নিউজ ডেস্ক : সাধাৰণ জনতাক ‘উচটনি’ দিয়াৰ অভিযোগত এইবাৰ বিশিষ্ট পৰিৱেশকৰ্মী তথা শিক্ষাবিদ ছোনম ৱাংচুকৰ গতিবিধিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে লেহ জিলা প্ৰশাসনে। আগন্তুক ৬০ দিনৰ বাবে লেহ জিলাত যিকোনো ধৰণৰ অনুমতিবিহীন সমদল, সমাৱেশ অথবা প্ৰতিবাদী কাৰ্যসূচীত তেওঁৰ অংশগ্ৰহণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি, আৰক্ষী বিষয়াসকলৰ ফালৰ পৰা ৱাংচুকৰ বিৰুদ্ধে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনোৱা হৈছিল। আৰক্ষীৰ অভিযোগ, অতীতত ৱাংচুকৰ কেইবাটাও কাৰ্যসূচীত জনতাক উচটনি দিয়াৰ চেষ্টা চলোৱাৰ ফলত জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটে ।
প্ৰশাসনিক নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, ভৱিষ্যতে ৱাংচুকে কোনো প্ৰতিবাদ, অনশন অথবা জনসমাৱেশৰ কাৰ্যসূচী গ্ৰহণ কৰিলে অঞ্চলটোৰ শান্তি-শৃংখলা আৰু স্বাভাৱিক পৰিস্থিতি পুনৰ বিঘ্নিত হোৱাৰ আশংকা আছে। কেৱল সেয়াই নহয়, ইয়াৰ ফলত আগন্তুক পৌৰসভা, পঞ্চায়ত আৰু ‘লাডাখ অটোনমাছ হিল ডেভেলপমেণ্ট কাউন্সিল’ (LAHDC)ৰ নিৰ্বাচনী প্ৰক্ৰিয়াও ব্যাহত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে ।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ১৬৩ নম্বৰ ধাৰা প্ৰয়োগ কৰি লেহ প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশ অনুসৰি, ৱাংচুকে এনে কোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব, যিয়ে জনশান্তি বিঘ্নিত কৰে অথবা নিৰ্বাচনী প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে।
আইনীভাৱে প্ৰত্যাহাৰ অথবা পৰিৱৰ্তন নকৰালৈকে এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈ আগন্তুক ৬০ দিনলৈ বলৱৎ থাকিব। ইয়াৰ উপৰি, প্ৰশাসনৰ ফালৰ পৰা সোঁৱৰাই দিয়া হৈছে যে, ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু লাডাখৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ অনুসৰি জিলাখনত ইতিমধ্যে আদৰ্শ নিৰ্বাচনী আচৰণবিধি (MCC) বলৱৎ কৰা হৈছে ।
উল্লেখ্য যে, অহা ২১ নৱেম্বৰত লাডাখত পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। আনহাতে, ৪ ডিচেম্বৰত হিল কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু প্ৰচণ্ড শীত আৰু তুষাৰপাতৰ বাবে এই সময়ছোৱাত লাডাখৰ প্ৰায় আধাসংখ্যক লোকেই আন ৰাজ্যলৈ গুচি যায়। এই যুক্তি দাঙি ধৰি নিৰ্বাচন পিছুৱাই দিয়াৰ দাবীত সৰৱ হৈ পৰিছে ৱাংচুক আৰু স্থানীয় নেতৃত্ব। শেহতীয়াকৈ লেহৰ এটা প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে ৱাংচুকক আঁতৰাই দিয়াৰ পিছতে প্ৰশাসনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।