নিউজ ডেস্ক : পুনৰ ঘণ্টাত ১২০ কিলোমিটাৰ বেগেৰে আহিব বিধ্বংসী সাগৰীয় ঘূৰ্ণীবতাহ । লগতে ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিব পাৰে ভয়ংকৰ পৰিস্থিতি। প্ৰকৃতিৰ এই ভয়ংকৰ ধুমুহাই বিস্তৰ ক্ষতি কৰাৰ সম্ভাৱনা আছে । নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে বতৰ বিজ্ঞানীসকলে সতৰ্কবাণী জাৰি কৰিছে যে সাগৰৰ বুকুত এনে এটা ব্যৱস্থাৰ সৃষ্টি হৈছে, যিটোৱে পৰৱৰ্তী কেইঘণ্টামানৰ ভিতৰতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ।
বিজ্ঞানীসকলে জাৰি কৰা সতৰ্কতা অনুসৰি, ‘কাইল’ (Kyle) নামৰ ধুমুহাই যোৱা দুসপ্তাহ ধৰি সাগৰত বিৰাজ কৰি আছে । সেয়ে শান্ত পৰিৱেশ ভংগ কৰি আটলাণ্টিক মহাসাগৰত নতুনকৈ বতৰজনিত অস্থিৰতাৰ সৃষ্টি হৈছে । এই মুহূৰ্তত বতৰ বিজ্ঞানীসকলৰ দৃষ্টি নিবদ্ধ হৈ আছে আটলাণ্টিক বেচিনৰ ওপৰত।
এই বতৰজনিত ব্যৱস্থাটোৱে বতাহৰ গতি আৰু বায়ুমণ্ডলীয় চাপৰ শক্তি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় বতৰ বিজ্ঞানৰ নিয়ম অনুসৰি ইয়াৰ নাম ৰখা হ’ব ‘কাইল’ (Kyle)। বাহামাছৰ উত্তৰ-পূব দিশত কেইবাশ মাইল দূৰত আৰু আমেৰিকাৰ পূব উপকূলৰ পৰা আঁতৰত মুকলি সাগৰত নিম্নচাপৰ এক বৃহৎ অঞ্চল গঠন হোৱা দেখা গৈছে।
বতৰ বিশেষজ্ঞসকলৰ মতে, এই ব্যৱস্থাটো দ্ৰুতগতিত আগবাঢ়িছে আৰু বাৰ্মুডাৰ দৰে দ্বীপাঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। সাধাৰণতে নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে মহাসাগৰসমূহত ধুমুহাৰ তীব্ৰতা কমিবলৈ ধৰে। কিন্তু এইবাৰ পৰিস্থিতি কিছু ব্যতিক্ৰম। ২১-২২ অক্টোবৰত সৃষ্টি হোৱা ‘জোছেফিন’ ধুমুহাৰ পিছৰে পৰা সাগৰ শান্ত হৈ আছিল।
বতৰ বিশেষজ্ঞসকলৰ মতে, এই ব্যৱস্থাটো দ্ৰুতগতিত আগবাঢ়িছে আৰু বাৰ্মুডাৰ দৰে দ্বীপাঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। সাধাৰণতে নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে মহাসাগৰসমূহত ধুমুহাৰ তীব্ৰতা কমিবলৈ ধৰে। কিন্তু এইবাৰ পৰিস্থিতি কিছু ব্যতিক্ৰম। ২১-২২ অক্টোবৰত সৃষ্টি হোৱা ‘জোছেফিন’ ধুমুহাৰ পিছৰে পৰা সাগৰ শান্ত হৈ আছিল। কিন্তু এতিয়া সেই শান্ত পৰিৱেশ ভংগ হোৱাৰ আশংকা দেখা দিছে।
এই ধুমুহাবোৰত বতাহৰ দিশ আৰু গতি অতি দ্ৰুতগতিত সলনি হ’ব পাৰে। সাধাৰণতে এনে ধুমুহাত বতাহৰ গতি ঘণ্টাত ১০৫ৰ পৰা ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। ঘণ্টাত ১২০ কিলোমিটাৰ বেগেৰে অহা বতাহৰ প্ৰচণ্ড জোকাৰণিয়ে স্থলভাগ বা উপকূলীয় অঞ্চলত খুন্দা মাৰিলে গছ উভালি পৰিব পাৰে, বিদ্যুতৰ খুঁটা বাগৰি পৰিব পাৰে আৰু দুৰ্বল আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হ’ব পাৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।