নিউজ ডেস্ক : বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনক সাক্ষাৎ কৰে ইৰানৰ নিৰাপত্তা প্ৰধান মহচেন ৰেজায়ীয়ে । জানিব পৰা মতে, মস্কোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ সম্ভৱপৰ সকলো প্ৰয়াস কৰিবলৈ সাজু বুলি পুতিনে ইৰানক আশ্বাস দিছে । পুতিনে ইৰানৰ পাৰমাণৱিক প্ৰতিষ্ঠানসমূহৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে আৰু এই সংঘাতক অন্যায় বুলি অভিহিত কৰিছে।
ইৰানৰ সম্প্ৰচাৰক প্ৰেছ টিভিৰ মতে, "পুতিনে যুদ্ধৰ অন্ত পেলোৱাত সহায় কৰিবলৈ তেওঁ সাধ্যানুসৰি সকলো কৰিব।"
পুতিন আৰু ৰেজায়ীই নিৰাপত্তা সন্দৰ্ভত আলোচনা
বৈঠকৰ অন্তত ভাষণ দি ৰেজায়ীয়ে কয় যে দুয়োপক্ষই উন্নয়ন, যুদ্ধোত্তৰ ব্যৱস্থা আৰু ভৱিষ্যতৰ নিৰাপত্তা পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছে। তেওঁ কয়, "গুৰুত্বপূৰ্ণ আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত মিষ্টাৰ পুতিনৰ সৈতে পৰামৰ্শ কৰা হৈছিল আৰু যুদ্ধোত্তৰ সময়ছোৱা তথা আঞ্চলিক নিৰাপত্তা ব্যৱস্থাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ আলোচনা উত্থাপন কৰা হৈছিল।"
শক্তি খণ্ডৰ সহযোগিতা, বিশেষকৈ ৰাছিয়া আৰু ইৰানক সংযোগ কৰা এটা প্ৰস্তাৱিত গেছ পাইপলাইনৰ বিষয়টোও কাৰ্যসূচীত আছিল। ৰেজায়ীয়ে কয় যে এই প্ৰকল্পটোৱে ইৰানক ঘৰুৱা গেছৰ নাটনি দূৰ কৰাত সহায় কৰিব পাৰে আৰু একে সময়তে ৰাছিয়াক ওচৰ-চুবুৰীয়া দেশসমূহলৈ গেছ যোগান ধৰিবলৈ সক্ষম কৰিব।
ৱাশ্বিংটন আৰু টেহৰানৰ মাজত চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ বাবে চলোৱা কূটনৈতিক প্ৰচেষ্টাৰ মাজতে এই বৈঠক অনুষ্ঠিত হৈছে। আলোচনাসমূহ মূলতঃ হৰমুজ প্ৰণালীৰ ভৱিষ্যত স্থিতি, ইৰানৰ বন্দৰসমূহত আমেৰিকাৰ অৱৰোধ, নিষেধাজ্ঞা আৰু ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ ওপৰত কেন্দ্ৰীভূত হৈছে। অৱশ্যে টেহৰানে ইংগিত দিছে যে এই ক্ষেত্ৰত কোনো ডাঙৰ সফলতা লাভ কৰাটো এতিয়াও কঠিন হৈ আছে।
ৰেজায়ীয়ে কয় যে তেওঁ পুতিনক জনাইছে যে ইৰানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখত সাতটা চৰ্ত ৰাখিছে আৰু ৱাশ্বিংটনে সেইবোৰ পূৰণ নকৰা পৰ্যন্ত ইৰানে হৰমুজ প্ৰণালী পুনৰ নোখোলে আৰু আলোচনাও আৰম্ভ নকৰে। ৰেজায়ীয়ে লগতে কয়, "অৱশ্যে আমি তেওঁক কৈছোঁ যে কূটনীতিৰ বিষয়ত আমি আমেৰিকানসকলক সাতটা চৰ্তৰ কথা ঘোষণা কৰিছো, যেতিয়ালৈকে তেওঁলোকে আমাৰ সাতটা চৰ্ত কাৰ্যকৰী নকৰে, তেতিয়ালৈকে আমি হৰমুজ প্ৰণালীও নোখোলো আৰু আলোচনাও নকৰো ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।