Wednesday, 25 November 2026
লগইন
ব্ৰেকিং

পাকিস্তানৰ হাতত পৰাস্ত ভাৰত! বেটছমেনসকলৰ ব্যৰ্থতাই মাতিলে পৰাজয়

পাকিস্তানৰ ওচৰত হাৰ মানিলে ভাৰতে

নিউজ ডেস্ক : এসময়ত ভাৰতৰ জয়ৰ আশা প্ৰায় শেষ হৈ গৈছিল। তেনে অৱস্থাতে সপ্তম উইকেটত দলৰ দায়িত্ব কান্ধ পাতি লৈছিল তিলক বৰ্মা আৰু শ্বাহবাজ আহমেদে। দুয়োজনে প্ৰাণপণ যুঁজ দি ১১২ ৰানৰ যুটিও বান্ধিছিল । কিন্তু তাৰ পিছতো কোনো লাভ নহ’ল। উদীয়মান তাৰকাসকলৰ এছিয়া কাপত পাকিস্তানৰ হাতত পৰাস্ত হ’ল ভাৰত।

পাকিস্তানে বান্ধি দিয়া ৩১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ২৬৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ফলত ৪৮ ৰানত পৰাজয় স্বীকাৰ কৰে ভাৰতীয় দলে। অথলে গ’ল তিলক বৰ্মাৰ শতৰানো।

পাকিস্তানৰ জয়ত উল্লেখযোগ্য ভূমিকা পালন কৰে হাছান নৱাজে। প্ৰথমে বেটিং কৰি চাপৰ মুখতো অনবদ্য ৭৯ ৰান তেওঁ সংগ্ৰহ কৰে । আনহাতে, বল হাতত লৈ ৪৫ ৰানৰ বিনিময়ত ভাৰতৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। জ্যেষ্ঠ দলৰ হৈ নিয়মীয়াকৈ খেলি অহা নৱাজৰ বাবে এনে চাপৰ পৰিস্থিতি নতুন নহয়। সেই অভিজ্ঞতাকেই এই মেচত খেলুৱৈগৰাকীয়ে সঠিকভাৱে কামত লগালে।

ভাৰতৰ পৰাজয়ৰ মূল কাৰণ আছিল বেটছমেনসকলৰ বেয়া শ্বট নিৰ্বাচন। বৈভৱ সূৰ্যবংশী, ৰিংকু সিং, সূৰ্যাংশ শ্বেডগে— সকলোৱে প্ৰয়োজনৰ সময়ত বেয়া শ্বট খেলি আউট হয়। যেতিয়া ক্ৰীজত ধৈৰ্য ধৰি টিকি থকাৰ প্ৰয়োজন আছিল, তেতিয়াই আক্ৰমণাত্মক শ্বট খেলিবলৈ গৈ উইকেট হেৰুৱাই আহিল তেওঁলোকে।

তথ্য অনুসৰি, কিছুদিন পূৰ্বেই অনূৰ্ধ্ব-১৯ এছিয়া কাপত কঠিন পৰিস্থিতিৰ পৰা জয় আজুৰি আনিবলৈ সক্ষম হৈছিল ভাৰতৰ কনিষ্ঠ দলটোৱে। কিন্তু তেওঁলোকতকৈ কিছু ডাঙৰ সতীৰ্থসকলে এইবাৰ তেনে প্ৰত্যাৱৰ্তন কৰিবলৈ ব্যৰ্থ হ’ল।

টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল পাকিস্তানে। আৰম্ভণি ভাল কৰিছিল দুই অপেনাৰ মাজ ছাদাকাত আৰু শামিল হুছেইনে। দুয়োজনে মিলি ৭.৫ অভাৰত ৬৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে হৰ্ষিত ৰাণাৰ সৈতে তৰ্কত লিপ্ত হয় হুছেইন। তাৰ পিছত তেওঁ মনোযোগ হেৰুৱাই পেলায়। কিছু সময়ৰ পিছতে ৰাণাৰ বলত আয়ুষ বাদোনিৰ হাতত কেচ তুলি দি আউট হয় তেওঁ। ইয়াৰ পিছতে ৰোহেল নাজিৰক আউট কৰি পাকিস্তানক চাপত পেলায় হৰ্ষিত ৰাণাই।

সেই অৱস্থাৰ পৰা পাকিস্তানৰ ইনিংছৰ দায়িত্ব কান্ধ পাতি লয় নৱাজ আৰু ছাদাকাতে। তৃতীয় উইকেটত দুয়োজনে মিলি ৫৪ ৰান যোগ কৰে। ইয়াৰ পিছতে সূৰ্যাংশে ছাদাকাতক (৫৯) আউট কৰে। চতুৰ্থ উইকেটত পাকিস্তানৰ অধিনায়ক আব্দুল ছামাদে নৱাজৰ সৈতে ৬৫ ৰানৰ যুটি বান্ধে। এটাৰ পিছত এটাকৈ উইকেট হেৰুৱালেও পাকিস্তানে প্ৰতিটো অভাৰতে ছয়তকৈ অধিক ৰান সংগ্ৰহ কৰি গৈছিল।

