Wednesday, 25 November 2026
লগইন
ব্ৰেকিং

বিশ্বজুৰি বিক্ৰী হ্ৰাস পাইছে জিম বিমে হুইস্কিৰ, অনিৰ্দিষ্টকাললৈ বন্ধ হুইস্কি প্ৰস্তুত কৰা কাৰখানা

বন্ধ জিম বিম হুইস্কি প্ৰস্তুত কৰা কাৰখানা !

নিউজ ডেস্ক : আমেৰিকাৰ বিখ্যাত হুইস্কি ব্ৰেণ্ড জিম বিমে (Jim Beam) কথা নিশ্চিয় আপুনিও জানে । কিন্তু বিশ্বজুৰি জিম বিমে (Jim Beam) বিক্ৰী হ্ৰাস পাইছে । ইফালে হুইস্কিৰ বিক্ৰী কমি অহা আৰু গোদামত প্ৰচুৰ পৰিমাণে মাল জমা হৈ থকাৰ বাবে জিম বিমে (Jim Beam) কেণ্টাকিৰ ক্লেৰমণ্টত থকা মূল কাৰখানাটোত উৎপাদন অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিব বুলি ঘোষণা কৰিছে ।

উল্লেখ্য যে, জাপানৰ এটা সুৰা কোম্পানী চাণ্টৰী গ্ল'বেল স্পিৰিটছৰ (Suntory Global Spirits) অধীনত থকা এই বিখ্যাত আমেৰিকান হুইস্কি ব্ৰেণ্ডটোৱে যোৱা ডিচেম্বৰ মাহত জনাইছিল যে ২০২৭ চনত পুনৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনাৰে তেওঁলোকে ক্লেৰমণ্টৰ কাৰখানাটো এবছৰৰ বাবে বন্ধ ৰাখিব ।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, ক্লেৰমণ্টৰ এই কাৰখানাটো কেতিয়া পুনৰ খোল খাব সেয়া অনিশ্চিত হৈ পৰিছে । কোম্পানীটোৱে 'দ্য কুৰিয়াৰ জাৰ্নেল'ক এই কথা জনাইছে।

চাণ্টৰীয়ে কয় যে বজাৰৰ চাহিদা, হাতত জমা থকা কেঁচা সামগ্ৰী আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তালৈ চাইহে তেওঁলোকে কেণ্টাকিত উৎপাদন চলায় । ভৱিষ্যতে উৎপাদনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত তেওঁলোকে আকৌ এবাৰ বিবেচনা কৰিব বুলি জনাইছে ।

ইফালে, জিম বিমে তেওঁলোকৰ উৎপাদনৰ কাম কেণ্টাকিৰ বষ্টনত থকা ওচৰৰে 'বুকাৰ নো ডিষ্টিলাৰী'লৈ (Booker Noe Distillery) লৈ গৈছে । তথ্য অনুসৰি, বছৰি ৪.৫ কোটি (৪৫ নিযুত) গেলন হুইস্কি তৈয়াৰ কৰিব পৰা ক্ষমতা থকা এইটোৱেই ব্ৰেণ্ডটোৰ আটাইতকৈ ডাঙৰ কাৰখানা আছিল ।

সংস্থাটোৰ মুৰব্বী মাৰ্টেন ল'ডেউইকছে কয় যে স্কচ, আমেৰিকান, জাপানী বা আইৰিছ— সকলো হুইস্কিৰ ক্ষেত্ৰতে দাম অনুসৰি গ্ৰাহকৰ পচন্দ ভাগ হৈ গৈছে । বৰ্তমান সকলো ধৰণৰ হুইস্কিৰ বিক্ৰী বঢ়াৰ পৰিৱৰ্তে কেৱল নিৰ্দিষ্ট কিছুমান দামৰ হুইস্কিৰহে বিক্ৰী বাঢ়িছে । বেছিভাগ ক্ষেত্ৰতে দামী (প্ৰিমিয়াম) হুইস্কিৰ বিক্ৰী বাঢ়িছে, কিন্তু সাধাৰণ আৰু কম দামী হুইস্কিবোৰৰ বিক্ৰী কমি লোকচান হৈছে ।

কেণ্টাকি ডিষ্টিলাৰ্ছ এছ'চিয়েশ্যনৰ ৱেবছাইটৰ তথ্য অনুসৰি, ২০২৫ চনৰ অক্টোবৰ মাহলৈকে তেওঁলোকৰ সদস্য কোম্পানীবোৰৰ হাতত ১.৬১ কোটি (১৬.১ নিযুত) বেৰেল হুইস্কি জমা হৈ আছিল।
##Jim Beam whiskey #whiskey manufacturing plant #USA Jim Beam #JAPAN

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।