Saturday, 07 November 2026
লগইন
ব্ৰেকিং

দুই হেলিকপ্টাৰ মুখামুখি সংঘৰ্ষ, কেইবাজনো পৰ্যটকৰ মৃত্যুৰ আশংকা

দুই হেলিকপ্টাৰ মুখামুখি সংঘৰ্ষ !

নিউজ ডেস্ক : নেপালত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা । নেপালৰ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মঙলবাৰে নেপালৰ ছোলুখুম্বু জিলাত অৱতৰণ কৰাৰ সময়ত দুখন হেলিকপ্টাৰৰ মাজত হোৱা সংঘৰ্ষত এজন ৪৭ বছৰীয়া ভাৰতীয় নাগৰিক নিহত হয় আৰু আন এজন যাত্ৰী আহত হয়।

নেপাল আৰক্ষীৰ এক বিবৃত্তি অনুসৰি, মঙলবাৰে ছোলুখুম্বু জিলাৰ খুুম্বু পাছাং লহামু গ্ৰাম্য পৌৰসভাৰ ৪ নম্বৰ ৱাৰ্ডৰ ফেৰিচেত (Pheriche) অৱতৰণ কৰাৰ সময়ত এই দুয়োখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ হয় । 
ছোলুখুম্বুৰ জিলা আৰক্ষী কাৰ্যালয়ৰ তথ্য অনুসৰি, ফিছটেইল এয়াৰ (Fishtail Air) আৰু এয়াৰ ডাইনেষ্টি (Air Dynasty) নামৰ বিমান প্ৰতিষ্ঠান দুয়োখনে পৰিচালনা কৰা হেলিকপ্টাৰ দুখনৰ মাজত স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৮.১১ বজাত সংঘৰ্ষৰ ঘটনাটো ঘটে। মাউণ্ট এভাৰেষ্টৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত লুকুলা বিমানকোঠৰ পৰা দুয়োখন হেলিকপ্টাৰে উৰণ আৰম্ভ কৰিছিল।

আৰক্ষী পৰিদৰ্শক মৌচম তামাঙে জনোৱা মতে, মৃত ব্যক্তিজনক বসন্ত কুমাৰ বালৰামৰামদু (Vasanth Kumar Balaramaramadu) বুলি চিনাক্ত কৰা হৈছে, যিজন ফিছটেইল এয়াৰৰ হেলিকপ্টাৰখনত যাত্ৰা কৰা এগৰাকী ভাৰতীয় নাগৰিক আছিল।

একেখন হেলিকপ্টাৰতে থকা নিউজিলেণ্ডৰ বাসিন্দা ৪৯ বছৰীয়া ভাৰতীয় মূলৰ শৈলেশ কৃষ্ণ পেটেলো এই সংঘৰ্ষত আহত হয়। তামাঙে জানিবলৈ দিয়া মতে, তেওঁক প্ৰভু হেলিকপ্টাৰেৰে কাঠমাণ্ডুৰ মেডিকিটি হাস্পতাললৈ লৈ যোৱা হয়।

এই ঘটনাত নেপালী পাইলট দুজন ক্ৰমে ফিছটেইল এয়াৰৰ ৰবীন্দ্ৰ প্ৰজাপতি আৰু ডাইনেষ্টি এয়াৰৰ প্ৰজ্বল কে.চি.ও আহত হয় আৰু তেওঁলোককো উন্নত চিকিৎসাৰ বাবে কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা হৈছে। ডাইনেষ্টি এয়াৰৰ হেলিকপ্টাৰখনে মালবস্তু (cargo) কঢ়িয়াই নিছিল।

ফেৰিচে অঞ্চলটো মাউণ্ট এভাৰেষ্ট বেছ কেম্পলৈ যোৱা পথত, কাঠমাণ্ডুৰ পৰা ১৫০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত।

আৰক্ষীয়ে জনোৱা মতে, বালৰামৰামদুৰ মৃতদেহ লুকুলাৰ এখন হাস্পতাললৈ লৈ যোৱা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে অতি সোনকালে কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা হ’ব।

সংঘৰ্ষৰ সময়ত হেলিকপ্টাৰ দুখনত মুঠ কিমানজন যাত্ৰী আছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ অধিক সবিশেষ তথ্য সংগ্ৰহ কৰি থকা বুলি জানিবলৈ দিছে।

অত্যন্ত দুৰ্গম পাহাৰীয়া ভূখণ্ড, উচ্চতাৰ ফলত হোৱা অপ্ৰত্যাশিত বতৰ আৰু পুৰণি আন্তঃগাঁথনিৰ বাবে নেপালত প্ৰায়ে হেলিকপ্টাৰ আৰু বিমান দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় ।
##bigupdate #newsupdate #helicoptercollides #nepal #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।