নিউজ ডেস্ক : টছৰ পিছতেই ভাৰতৰ প্ৰথম একাদশক লৈ প্ৰশ্ন উত্থাপন হৈছিল। দলত মহম্মদ ছিৰাজ আৰু ৰবীন্দ্ৰ জাদেজাৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ থকাৰ পাছতো কিয় তেওঁলোকক বহুৱাই ৰখা হৈছে, তাক লৈ প্ৰশ্ন উঠিছিল। ৭০ ৰানত ৫টা উইকেটৰ পতন ঘটাৰ পাছতো হেনৰি নিকলছ আৰু গ্লেন ফিলিপছৰ অপৰাজিত ১৭৩ ৰানৰ যুটিয়ে ৱেলিংটন টেষ্টৰ প্ৰথম দিনৰ শেষত সেই প্ৰশ্ন আৰু অধিক গুৰুতৰ কৰি তুলিলে।
ইয়াৰ পৰিণতিত প্ৰথম দিনটোতেই একপ্ৰকাৰ মুখ লুকুৱাবলৈ আৰম্ভ কৰিলে গৌতম গম্ভীৰে। দিনটোৰ খেলৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখীন হ’বলৈ পঠিয়াই দিয়া হ’ল বেটিং প্ৰশিক্ষক সীতাংশু কোটাকক।
তথ্য অনুসৰি, যশপ্ৰীত বুমৰাহৰ বাহিৰে ভাৰতৰ আন কোনো বলাৰকে বিশেষ প্ৰভাৱশালী যেন লগা নাছিল। শুভমন গিলৰ দলৰ বলিং আক্ৰমণক লৈ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। বিশেষকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ভাৰতৰ সন্মুখত জয়ৰ বাহিৰে বিশেষ কোনো বিকল্প নথকাৰ সময়ত।
বলিং আক্ৰমণক লৈ উত্থাপিত প্ৰশ্নৰ যথাযথ উত্তৰ দিব পাৰিলেহেঁতেন অধিনায়ক শুভমন গিল, প্ৰশিক্ষক গৌতম গম্ভীৰ অথবা বলিং প্ৰশিক্ষক মৰ্নি মৰ্কেলে। কিন্তু প্ৰথম দিনৰ খেলৰ অন্তত সাংবাদিকৰ সন্মুখীন হ’বলৈ পঠিওৱা হ’ল সীতাংশু কোটাকক।
প্ৰথম একাদশৰ পৰা মহম্মদ ছিৰাজক বাদ দিয়াক লৈ আৰম্ভণিতেই কোটাকক প্ৰশ্ন কৰা হয়। গম্ভীৰৰ সিদ্ধান্তৰ পক্ষতে থিয় দিলে বেটিং প্ৰশিক্ষকগৰাকীয়ে। কোটাকে কয়, ‘‘ছিৰাজৰ সৈতে কোনো অন্যায় কৰা হোৱা নাই। দল নিৰ্বাচনৰ সময়ত আমাৰ এনে অনুভৱ হৈছিল যে এইখন মেচৰ বাবে এয়াই হৈছে সৰ্বশ্ৰেষ্ঠ প্ৰথম একাদশ। ছিৰাজক বাদ দিয়াৰ সিদ্ধান্ত ভুল আছিল বুলি মই নাভাবোঁ। মাত্ৰ প্ৰথম দিনৰ খেলহে সমাপ্ত হৈছে। আমি কেৱল এদিনৰ কথা চিন্তা কৰি প্ৰথম একাদশ নিৰ্বাচন কৰা নাছিলোঁ। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ দিনৰ কথাও আমাৰ মনত ৰাখিবলগীয়া হৈছিল।’’
