নিউজ ডেস্ক: অ’চিআই কাৰ্ডধাৰী অভিনেতা ইমৰাণ খানে মুম্বাই আৰক্ষীয়ে জাৰি কৰা এটা জাননীক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব । এই জাননীখনত তেওঁক ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হৈছে । কাৰণ তেওঁ এটা ৰাজনৈতিক প্ৰদৰ্শনত অংশগ্ৰহণ কৰি নিয়ম উলংঘা কৰা বুলি অভিযোগ উত্থাপন হৈছে ।
৪৩ বছৰীয়া অভিনেতাগৰাকীয়ে তেওঁৰ অধিবক্তা জুলফিকাৰ মেমনৰ জৰিয়তে শুকুৰবাৰে বা সোমবাৰে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে । আবেদনৰ খচৰাত অভিনেতাগৰাকীয়ে "ভাৰত এৰা"ৰ এই নিৰ্দেশক "চৰম" বুলি অভিহিত কৰিছে আৰু যুক্তি দিছে যে বৰ্তমানৰ কোনো আইন বা সংবিধিবদ্ধ নিয়মৰ অধীনত এজন OCI কাৰ্ডধাৰীক শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰাত বাধা দিয়াৰ কোনো ব্যৱস্থা নাই ।
আবেদনখন দাখিল কৰাৰ পিছত, মুখ্য ন্যায়াধীশ মহেশ চন্দ্ৰ ত্ৰিপাঠী আৰু ন্যায়াধীশ অদ্বৈত শেঠনাক লৈ গঠিত এখন ডিভিজন বেঞ্চৰ সন্মুখত জৰুৰী শুনানিৰ বাবে ইয়াক উত্থাপন কৰা হ’ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, ১০ অক্টোবৰত মুম্বাইৰ আগষ্ট ক্ৰান্তি মৈদানত হোৱা এক আন্দোলনৰ সময়ত খানক কিছু সময়ৰ বাবে আটক কৰাৰ পিছতেই আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছিল । 'এছআইআৰ' ইছ্যুক কেন্দ্ৰ কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত ক’কৰচ্ছ জনতা পাৰ্টীয়ে কৰা প্ৰদৰ্শনৰ প্ৰতি সমৰ্থ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে এই ঐতিহাসিক স্থানত সমবেত হৈছিল ।
আৰক্ষীয়ে 'ইমিগ্ৰেচন এণ্ড ফৰীনাৰ্ছ এক্ট' (The Immigration and Foreigners Act) ৰ ধাৰা ৭ (২)(চি) আৰু ধাৰা ২৯ ৰ অধীনত থকা সংবিধানবদ্ধ ব্যৱস্থাসমূহ প্ৰয়োগ কৰাৰ পিছত অভিনেতা খানক দেশ এৰাৰ নিৰ্দেশ দিয়া হৈছিল । এই ধাৰাসমূহে চৰকাৰক বিদেশী নাগৰিকৰ চলাচলত বাধা আৰোপ কৰা আৰু তেওঁলোকক বাধ্যতামূলকভাৱে বহিষ্কাৰ কৰাৰ ক্ষমতা প্ৰদান কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।