যি সময়ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ বাবে বিৰোধীৰ লগতে চিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই সময়তে এই পত্ৰই আন এক প্ৰশ্নৰ অৱতাৰণা কৰিছে ।
প্ৰাক্তন আমোলা বিষয়াসকলে পত্ৰৰ যোগে কয়, "একেটা আয়োগৰ অধীনতে কেন্দ্ৰত বিজেপিৰ শাসনত থকাৰ পাছতো হিমাচল প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, ঝাৰখণ্ড আৰু জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাজয়বৰণ কৰিছিল । বিজয়ী হ'লে কোনো আপত্তি নাথাকে । জিকিলে এটা ব্যৱস্থা সৎ ব্যৱস্থা আৰু হাৰিলে কেনেকৈ ৰিগিং হ'ব পাৰে ।"
পত্ৰখনত EVM আৰু বেলেট বাকচৰ সন্দৰ্ভত কয়,"পূৰ্বে বেলট বাকচ চুৰি হৈছিল, নিৰ্বাচনী হিংসাৰ হৈছিল আৰু বহু সমষ্টিত পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হৈছিল । কিন্তু বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাত পলিং এজেণ্ট, EVM ছিল কৰা, ষ্ট্ৰং ৰুমৰ সুৰক্ষা আৰু VVPAT সুক্ষ্ম সুক্ষ্মকৈ পৰীক্ষা কৰা হয় ।"
বিহাৰৰ নিৰ্বাচনৰ প্ৰসংগত তেওঁলোকে কয়,"বিহাৰত হোৱা বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে দ্বিতীয়বাৰৰ বাবে কোনো সমষ্টিত ভোটগ্ৰহণ কৰিবলগীয়া হোৱা নাছিল । ১৯৫১ চনৰ পিছত ভোটদাৰ হাৰ বৃদ্ধি পাইছিল । প্ৰশ্ন উত্থাপন কৰাটো প্ৰতিগৰাকী নাগৰিকৰে অধিকাৰ। কিন্তু প্ৰমাণ কৰাটো অভিযোগকাৰীৰ কৰ্তব্য ।"
SIR সম্পৰ্কে বিষয়াসকলে কয়,"বিহাৰত প্ৰায় ২২ লাখ মৃতু হোৱা ভোটাৰ আৰু ৭ লাখ ডুপ্লিকেট নাম চিনাক্ত কৰাৰ লগতে প্ৰায় ২১.৫ লাখ নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছিল । এখন অপৰিষ্কাৰ ভোটাৰ তালিকাই ভোটাৰক সুৰক্ষা নিদিয়ে । SIRৰ অধীনত সেই পুৰণি ব্যৱস্থা বন্ধ কৰিবলৈ সক্ষম হৈছে ।"
দেশবাসীলৈ লিখা পত্ৰখনত স্বাক্ষৰ আছিল প্ৰাক্তন বৈদেশিক সচিব কনৱাল চিবাল, প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া আৰ ডি কাপুৰ, সমীৰেন্দ্ৰ চেটাৰ্জী, গোপাল কৃষ্ণ, বিবেক ভাৰদ্বাজ আৰু নৱনীত সেহগল, প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱাৰ (IFS) বিষয়া ভাস্বতী মুখাৰ্জী আৰু প্ৰভু দয়াল আৰু প্ৰাক্তন ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) বিষয়া কে অৰবিন্দ ৰাও আৰু সৰ্বেশ চন্দ্ৰ ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।