Friday, 20 November 2026
লগইন

আগন্তুক IPL ত লক্ষ্ণৌৰ নেতৃত্ব কোনে দিব? ছৈয়দ মুস্তাক আলী ট্ৰফীৰ মেচৰ মাজতে এই কথা ফাদিল

IPL ত কোনে দিব লক্ষ্ণৌৰ নেতৃত্ব?

নিউজ ডেস্ক : ঋষভ পন্থক দিল্লী কেপিটেলছৰ হাতত বিক্ৰী কৰিছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। স্বাভাৱিকতেই আগন্তুক আইপিএলৰ বাবে নতুন অধিনায়ক বাছনি কৰিব লাগিব সঞ্জীৱ গোৱেংকাই। কোন হ’ব পাৰে লক্ষ্ণৌৰ নতুন অধিনায়ক? এই লৈ ক্ৰিকেট মহলত চলিছে জল্পনা-কল্পনা। তাৰ মাজতে এই সন্দৰ্ভত ইংগিত দিলে দিগ্বেশ ৰাঠীয়ে।

যোৱা দুটা ছিজনত লক্ষ্ণৌৰ নেতৃত্ব দিছিল পন্থে। এইবাৰ সৌৰভ গাংগুলীৰ প্ৰশিক্ষণত দিল্লী কেপিটেলছৰ হৈ খেলিব তেওঁ। পন্থৰ সলনি দিল্লীৰ পৰা কুলদীপ যাদৱক দলত অন্তৰ্ভুক্ত কৰিছে লক্ষ্ণৌৱে। অৱশ্যে তেওঁৰ অধিনায়ক হোৱাৰ সম্ভাৱনা নাই। তেন্তে গোৱেংকাৰ দলৰ পৰৱৰ্তী অধিনায়ক কোন হ’ব? এই লৈ একাধিক নাম চৰ্চালৈ আহিছে। দিল্লীৰ হৈ ছৈয়দ মুস্তাক আলী ট্ৰফীত খেলি থকাৰ মাজতে নতুন অধিনায়ক সন্দৰ্ভত ইংগিত দিছে দিগ্বেশ ৰাঠীয়ে।

তথ্য অনুসৰি, লক্ষ্ণৌৰ স্পিনাৰগৰাকীক সোধা হৈছিল, কোন হ’ব পাৰে লক্ষ্ণৌৰ অধিনায়ক? খেলৰ মাজতে দিগ্বেশে মাত্ৰ এটা শব্দৰে উত্তৰ দিছিল, ‘‘পুৰান’’। খেলি থকাৰ মাজতে দিগ্বেশে দিয়া এই উত্তৰৰ ভিডিঅ’টো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৱেষ্ট ইণ্ডিজৰ অভিজ্ঞ বেটাৰ নিকোলাছ পুৰানৰ অধিনায়ক হোৱাৰ সম্ভাৱনা আছে। ২০২৩ চনৰ পৰাই তেওঁ লক্ষ্ণৌৰ হৈ খেলি আহিছে। ২০২৫ চনৰ নিলামৰ পূৰ্বে ২১ কোটি টকা ব্যয় কৰি নিকোলাছ পুৰানক দলত ধৰি ৰাখিছিল সঞ্জীৱ গোৱেংকাই। পুৰান দলটোৰ অন্যতম জ্যেষ্ঠ খেলুৱৈ। তদুপৰি তেওঁ IPLত লক্ষ্ণৌৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ।

T-20 ক্ৰিকেটৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে বিবেচনা কৰা হয় পুৰানক। অধিনায়কত্ব কৰাৰো যথেষ্ট অভিজ্ঞতা আছে তেওঁৰ। ৱেষ্ট ইণ্ডিজৰ টি-২০ দলৰ অধিনায়ক হিচাপেও দায়িত্ব পালন কৰিছিল তেওঁ। ইয়াৰ উপৰি মেজৰ লীগ ক্ৰিকেটত এমআই নিউয়ৰ্ক আৰু ইণ্টাৰনেশ্যনেল লীগ টি-২০ত এমআই এমিৰেটছৰ অধিনায়কত্বও কৰিছে পুৰানে।

পুৰানৰ উপৰি লক্ষ্ণৌৰ দলত কেইবাগৰাকীও ক্ৰিকেটাৰ আছে, যিসকল অধিনায়কত্বৰ দাবীদাৰ। তেওঁলোক হৈছে মিচেল মাৰ্ছ, এডেন মাৰ্কৰাম, ছেম কাৰেন আৰু জছ ইংলিছ।

উল্লেখ্য যে, মাৰ্ছ বৰ্তমান অষ্ট্ৰেলিয়াৰ টি-২০ দলৰ অধিনায়ক। আনহাতে, মাৰ্কৰাম দক্ষিণ আফ্ৰিকাৰ অধিনায়ক। কাৰেনে আইপিএলত পঞ্জাব কিংছক নেতৃত্ব দিয়াৰ অভিজ্ঞতা অৰ্জন কৰিছে। ইয়াৰ উপৰি আইএল টি-২০ত ডেজাৰ্ট ভাইপাৰ্ছৰো তেওঁ অধিনায়ক আছিল। উল্লেখ্য যে এইবাৰেই ৰাজস্থান ৰয়েলছৰ পৰা ছেম কাৰেনক দলত অন্তৰ্ভুক্ত কৰিছে লক্ষ্ণৌৱে।
##bigupdate #newsupdate #sportsnews #digeshrathi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।