Monday, 23 November 2026
লগইন

নাকত ড্ৰপ ল’লেই ঘূৰি আহিব নেকি স্মৃতি? মনৰ অসুখ ভাল কৰাৰ প্ৰতিষেধক তৈয়াৰ বিজ্ঞানীসকলৰ

কিদৰে ঘূৰাই আনিব পাহৰা স্মৃতি?

নিউজ ডেস্ক: নাকত ড্ৰপ দিলেই স্মৃতিশক্তি ঘূৰি আহিব নেকি? এলঝেইমাৰৰ জটিল গহ্বৰৰ পৰা ওলাই আহিব পাৰিব নেকি ৰোগী? এনে এক সম্ভাৱনাৰ কথাই কৈছে অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে। এইটো কোনো সাধাৰণ নাকৰ ড্ৰপ নহয়; গৱেষকসকলে এনে এক নেজেল স্প্ৰে’ প্ৰস্তুত কৰিছে যিটো আচলতে মেচেঞ্জাৰ আৰএনএ (mRNA) সমৃদ্ধ এক প্ৰতিষেধক। ক’ভিডৰ সময়তো মেচেঞ্জাৰ আৰএনএ-ৰ সহায়ত ভেকচিন বা টিকা তৈয়াৰ কৰা হৈছিল। মন আৰু মগজুৰ জটিল ৰোগ নিৰাময় কৰিবলৈ এতিয়া সেই একেটা পদ্ধতি ব্যৱহাৰ কৰিয়েই গৱেষকসকলে এই নাকৰ ড্ৰপবিধ তৈয়াৰ কৰিছে।

ডিমেনছিয়া বা স্মৃতিভ্ৰংশ আৰু এলঝেইমাৰৰ দৰে জটিল মানসিক তথা স্নায়বিক ৰোগ নিৰাময় কৰিবলৈ এনেধৰণৰ নাকৰ ড্ৰপ ব্যৱহাৰ কৰিব পাৰি বুলি গৱেষকসকলে দাবী কৰিছে। তেওঁলোকে জনাইছে যে এইটো কোনো সাধাৰণ ঔষধ নহয়, বৰঞ্চ এক বিশেষ ধৰণৰ লিপিড নেন'পাৰ্টিকল (lipid nanoparticle)। অৰ্থাৎ, ১ৰ পৰা ১০০ নেন'মিটাৰ আকাৰৰ অতি ক্ষুদ্ৰ কণা, যিবোৰক খালী চকুৰে দেখা পোৱা নাযায়।

অথচ এইবোৰৰ মাজতেই মেচেঞ্জাৰ আৰএনএ (mRNA) মেৰিয়াই ৰখা হৈছে। এনেকুৱা ড্ৰপ নাকত দিলে নেন’পাৰ্টিকলবোৰ শ্বাসনলীৰে ভিতৰলৈ সোমাই গৈ তাত ‘বিডিএনএফ’ (BDNF) নামৰ এবিধ গুৰুত্বপূৰ্ণ প্ৰ’টিন তৈয়াৰ কৰিব। এই প্ৰ’টিনবিধৰ কাম হ’ল মগজুৰ কোষবোৰ সুস্থ কৰি ৰখা আৰু স্নায়বিক সংযোগ ঠিক ৰখা। মগজুৰ ভাৰসাম্য বজাই ৰখাত এই প্ৰ’টিনবিধ অত্যন্ত কাৰ্যকৰী। ই স্নায়ুৰ সুৰক্ষাকৱচ হিচাপেও কাম কৰে।

শেহতীয়াকৈ বিজ্ঞানীসকলে লক্ষ্য কৰিছে যে, যিসকল লোকৰ স্মৃতিশক্তি ম্লান হৈ পৰিছে বা যিসকলৰ মগজুত আলঝেইমাৰৰ (Alzheimer's) দৰে ৰোগে বাহ লৈছে, তেওঁলোকৰ মগজুত এই প্ৰ’টিনৰ মাত্ৰা অতি কম থাকে। সাধাৰণ নাকৰ স্প্ৰে’ বা ঔষধৰ দ্বাৰা সেই অভাৱ পূৰণ কৰিব নোৱাৰি। কাৰণ, সাধাৰণ ঔষধৰ উপাদানসমূহ নাকৰ মিউকাছ মেমব্ৰেনত (শ্লৈষ্মিক আৱৰণ) অতি সোনকালে ভাঙি যায় আৰু মগজুলৈকে গৈ পাবই নোৱাৰে। কিন্তু এমআৰএনএ (mRNA) সমৃদ্ধ নেন’পাৰ্টিকেলে সেই বাধা অতিক্ৰম কৰি মগজুলৈ যাব পাৰে।

গৱেষকসকলে দাবী কৰিছে যে, পৰীক্ষাগাৰত নিগনিৰ ওপৰত পৰীক্ষা চলাই সফলতা লাভ কৰা হৈছে। মানুহৰ ওপৰত পৰীক্ষা চলাই দেখা গৈছে যে নাকত দিয়া এই ড্ৰপটোৱে আৰু অধিক দ্ৰুতগতিত কাম কৰে। গৱেষকসকলে আশা কৰিছে যে ড্ৰপটোৱে ভালদৰে কাম কৰিলে অনাগত দিনত ঔষধ বা বিপদজনক অস্ত্ৰোপচাৰৰ ওপৰত নিৰ্ভৰশীলতা কমিব। অতি সহজে স্মৃতিশক্তি ঘূৰাই অনাৰ ঔষধ মগজুলৈ প্ৰেৰণ কৰিব পৰা যাব। বয়সজনিত কাৰণত বা কোনো দুৰ্ঘটনাৰ পিছত স্মৃতিশক্তি কমি গ’লে এই ড্ৰপটোৰ জৰিয়তে সমস্যাটোৰ সমাধান হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
##bigupdate #newsupdate #health #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।