উল্লেখ্য যে, জাদেজাক দলত স্থান নিদি ৱাশ্বিংটন সুন্দৰক কিয় নিৰ্বাচন কৰা হ’ল? এই প্ৰশ্নৰ উত্তৰত কোটাকে কয়, ‘‘নিউজিলেণ্ডৰ স্বীকৃত বেটছমেনসকলৰ ভিতৰত চাৰিজনেই বাঁওহতীয়া। সেয়েহে আমি ৱাশ্বিংটনক অধিক অগ্ৰাধিকাৰ দিছোঁ। আমাৰ মতে, এইখন মেচৰ বাবে এয়াই হৈছে সম্ভাৱ্য শ্ৰেষ্ঠ বলিং আক্ৰমণ।’’
অংশুল কম্বোজৰ বলৰ গতিক লৈও প্ৰশ্ন উত্থাপন হৈছে। কম্বোজে প্ৰতি ঘণ্টাত ১২৬-১২৮ কিলোমিটাৰ বেগত বলিং কৰিছে। ৱেলিংটনৰ পিটচত টেষ্ট ক্ৰিকেটৰ বাবে এই গতি কিমান উপযুক্ত, তাক লৈও প্ৰশ্ন উঠিছে। এই ক্ষেত্ৰতো ৰক্ষণাত্মক উত্তৰ দিলে কোটাকে। তেওঁৰ ভাষ্য, ‘‘হয়, কম্বোজৰ তৃতীয়টো স্পেলতহে কেৱল বলৰ গতি কিছু কম আছিল। তেওঁ প্ৰতি ঘণ্টাত ১২৮ৰ পৰা ১৩০ কিলোমিটাৰ বেগত বলিং কৰিছে। কেইটামান বলৰ গতি ১২৬ কিলোমিটাৰ আছিল। সেয়া ঠিকেই আছে। ভালেই বলিং কৰিছে।’’
লগতে খেলুৱৈগৰাকীয়ে কয় যে, ‘‘আমাৰ দলত প্ৰসিদ্ধ কৃষ্ণৰ দৰে আক্ৰমণাত্মক মানসিকতাৰ বলাৰো আছে। আমি জানো যে তেওঁ কিছু বেছি ৰান দিয়ে। কিন্তু যেতিয়া তেওঁ উইকেট দখল কৰে, তেতিয়া তেওঁৰ প্ৰদৰ্শন সম্পূৰ্ণ বেলেগ হৈ পৰে। হয়, বলাৰে বেছিকৈ ৰান দিলে ভাল নালাগে, সেয়া ঠিক। কিন্তু মোৰ মতে, বিষয়টো ইতিবাচক দৃষ্টিভংগীৰে চোৱা উচিত।’’
নিউজিলেণ্ডক চাপত পেলোৱাৰ সুযোগ কিয় কামত লগাব পৰা নগ’ল? এই প্ৰশ্নৰ উত্তৰত কোটাকে যুক্তি দাঙি ধৰি কয়, ‘‘বতৰ ভাল আছিল। যথেষ্ট ৰ’দ আছিল। পুৱাৰ ভাগৰ আৰ্দ্ৰতা সোনকালেই শুকাই গৈছিল আৰু বেটিঙৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। চাপৰ মুখতো তেওঁলোকে ভাল বেটিং কৰিছে। তেওঁলোকক ইয়াৰ কৃতিত্ব দিব লাগিব। স্পিন বলিঙৰ বিৰুদ্ধেও তেওঁলোকে কোনো ধৰণৰ ৰিস্ক লোৱা নাছিল। অৱশ্যে নতুন বলত আমাৰ বেগী বলাৰসকলে অধিক কাৰ্যকৰী ভূমিকা পালন কৰিব পাৰিব।’’
প্ৰথম দিনৰ খেলৰ অন্তত নিউজিলেণ্ডৰ স্ক’ৰ ৫টা উইকেটৰ বিনিময়ত ২৪৩ ৰান। হেনৰি নিকোলছ ১১৩ ৰান আৰু গ্লেন ফিলিপছ ৯৪ ৰানত অপৰাজিত হৈ আছে। ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ যশপ্ৰীত বুমৰাহে ৫২ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰিছে। আকাশদীপে ৩৩ ৰান দি ১টা উইকেট লাভ কৰিছে। আনহাতে, অংশুল কম্বোজে ৫৭ ৰানৰ বিনিময়ত ১টা উইকেট দখল কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।