লগতে তেওঁ উদাত্ত কণ্ঠৰে কয় যে, কাৰ্যকৰী গণতন্ত্ৰত সমালোচনা আৰু মুক্ত মত প্ৰকাশক দমন কৰাটো কেতিয়াও সহ্যকৰ বিষয় নহয়।

তাৰোপৰি গগৈয়ে কয় যে, অসমৰ ন্যায় বিচৰা যুৱপ্ৰজন্মৰ কাষত তেওঁ সদায় দৃঢ়তাৰে থিয় দিব আৰু এনে স্বৈৰাচাৰী প্ৰৱণতাৰ বিৰুদ্ধে কণ্ঠ উঠাব। 

শেহতীয়াকৈ শনিবাৰৰ দিনটোত ঘোষণা কৰিছিল যে, সংগঠনটোৱে গুৱাহাটীৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ছাত্ৰী-ছাত্ৰীসকলৰ পৰিয়ালক সাক্ষাৎ কৰিব। লগতে CJP য়ে স্থানীয় স্বেচ্ছাসেৱীসকলৰ সৈতেও এখন বৈঠকৰল পৰিকল্পনা কৰাৰ কথাও উল্লেখ কৰিছিল। 

উল্লেখ্য যে, আশুতোষ ৰাংকাই বৈঠকৰ পূৰ্বে সাংবাদিকৰ আগত কয়, 'ক'কৰোছা জনতা পাৰ্টীৰ আন্দোলন সমগ্ৰ দেশত বিয়পি পৰিছে আৰু উত্তৰ-পূবত আমি বিশেষ সমৰ্থন লাভ কৰিছো। আন্দোলনৰ প্ৰথম দিনচোত অসমৰ বহু সহকৰ্মী উপস্থিত আছিল । আমি বিদ্যালয়সমূহ পৰিদৰ্শন কৰিম আৰু বিভিন্ন পৰিয়ালক সাক্ষাৎ কৰি শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিম। লগতে আমি ইয়াত দীৰ্ঘদিনধৰি কঠোৰ পৰিশ্ৰম কৰি অহা স্বেচ্ছাসেৱকসকলকো সাক্ষাৎ কৰিম।'
##newsupdate#breakingnews#bigupdate#politicalupdate#bjp#congress#cjp

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।