৩১সংখ্যক অভাৰত নৱাজৰ সৈতে হোৱা ভুল বুজাবুজিৰ ফলত ৰান আউট হয় আব্দুল ছামাদ। ৰিংকু সিঙৰ থ্ৰ’ৰ সহায়ত কুমাৰ কুশাগ্ৰই ছামাদক ৰান আউট কৰে। ইয়াৰ পিছত নৱাজৰ সৈতে পাকিস্তানৰ ইনিংছৰ দায়িত্ব কান্ধ পাতি লয় ফৰহান ইউছুফে।

৩৯সংখ্যক অভাৰত ৮২টা বলত ৭৯ ৰান সংগ্ৰহ কৰি আউট হয় নৱাজ। তেওঁৰ ইনিংছত আছিল ৫টা চাৰি আৰু ৪টা ছয়।

তেতিয়াও ৩০০ ৰানৰ সীমাৰ পৰা যথেষ্ট দূৰত আছিল পাকিস্তান। সেই দায়িত্ব কান্ধ পাতি লয় ফৰহান ইউছুফে। আক্ৰমণাত্মক বেটিঙেৰে অৰ্ধশতৰান সম্পূৰ্ণ কৰে তেওঁ। ৪৮টা বলত ৫৬ ৰানৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ২টা ছয়। আনহাতে, মহম্মদ ইমৰানে ১৪টা বলত ২৩ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ হৰ্ষিত, প্ৰিন্স যাদৱ, সূৰ্যাংশ আৰু বিপৰাজে দুটাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে, বেটিং কৰিবলৈ আহি আৰম্ভণিৰ পৰাই বিপদত পৰে ভাৰত। পূৰ্বৰ মেচখনৰ দৰেই আজিও যথেষ্ট লেহেমীয়াকৈ ইনিংছ আৰম্ভ কৰে বৈভৱে। স্বভাৱবিৰোধী শৈলীৰে খেলিবলৈ গৈ ১৩টা বলত মাত্ৰ ১১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেওঁ। আনহাতে, কোনো ৰান নকৰাকৈয়ে আউট হয় আয়ুষ। আনজন অ’পেনাৰ অভিষেকৰ সৈতে ক্ৰীজত যোগ দিয়ে তিলকে।

ভাৰতৰ চাপ হ্ৰাস কৰাৰ চেষ্টা কৰে অভিষেকে। পাকিস্তানৰ বলাৰসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক বেটিং কৰি দ্ৰুতগতিত ৰান সংগ্ৰহ কৰিবলৈ ধৰে তেওঁ। ৬টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৪২টা বলত ৭০ ৰান কৰি অভিষেক যেতিয়া পেভিলিয়নলৈ উভতি যায়, তেতিয়াও ভাৰতৰ স্ক’ৰ ১০০ ৰান অতিক্ৰম কৰা নাছিল। ইয়াৰ পিছতে তাচপাতৰ ঘৰৰ দৰে ভাগি পৰে ভাৰতৰ বেটিং অৰ্ডাৰ। এজনৰ পিছত এজনকৈ বেটাৰ পেভিলিয়নলৈ উভতি যাবলৈ ধৰে। ব্যৰ্থ হয় কুশাগ্ৰ (২), ৰিংকু (৬) আৰু সূৰ্যাংশ (৩)।

সেই সময়ত ভাৰতৰ স্ক’ৰ আছিল ১২৯/৬। খেলপথাৰত উপস্থিত ভাৰতীয় সমৰ্থকসকলে প্ৰায় সকলো আশাই এৰি দিছিল। কিন্তু যুঁজ এৰি দিয়া নাছিল শ্বাহবাজে। তিলকে আগৰে পৰাই ধীৰগতিত বেটিং কৰি যিমান পাৰি মেচখন আগুৱাই নিয়াৰ চেষ্টা চলাই আছিল। শ্বাহবাজেও প্ৰত্যাক্ৰমণৰ পথ বাছি লয়। বাকী বেটাৰসকলে যেনেদৰে সহজে নিজৰ উইকেট হেৰুৱাইছিল, সেই পথত খোজ দিয়া নাছিল শ্বাহবাজে। আক্ৰমণাত্মক বেটিং কৰিলেও খেলুৱৈগৰাকীৰ প্ৰতিটো শ্বটতে দেখা গৈছিল দায়িত্ববোধৰ পৰিচয়।

সপ্তম উইকেটৰ যুটিত তিলক আৰু শ্বাহবাজে ১১২ ৰান সংগ্ৰহ কৰে। কিন্তু আলি ৰাজাৰ বলত সামাদৰ হাতত কেচ তুলি দি শ্বাহবাজে বিদায় লোৱাৰ লগে লগে ভাৰতৰ জয়ৰ আশা শেষ হৈ পৰে। বিপৰাজ আৰু হৰ্ষিতে কোনো ৰানেই সংগ্ৰহ কৰিব নোৱাৰিলে। অৱশ্যে প্ৰিন্সে কিছু সময় ক্ৰীজত তিষ্ঠি থাকে। তেওঁক সংগী কৰি নিজৰ শতৰান সম্পূৰ্ণ কৰে তিলকে (১০০)। ইয়াৰ পিছতে আক্ৰমণাত্মকভাৱে খেলিবলৈ গৈ তিলকো আউট হয়।
##India A vs Pakistan A #Asia Cup Rising Stars 2026 #Pakistan A win

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।