Friday, 06 November 2026
লগইন

পত্নীৰ চৰম সিদ্ধান্তৰ পিছতো অত্যাচাৰ স্বামীৰ। টুকুৰা-টুকুৰ কৰিলে মৃতদেহ

মৃত্যুৰ পিছতো অত্যাচাৰ শৱদেহ

নিউজ ডেস্ক : পত্নীয়ে চৰম সিদ্ধান্ত লোৱাৰ পিছতো সাৰি যাব নোৱাৰিলে শৱদেহ। আমেৰিকাত হত্যাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ভাৰতীয় মূলৰ ব্যক্তিৰ বিৰুদ্ধে। অভিযুক্তজনৰ নাম নৰেশ ভট্ট। পত্নী মমতা কাফলে ভট্টক হত্যা কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে ভাৰ্জিনিয়াত।

আদালতত ধৃত নৰেশে দাবী কৰে যে, তেওঁ সেই সময়ত ঘৰত নাছিল। ঘৰলৈ উভতি আহি তেওঁ পত্নীক অচেতন অৱস্থাত পৰি থকা দেখিছিল। তেওঁৰ মুখৰ পৰা ফেন ওলাই আছিল। তেতিয়াই তেওঁ বুজি পাইছিল যে পত্নীয়ে কিবা বিষাক্ত দ্ৰব্য সেৱন কৰিছে। তেওঁ CPR দি পত্নীক প্ৰাথমিকভাৱে সুস্থ কৰি তোলাৰ চেষ্টা কৰিছিল যদিও তেওঁক বচাব নোৱাৰিলে। অৱশ্যে, তেওঁৰ এই দাবীৰ সত্যতাক লৈ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰীসকলে। তদন্তকাৰীসকলৰ দাবী, এয়া আত্মহত্যা নহয়, বৰং নৰেশেই পত্নীক হত্যা কৰিছিল। যদিও আদালতত নিজকে নিৰ্দোষী বুলি দাবী কৰে নৰেশক।

পত্নীক এনে অৱস্থাত দেখিও তেওঁ কিয় ৯১১ নম্বৰত ফোন কৰা নাছিল বুলি আদালতে নৰেশক কৰা প্ৰশ্নৰ উত্তৰত নৰেশে কয়, ‘‘নাজানো, কিয় ফোন কৰা নাছিলোঁ। অৱশ্যে, মই ভয় খাই পৰিছিলোঁ। সকলোবোৰ যেন খেলিমেলি হৈ পৰিছিল।’’

তদন্তকাৰীসকলৰ দাবী, পত্নীক হত্যা কৰি তেওঁৰ মৃতদেহ নোহোৱা কৰাৰ চেষ্টা কৰিছে নৰেশে।

তথ্য অনুসৰি, পত্নীৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ পিছত নৰেশে তেওঁৰ মৃতদেহ টুকুৰা টুকুৰ কৰি নদীত পেলাই থৈ আহিছিল। মমতা কিয় কাৰ্যালয়লৈ অহা নাই, সেই বিষয়ে খবৰ লোৱাৰ সময়তে সমগ্ৰ ঘটনা পোহৰলৈ আহে। মমতাৰ এগৰাকী আত্মীয়ই তেওঁৰ সন্ধানহীন হোৱাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে। নৰেশেও নিজাববীয়াকৈ এখন সন্ধানহীনৰ ডায়েৰী দাখিল কৰে। তদন্তত নামি আৰক্ষীয়ে দম্পতীহালৰ শোৱনি কোঠা আৰু বাথৰুমত তেজৰ দাগৰ লগতে এটা বৈদ্যুতিক কৰত উদ্ধাৰ কৰে।

তেতিয়াৰ পৰাই আৰক্ষীৰ সন্দেহ হোৱাত নৰেশক আটক কৰি সোধা-পোছা কৰে। আৰক্ষীৰ জেৰাত নৰেশে দাবী কৰে যে তেওঁৰ পত্নীয়ে আত্মহত্যা কৰিছিল। তেওঁ পত্নীৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি পট’মেক নদীত পেলাই দিছিল। লগতে দাবী কৰে যে পত্নীৰ মৃত্যুৰ পিছত নিজেও আত্মহত্যা কৰিব বিচাৰিছিল। কিন্তু কিয় পত্নীৰ মৃতদেহ টুকুৰা-টুকুৰ কৰিছিল, সেই সন্দৰ্ভত নৰেশে স্পষ্টকৈ একো কোৱা নাই। তদন্তকাৰীসকলে ইয়াৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।
##bigupdate #newsupdate #america #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।