Friday, 06 November 2026
লগইন
ব্ৰেকিং

পেৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনাৰ পদত্যাগ, বেংক সংকটক লৈ দেশজুৰি প্ৰতিবাদ

বেংক বন্ধক লৈ দেশজুৰি প্ৰতিবাদ

নিউজ ডেস্ক : আমেৰিকাৰ মিত্ৰ হিচাপে পৰিচিত পেৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনাই বৃহস্পতিবাৰে পদত্যাগ কৰে। তেওঁৰ সৈতে সম্পৰ্ক থকা এটা বেংকৰ ওপৰত চৰকাৰে নিয়ন্ত্ৰণ গ্ৰহণ কৰাৰ পাছতে দেশখনৰ প্ৰায় আধা জনসংখ্যাই নিজৰ ধন উলিয়াব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল।

দুদিন পূৰ্বে পেৰাগুৱেৰ কেন্দ্ৰীয় বেংকে উৱেনো (Ueno) বেংক নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ ফলত প্ৰায় ৩০ লাখ লোকৰ বেংক জমা ধন আবদ্ধ হৈ পৰে। ইয়াৰ ভিতৰত পেঞ্চনভোগীসকলো আছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদ আৰম্ভ হয়।

বৃহস্পতিবাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দেশখনৰ সংসদ ভৱনৰ সন্মুখত সমবেত হয়। অৱশ্যে সংসদীয় অনুমোদন লাভ নকৰালৈকে কাৰিকৰীভাৱে তেওঁ এতিয়াও ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ আছে।

প্ৰতিবাদকাৰীসকলে ‘আমাৰ ধন ঘূৰাই দিয়ক’ বুলি শ্ল'গান দিয়া শুনিবলৈ পোৱা গল । ইয়াৰ পূৰ্বে হোৱা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰো সৃষ্টি হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীহিলৈ ব্যৱহাৰ কৰিছিল।

এএফপিক ২১ বছৰীয়া ছাত্ৰ তথা প্ৰতিবাদকাৰী আন্দ্ৰেছ মালডোনাডোৱে কয়, "আমাৰ পৰিয়ালৰ হাতত থকা ধন শেষ হৈ গৈছে। আমাৰ হাতত এতিয়া নগদ ধনো নাই। ছাণ্টি (পেনা) এজন অপৰাধী। তেওঁক কাৰাগাৰলৈ পঠিয়াব লাগে।"

ইফালে, এই বেংক সংকটক কেন্দ্ৰ কৰি ৰাষ্ট্ৰপতি পেনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে সংসদৰ সদস্যসকলে সৰ্বসন্মতিক্ৰমে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বেংকটোৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ পৰিপ্ৰেক্ষিতত লেনদেনৰ ক্ষেত্ৰত অসৎ আচৰণ আৰু স্বাৰ্থৰ সংঘাতৰ অভিযোগ উত্থাপন কৰিছে আইন প্ৰণেতাসকলে।

আনহাতে, পেৰাগুৱেৰ কেন্দ্ৰীয় বেংকে জনোৱা অনুসৰি, মূলধনৰ ভয়াৱহ নাটনিৰ বাবেই উৱেনো বেংকক নিজৰ নিয়ন্ত্ৰণলৈ অনা হৈছে। আমানতকাৰীসকলৰ ধন সুৰক্ষিত কৰা আৰু দেশখনৰ বিত্তীয় ব্যৱস্থাৰ স্থিৰতা বজাই ৰখাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি কেন্দ্ৰীয় বেংকে প্ৰকাশ কৰে।

উল্লেখ্য যে, মঙলবাৰ আৰু বুধবাৰে উৱেনো বেংকৰ শাখাসমূহৰ পৰা নিজৰ জমা ধন উলিয়াবলৈ অহা গ্ৰাহকৰ দীঘলীয়া শাৰী ৰাজধানী আছুনচিয়নৰ বিভিন্ন পথলৈকে বিস্তৃত হৈ পৰিছিল।

ৰাষ্ট্ৰপতি পেনাৰো পূৰ্বে বেংকটোৰ নিয়ন্ত্ৰণকাৰী এটা গোটত অংশীদাৰিত্ব আছিল। অৱশ্যে যোৱা বছৰ তেওঁ নিজৰ শ্বেয়াৰ বিক্ৰী কৰিছিল।

সংকটৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পেনাই কেন্দ্ৰীয় বেংকৰ সভাপতি কাৰ্লোছ কাৰ্ভালোৰ পদত্যাগৰ আহ্বান জনাইছিল আৰু তেওঁ সেই আহ্বানত সন্মতি প্ৰদান কৰিছিল। লগতে আবদ্ধ হৈ থকা ধন পাঁচ দিনৰ ভিতৰত ঘূৰাই দিয়াৰ সময়সীমাও নিৰ্ধাৰণ কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। কিন্তু এই দুয়োটা পদক্ষেপেও দেশখনৰ পৰিস্থিতি স্বাভাৱিক কৰাত সফল নহ'ল।
##bigupdate #newsupdate #internationalnews # Santiagopeña #peragoue #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।