Thursday, 05 November 2026
লগইন
ব্ৰেকিং

অভিনেতা ইমৰাণ খানলৈ সাময়িক সকাহ ন্যায়ালয়ৰ

২ নৱেম্বৰলৈ অপেক্ষা

নিউজ ডেস্ক : অভিনেতা ইমৰাণ খানলৈ সাময়িক সকাহ ন্যায়ালয়ৰ । তেওঁৰ বিৰুদ্ধে জাৰি কৰা 'ভাৰত ত্যাগ' জাননীৰ ওপৰত সাময়িক সকাহ লাভ কৰিছে অভিনেতাগৰাকীয়ে । চৰকাৰে বোম্বাই উচ্চ ন্যায়ালয়ক আশ্বাস দিছে যে পৰৱৰ্তী শুনানিৰ তাৰিখ অৰ্থাৎ ২ নৱেম্বৰলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ব।

অভিনেতা খান, এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক আৰু অভাৰচিছ চিটিজেন অৱ ইণ্ডিয়া (OCI) কাৰ্ডধাৰী । তেওঁ ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ (FRRO) ৰ এটা জাননীক প্ৰত্যাহ্বান জনাইছিল য'ত তেওঁক ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ।
জাননীখন জাৰি কৰা হৈছিল কিয়নো অভিনেতাজনে ১০ অক্টোবৰত এক প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । যিটো দিল্লীত ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল । য'ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু SIR ৰ অনিয়মৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ অংশগ্ৰহণ কৰিছিল ।

বিজেপি নেতা কিৰিট সোমাইয়াই আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল যে অভিনেতাজনে এজন আমেৰিকান নাগৰিক হোৱা স্বত্বেও প্ৰতিবাদত অংশ লৈছিল, যিটো নিয়ম উলংঘা আছিল। এই অভিযোগটো এফআৰআৰঅ' (FRRO) লৈ প্ৰেৰণ কৰা হৈছিল, যিয়ে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট, ২০২৫ (Immigration and Foreigners Act, 2025) ৰ অধীনত এখন দেশান্তৰকৰণৰ (দেপোৰ্তেশ্যন) জাননী জাৰি কৰিছিল। এই আইনৰ ধাৰা ৭-এ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ভাৰতত বিদেশীসকলৰ প্ৰৱেশ, প্ৰস্থান, উপস্থিতি বা চলাচল নিয়ন্ত্ৰণ, প্ৰতিবন্ধক বা নিষিদ্ধ কৰাৰ বাবে আদেশ, নিৰ্দেশ বা নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে।

৪৩ বছৰীয়া খানে ১৭ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু দাবী কৰিছিল যে তেওঁ কোনো ধৰণৰ সমাৱেশত অংশ লোৱা নাছিল আৰু প্ৰতিবাদৰ আয়োজকসকলৰ সৈতেও তেওঁৰ কোনো সম্পৰ্ক নাছিল। তেওঁ লগতে অভিযোগ কৰে যে এই জাননীখন "অবৈধ, স্বেচ্ছাচাৰী, বিপথগামী আৰু চৰম"।
##bigupdate #newsupdate #imrankhan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।