উল্লেখ্য যে, ভূমিকম্পটো ৭ প্ৰাবল্যৰ আছিল । ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভে (USGS) ৰ মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ নাগকুৰ পৰা প্ৰায় ১৯১ কিলোমিটৰ পূব-উত্তৰ-পূবত আছিল । উত্তৰ তিব্বতৰ এই অঞ্চলটো অতি কম জনবসতিপূৰ্ণ আৰু এক উচ্চ ভূখণ্ডত অৱস্থিত ।
USGS-এ ভূমিকম্পটোৰ গভীৰতা ভূপৃষ্ঠৰ পৰা ১৮ কিলোমিটৰ তলত বুলি অনুমান কৰিছে। নাগকু চহৰখন তিব্বতৰ ৰাজধানী লহাছাৰ পৰা ৩০০ কিলোমিটৰতকৈও অধিক উত্তৰত অৱস্থিত।
প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য অভিযান আৰম্ভ কৰিছে আৰু শুকুৰবাৰে পুৱা ভাগতেই জৰুৰীকালীন সাহায্য সামগ্ৰীসমূহ ভূমিকম্প বিধ্বস্ত অঞ্চলত গৈ পাইছে। চীনৰ চিনহুয়া নিউজে এক্স (X)-ত ভূমিকম্পই ধ্বংসলীলাৰ সন্দৰ্ভত লিখিছে, "বিভিন্ন সাহায্য সামগ্ৰীৰ ভিতৰত ১,০০০ টা ঘৰ, ৩,২০০ তকৈ অধিক তম্বু আৰু ২,৮০০ তকৈ অধিক জাপি থব পৰা বিছনা প্ৰদান কৰা হৈছে ।
নাগকু সংবাদ কোষে চহৰখনৰ চৰকাৰী বিষয়াসকলৰ উদ্ধৃতি দি জনোৱা মতে, অতি কমেও ৩৩৯ টা ঘৰ আৰু ২০ টা পশুধনৰ আশ্ৰয়স্থল ধ্বংস হোৱাৰ পিছত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে । উদ্ধাৰ কাৰ্যৰ বাবে ১,৬০০ জনতকৈও অধিক লোকক নিয়োজিত কৰা হৈছে ।
চিনহুয়াৰ মতে, ভূমিকম্পৰ ফলত হোৱা ভূমিস্খলনৰ (শিলাবৃষ্টি) বাবে স্থানীয় কৰ্তৃপক্ষই ৩১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ বন্ধ কৰিবলৈ বাধ্য হৈছে। বৰ্তমান উদ্ধাৰকাৰী দলসমূহে পথৰ ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ কাম চলাই থকাৰ বাবে কেৱল জৰুৰীকালীন, উদ্ধাৰকাৰী আৰু চৰকাৰী সাহায্য নিয়া বাহনসমূহকহে যাবলৈ অনুমতি দিয়া হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।